Logo
image

ঝাৰখণ্ডত দুৰ্বাদল প্ৰচাৰ হিমন্তবিশ্বৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ নৱেম্বৰ : ‘ৰাজ্যখনৰ চুকে কোনে এতিয়াও বাবৰ জীয়াই আছে৷ সেইসকলক লঠিয়াই বাহিৰ কৰি দিয়াৰ সময় আহি গৈছে৷ ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণৰ বহু সাম্প্ৰদায়িক মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যখনৰ শাসনাধিস্থ দল ঝাৰখণ্ড  মুক্তি মৰ্চা, কংগ্ৰেছ, আৰ জে ডি আদিয়ে৷ উল্লেখ্য যে ১৩ নৱেম্বৰত ঝাৰখণ্ডত প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হোৱাৰ পাছত ২০ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হ’ব৷ বিজেপি দলে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ঝাৰখণ্ড নিৰ্বাচনত দলৰ সহঃ প্ৰভাৰীৰ দায়িত্ব অৰ্পণ কৰিছে৷ সেই সূত্ৰে দীঘলীয়া সময় ধৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মা ঝাৰখণ্ডত দলীয় প্ৰাৰ্থীৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে৷ কিন্তু মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ সভাত সাম্প্ৰদায়িক মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী ভাষণ মূলতঃ ঝাৰখণ্ডৰ মুছলমান লোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে৷ মুছলমানৰ ক্ৰমবৰ্ধমান জনসংখ্যাই স্থানীয় জনজাতীয় লোকৰ অস্তিত্বৰ প্ৰতি সংকটৰ সৃষ্টি কৰিছে৷


কিছু হেমন্ত ছোৰেন নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনত অনুপ্ৰৱেশকাৰী সকলৰ প্ৰতি সমৰ্থন আগবঢ়াই আহিছে৷–‘এনে ধৰণৰ বহু অভিযোগ নিজৰ ভাষণত উত্থাপন কৰি আহিছে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ ঝাৰখণ্ডৰ ১১ শতাংশ মুছলমান বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলিও দাবী কৰি আহিছে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ মুলতঃ ৰাজ্যখনৰ চাওতাল অধ্যুষিত অঞ্চলসমূহত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই হওক বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেই হওঁক সাম্প্ৰদায়িক মন্তব্য কৰা বুলি বিজেপি বিৰোধী দলসমূহে অভিযোগ কৰি আহিছে৷ ঝাৰখণ্ডৰ মাদ্ৰাছা সমূহৰ জৰিয়তে অনুপ্ৰৱেশকাৰী সকলক আধাৰ কাৰ্ড দি থকা বুলিও অভিযোগ কৰিছে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে নিৰ্বাচন আয়োগৰ ওচৰত দুবাৰকৈ অভিযোগ দাখিল কৰিছে চিটিজেনছ ফৰ জাষ্টিছ এণ্ড পিছ নামৰ সংগঠনটোৱে৷ নিৰ্বাচনী সভা সমূহত উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি অসমৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিৰ্বাচনী আচৰণ বিধি আৰু জনপ্ৰতিনিধিত্ব আইন ১৯৫১ ৰ বহু ধাৰা উলংঘা কৰা বুলি সংগঠনটোৱে অভিযোগ কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ সাম্প্ৰদায়িক ভাষণৰ দ্বাৰা ভোটাৰৰ মাজত আতংত, সাম্প্ৰদায়িক উত্তেজনা বিয়পোৱাৰ লগতে ধৰ্মৰ ভিত্তিত ভোটাৰক বিভাজিত কৰা বুলি বিজেপিয়ে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ কৰে৷ মুছলমান লোকক অনুপ্ৰৱেশকাৰী হিচাপে আখ্যা দি স্থানীয় হিন্দু আৰু আদিবাসীলোকৰ বাবে ভয়ৰ কাৰণ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷ বিজেপিয়ে অভিযোগ কৰা অনুসৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিজৰ নিৰ্বাচনী ভাষণত ঝাৰখণ্ডৰ যিবোৰ স্থানৰ নাম মুছলমানৰ নামৰ সৈতে জড়িত সেই নামসমূহ পৰিৱৰ্তনৰো প্ৰতিশ্ৰুতি দিছে যদি ৰাজ্যত বিজেপি চৰকাৰ ক্ষমতালৈ আহে৷