Logo
image

অকলশৰে থকা অৱস্থাত হাৰ্টএটেক হ’লে কি কৰিব

আজিকালি প্ৰায়েই বিভিন্নজনে হাৰ্ট এটেক হৈ অকাল মৃত্যুক সাৱতি ল’ব লগা হোৱা বুলি শুনা যায়৷ হাৰ্ট এটেক হোৱাৰ সময়ত কাষত কোনো নাথাকিলে মৃত্যু অৱধাৰিত৷ কিন্তু কিছু পদ্ধতি অৱলম্বনেৰে হাৰ্ট এটেক হোৱাৰ সময়ত অজ্ঞান হৈ পৰাৰ পৰা নিজকে ৰক্ষা কৰিব পৰা যায়৷

১) হাৰ্ট এটেক বা হূদৰোগৰ সমস্যা থাকিলে এনে পৰিস্থিতি চম্ভালিব পৰাকৈ মানসিকভাৱে প্ৰস্তুত থকা উচিত৷

২) যদি অনুভৱ কৰে যে আপোনাৰ হাৰ্ট এটেক হোৱা যেন লাগিছে বা হূদযন্ত্ৰই ঠিকমতে কাম কৰা নাই, অথবা শ্বাস-প্ৰশ্বাস বন্ধ হোৱা যেন লাগিছে তেন্তে বুজিব যে আপোনাৰ হাতত দহ ছেকেণ্ডমানহে সময় আছে৷ এইখিনি সময় অপচয় নকৰি লগে লগে সমস্যাৰ বিষয় কাৰোবাক জনাওক৷


৩) হাৰ্ট এটেক হোৱা যেন লাগিলে দীঘলীয়াকৈ উশাহ লওক, যাতে বায়ু হাওঁফাওঁৰ গভীৰলৈ সোমাব পাৰে৷

৪) এইবাৰ জোৰে কাহ মাৰক, ঠিক যেনেকৈ অতি বেছি ঠাণ্ডা লাগিলে, কফ উলিয়াই দিয়াৰ দৰে কাহে৷

৫) প্ৰতি দুই চেকেণ্ডৰ মূৰে মূৰে দীঘলীয়াকৈ উশাহ লওক৷ লগতে কাহি থাকিবলৈ নাপাহৰিব, যেতিয়ালৈকে অৱস্থা স্বাভাৱিক নহয়, তেতিয়ালৈকে এই পদ্ধতি অৱলম্বন কৰক৷

৬) দীঘলীয়াকৈ উশাহ লোৱাৰ ফলত হাওঁফাওঁত প্ৰচুৰ পৰিমাণে অক্সিজেনৰ প্ৰৱেশ ঘটিব৷ লগতে কাহি থকাৰ ফলত হূদযন্ত্ৰৰ ওপৰত প্ৰচণ্ড চাপ পৰিব৷ যিটোৱে তেজক পাম্প কৰিবলৈ সহায় কৰে৷ এই পদ্ধতিৰে হূদযন্ত্ৰৰ স্বাভাৱিক স্পন্দন উভতাই অনাত সহায় হয়৷ এই পদ্ধতি অৱলম্বন কৰিলে হাৰ্ট এটেক হ’লে জীৱন ৰক্ষা হোৱাত সহায় হ’ব পাৰে৷