Logo
image

৫ খন ৰাজ্যৰ ৯২ ঠাইত চিবিআইৰ বিশেষ অভিযান

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ নৱেম্বৰ : অসমৰ অনলাইন ট্ৰেডিং কেলেংকাৰিৰ তদন্ত অধিক ক্ষীপ্ৰতৰ কৰি তুলিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আয়ে৷ অসমৰ ট্ৰেডিং প্ৰৱঞ্চকে কেৱল ৰাজ্যৰ সৰ্বসাধাৰণ বিনিয়োগকাৰীকেই নহয়, দেশৰ মুঠ ৫ খন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিনিয়োগকাৰীৰ পৰাও প্ৰৱঞ্চনাৰে কোটি কোটি টকা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে চি বি আইৰ তদন্তত৷ অসম চৰকাৰে ৪১টা ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰ চি বি আইলৈ হস্তান্তৰ কৰাৰ পাছতেই কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে দেশজুৰি এতিয়া অভিযান তীব্ৰতৰ কৰি তুলিছে৷ অনিয়ন্ত্ৰিত জমা আঁচনি নিষিদ্ধ আইন-২০১৯ৰ অধীনত ৰুজু হোৱা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ উক্ত ৪১টা পঞ্জীয়নভুক্ত গোচৰৰ ভিত্তিত ইতিমধ্যে চি বি আয়ে অসমসহ ৫ খন ৰাজ্যৰ ৯২টা স্থানত তালাচী চলায়৷ এই তালাচীত সংস্থাটোৱে ২৪টা মোবাইল ফোন, ১৮টা ডেস্কটপ, ৭ টা হাৰ্ড ড্ৰাইভ আৰু ১১টা লেপটপ জব্দ কৰিবলৈ সক্ষম হৈছে৷ এই অভিযানৰ জৰিয়তে চি বি আয়ে প্ৰৱঞ্চকসকলৰ ওচৰত ধন বিনিয়োগ কৰা লোকসকলৰো বহু তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলিও বিবৃতিযোগে সদৰি কৰিছে৷


লক্ষণীয়ভাৱে, অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ এটা গোচৰত চি বি আয়ে পশ্চিমবংগৰ শিলিগুৰিৰ পৰা গোপাল পাল নামৰ এটা পলাতক মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ গোপাল পালে এ জে আৰ এছ মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ নামত ৰাজ্যৰ শ শ গ্ৰাহকৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰি আত্মগোপন কৰিছিল৷ ধৃত গোপাল পালক ইতিমধ্যে গুৱাহাটীস্থ চি বি আইৰ বিশেষ আদালতত হাজিৰ কৰোৱাই নিজৰ জিম্মাত লৈছে তদন্তকাৰী সংস্থাটোৱে৷ ইয়াৰ পূৰ্বে অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ আন এটা গোচৰত ধুবুৰীৰ হালাকুৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীনেশ ৰায়কো গ্ৰেপ্তাৰ কৰিছিল চিবিআয়ে৷ ধুবুৰী জিলাৰ ধুবুৰী, গৌৰিপুৰ, গোলকগঞ্জ আৰু তামাৰহাট থানাত পঞ্জীয়নভুক্ত মুঠ ৬টা গোচৰৰ তদন্ত অব্যাহত ৰাখিছে চি বি আয়ে৷ ইফালে এটাৰ পাছত আন এটা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰাৰ সময়তে চি বি আইৰ তদন্তকাৰী বিষয়াৰ আইনী আসোঁৱাহৰ বাবে ইতিমধ্যে অম্লান বৰা, ৰঞ্জিত কাকতিৰ দৰে প্ৰৱঞ্চকে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিবলৈ সক্ষম হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে ইয়াৰ মাজতে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অনলাইন ট্ৰেডিং অপৰাধৰ গোচৰ চলোৱাৰ চি বি আইৰ কতৃৰ্ত্বক লৈয়ো গুৱাহাটী উচ্ছ ন্যায়ালয়ত প্ৰশ্ন উত্থাপন হৈছে৷ তদুপৰি চুমি বৰা, বিশাল ফুকন, স্ব›Ÿনীল দাস, তাৰ্কিক বৰাকে ধৰি একাংশ অভিযুক্তই এতিয়া জামিন বিচাৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হৈছে৷