Logo
image

ট্ৰাম্প কেবিনেটত কোন কোন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৬ নৱেম্বৰ : ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ ৫ দিনৰ ভিতৰতে কেবিনেট সতীৰ্থৰ সিংহভাগ আসন পূৰণ কৰিছে ড’নাল্ড ট্ৰাম্পে৷ অহা ২০ জানুৱাৰীত মাৰ্কিন ৰাষ্ট্ৰপতিৰূপে কাৰ্যভাৰ ল’বলগীয়া ট্ৰাম্পে তেওঁৰ ২.০ কাৰ্যকালৰ বাবে আশা কৰাতকৈ বেছ দ্ৰুতভাৱে সংগী নিৰ্বাচন কৰিছে৷ প্ৰথম কাৰ্যকালৰ দৰে এইবাৰ ট্ৰাম্পে দলৰ অভি: ৰাজনীতিকক কেবিনেট সতীৰ্থ হিচাপে নিৰ্বাচন কৰা নাই৷ বৰং ট্ৰাম্পে বাছনি কৰিছে তেওঁৰ প্ৰতি দায়বদ্ধ একাংশ নেতা-নেত্ৰীক৷ সন্দেহ নাই, ট্ৰাম্পৰ বাছনিত উঠা এই কেবিনেট সতীৰ্থৰ কেইবাজনো বিতৰ্কিত ব্যক্তি আৰু আন কেইজনমান সংশ্লিষ্ট মন্ত্ৰণালয় আৰু বিভাগৰ ক্ষেত্ৰত অনভি:৷ স্বাভাৱিকভাৱে ট্ৰাম্পৰ ২.০ ৰ টীমত আছে কেইবাগৰাকী সুন্দৰীও, যি অৱশ্যেই পাৰ কৰি আহিছে কঠিন কেৰিয়াৰ৷


এই পৰ্যন্ত ট্ৰাম্প কেবিনেটৰ সবাটোকৈ বিতৰ্কিত নামটো হৈছে ৰবাৰ্ট এফ কেনেডী জুনিয়ৰ৷ প্ৰাক্তন ৰাষ্ট্ৰপতি জন এফ কেনেডীৰ ভতিজাক কেনেডী জুনিয়ৰক দেশৰ স্বাস্থ্য মন্ত্ৰী হিচাপে নিৰ্বাচন কৰা হৈছে৷ ট্ৰাম্পৰ এই নিৰ্বাচনক লৈ দেশত ধুমুহাৰ সৃষ্টি হৈছে আৰু তেওঁৰ কাৰ্যকালত আমেৰিকাৰ স্বাস্থ্য বিভাগ ধবংস হ’ব বুলি সমালোচনা হৈছে৷ কিয়নো প্ৰাক্তন ৰাষ্ট্ৰপতি জন এফ কেনেডীৰ ভতিজাক আছিল ক’ভিড ভেকচিন বিৰোধী৷ ৭০ বছৰীয়া কেনেডী জুনিয়ৰে ক’ভিডৰ প্ৰতিষেধকৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল৷ তেনে মনোবৃত্তিৰ স্বাস্থ্যমন্ত্ৰীৰ সম্ভাব্য পদক্ষেপে মাৰ্কিন নাগৰিকক চিন্তিত কৰি তুলিছে৷ ট্ৰাম্পে প্ৰতিৰক্ষামন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে পিট হেগছেথক, যাৰ শেহতীয়া কেৰিয়াৰ আছিল ফক্স নিউজৰ ‘হ’ষ্ট’ অথবা অন্যাৰ্থত সাংবাদিক৷ অৱশ্যে তাৰ পূৰ্বে তেওঁ আছিল মাৰ্কিন সেনাবাহিনীৰ এজন কঠোৰ বিষয়া৷ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু ইজৰাইলৰ যুদ্ধৰ প্ৰেক্ষাপটত পিটৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ হ’ব৷ তেওঁ পূৰ্বে কোনো ৰাজনৈতিক পদ চম্ভলা নাছিল৷ কিন্তু পিট ট্ৰাম্পৰ প্ৰতি দায়বদ্ধ৷সেনাবাহিনীৰ লেফটেনেণ্ট কৰ্ণেল এগৰাকী মহিলাকো ট্ৰাম্পে ‘টীম’ত স্থান দিছে, যি একেধাৰে সুন্দৰীও আৰু কঠোৰো৷ তাৎপৰ্যপূৰ্ণভাৱে তেওঁ হিন্দু কিন্তু কোনো প্ৰকাৰে ভাৰত বংশোদ্ভব নহয়৷ অৱশ্যে তেওঁৰ নামটো ভাৰতীয়–তুলসী গেবাৰ্ড৷ মাতৃ হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হোৱাৰ বাবে তুলসী হিন্দু হৈ পৰিল নামে-কামে৷ তুলসী গেবাৰ্ড ৰাষ্ট্ৰীয় চোৰাংচোৱা বিভাগৰ সঞ্চালক৷ তেওঁৰ অধীনত থাকিব চি আই এ, এফ বি আই, প্ৰতিৰক্ষা চোৰাংচোৱা, সেনাবাহিনী-নৌবাহিনী-বায়ুসেনাবাহিনী তিনিও বিভাগৰ চোৰাংচোৱা, মহাকাশবাহিনী, গৃহ মন্ত্ৰণালয়, বৈদেশিক মন্ত্ৰণালয়, বিত্ত মন্ত্ৰণালয়সহ ১৮টা বিভাগৰ চোৰাংচোৱা৷ তুলসী হাৱাই মাৰ্কিন সেনাৰ লেফটেনেণ্ট কৰ্ণেল আছিল, যাৰ সম্প্ৰদায় ছামুৱা৷ তুলসী ৮ বছৰ ডেম’ক্ৰেট আছিল৷

কিন্তু ৰিপাব্লিকান দলত যোগদান কৰা তুলসীয়ে এইবাৰ নিৰ্বাচনী প্ৰচাৰত ট্ৰাম্পক আকৃষ্ট কৰিবলৈ সক্ষম হয়৷ ট্ৰাম্পৰ ‘টীম’ত আন এগৰাকী দক্ষ আৰু সুন্দৰী ৰাজনীতিক হৈছে ক্ৰিষ্টি নোৱেম, যিগৰাকীক ৰাষ্ট্ৰপতিয়ে ‘হ’মলেণ্ড ছিকিউৰিটী’ অৰ্থাৎ দেশৰ সুৰক্ষাৰ দায়িত্ব দিছে৷ ক্ৰিষ্টি আছিল ছাউথ ডাকোটাৰ গৱৰ্ণৰ৷ ৰাষ্ট্ৰসংঘলৈ স্থায়ী সদস্য হিচাপেও ট্ৰাম্পে এগৰাকী সুন্দৰী মহিলাকে প্ৰেৰণ কৰিছে৷ তেওঁ এলিছে ষ্টিফানিক৷ ট্ৰাম্পে ষ্টিফানিকৰ বিষয়ে কৈছে–‘এলিছে সুন্দৰী, কঠোৰ, দক্ষ, স্মাৰ্ট কূটনীতিক আৰু আমেৰিকা-ফাষ্টৰ্ ফাইটাৰ৷’ আনহাতে ট্ৰাম্পে প্ৰথমেই নিযুক্তি দিছিল ছুছি ৱাইলেছক হোৱাইট হাউছৰ ‘চীফ অৱ ষ্টাফ’ হিচাপে৷ ট্ৰাম্পৰ প্ৰচাৰ আৰু বিজয়ত এইবাৰ ছুছি আছিল অন্যতম ‘মাষ্টাৰমাইণ্ড৷’ ট্ৰাম্পে হোৱাইট হাউছৰ মুখপাত্ৰ হিচাপে ছুছিৰ নিৰ্বাচনী প্ৰচাৰৰ সংগী কেৰ’লিন নেভিটক দায়িত্ব দিব বুলি ব্যাপক প্ৰচাৰ চলিছে৷ ২৭ বছৰীয়া কেৰ’লিন কেৱল সুন্দৰীয়েই নহয়, অবিশ্বাস্য দক্ষতাৰে তেওঁ ‘বিউটি উইথ ব্ৰেইন’৷ ছুছি ৱাইলেছৰ সৈতে কেৰ’লিনক ট্ৰাম্পৰ প্ৰচাৰ আৰু বিজয়ৰ ‘টুইন মাষ্টাৰমাইণ্ড’ হিচাপে অভিহিত কৰা হৈছে৷ ট্ৰাম্পৰ বিত্তমন্ত্ৰীও মহিলা৷ লিণ্ডা মেকমোহনে চম্ভালিব আমেৰিকাৰ বিত্ত দপ্তৰ৷ড’নাল্ড ট্ৰাম্পৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হ’ব পূৰ্বৰ ফ্লৰিডাৰ অভি: ছিনেটৰ মাৰ্কো ৰুবিঅ’ই৷ আনহাতে ট্ৰাম্পে মেট গায়েটজক এটৰ্নী জেনেৰেল, জন ৰেটক্লিফক চি আই এৰ মুৰব্বী, মাইক ৱাল্টজক ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা, মাইক হাকাবিক ইজৰাইলৰ ৰাষ্ট্ৰদূত, টম হুমানক সীমান্তৰ ‘জাৰ’, ষ্টিভ উইটকফক মধ্য প্ৰাচ্যৰ বিশেষ দূত, লী জেলডিনক জলবায়ু সুৰক্ষা বিভাগ, উইলিয়াম মেকগিনলেক হোৱাইট হাউছৰ কাউন্সিল, ষ্টিফেল মিলাৰ আৰু ডান স্কেভিনক হোৱাইট হাউছৰ ডেপুটি চীফ অব ষ্টাফৰ দায়িত্ব দিছে৷