Logo
image

মানসিক চাপমুক্ত হ’বলৈ এইধৰণৰ খাদ্য খাওক

কৰ্মব্যস্ততাই হওক বা আন কোনো কাৰণতেই হওক, সকলোৰে মানসিক চাপ থাকে৷ কিন্তু মানসিক চাপ অত্যধিক হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷ অৱশ্যে, কিছুমান খাদ্য খায়ো অত্যধিক মানসিক চাপৰ পৰা পৰিত্ৰাণ পাব পৰা যায়–

১) মিঠা আলু : মানসিক চাপৰ এটা প্ৰধান কাৰণ হৈছে কোৰ্টিছোল হৰমনৰ ক্ষৰণ৷ মিঠা আলু বা ৰঙা আলুই এইবিধ হৰমনৰ ক্ষৰণ কমায়৷ ফলত মন ভালে থাকে৷

২) কণী : কণীত বিভিন্ন পুষ্টিকৰ উপাদান থাকে৷ তদুপৰি কণীত ক’লাইন নামৰ এবিধ উপাদান থাকে, যিবিধ উপাদানে মস্তিষ্ক শীতল কৰি ৰাখে৷ ফলত মন ভালে থাকে৷

৩) সামুদ্ৰিক মাছ : ছালমন বা এনে জাতীয় সামুদ্ৰিক মাছত প্ৰচুৰ পৰিমাণে ওমেগা-৩ আৰু ভিটামিন ‘বি’ থাকে৷ ফলত এনে মাছ খালে মানসিক চাপ কমে৷


৪) নহৰু : বিভিন্ন গৱেষণাই প্ৰমাণ কৰিছে যে নহৰুত থকা উপাদানসমূহে উদ্বেগ আৰু অৱসাদৰ পৰা মনক আঁতৰাই ৰাখে৷

৫) ব্ৰকলি : ব্ৰকলিত ছালফ’ৰাফেন নামৰ এবিধ উপাদান থাকে৷ ফলত ব্ৰকলি খালে মন শান্ত হৈ থাকে আৰু অৱসাদ কমে৷

৬) কাবুলী বুট : কাবুলী বুট অকল সোৱাদযুক্তই নহয়, ই মস্তিষ্কৰ বাবে সাংঘাতিক উপকাৰী৷ ইয়াত থকা এল-ট্ৰিপটোফান নামৰ উপাদানবিধে মন ভালে ৰখাত সহায় কৰে৷