Logo
image

গোচৰ ৰুজু, গ্ৰেপ্তাৰ হ’ব পাৰে ভাৰ্গৱ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১৮ নৱেম্বৰ : এজন ফুড ডেলিভাৰী বয়ৰ ওপৰত গুণ্ডাগিৰী কৰি বিপদত পৰিছে পানবজাৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা৷ যিকোনো মুহূৰ্তত পানবজাৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা মহানগৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পথ প্ৰশস্থ হৈ পৰিছে৷ ইতিমধ্যে মহানগৰ আৰক্ষীয়ে  পানবজাৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে পানবজাৰ থানাত এটা গোচৰ ৰুজু কৰিছে৷ ঘটনাৰ ৪২ ঘণ্টাৰ পিছত পানবজাৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে পানবজাৰ থানাত ৩২৫/২০২৪ নম্বৰৰ গোচৰ ৰুজু হৈছে৷ ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰা সন্নিবিষ্ট কৰি অ চি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে৷ ভুক্তভোগী জ্ঞানদীপ হাজৰিকাই পানবজাৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল৷ আনকি সচেতন নাগৰিক হিমাংশু গগৈ আৰু পলাশ ৰঞ্জন শৰ্মা নামৰ দুজনেও আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে গোচৰ তৰিছিল৷ যিকোনো মুহূৰ্তত পানবজাৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷


উল্লেখ্য যে, গুৱাহাটী কটন বিশ্ববিদ্যালয়ত অধ্যায়নৰত তথা ডেলিভাৰী বয় হিচাপে কৰ্মৰত জ্ঞানদ্বীপ হাজৰিকাক ৰাজপথত বৰ্বৰভাৱে আক্ৰমণ কৰা পানবজাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভাৰ্গভ বৰবৰাৰ বিৰুদ্ধে উত্থাপন হৈছে আন এক গুৰুতৰ অভিযোগ৷ পানবজাৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এটাৰ পাছত আনটো বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে৷ পানবজাৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই দিঘলীপুখুৰীপাৰত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোকক নিৰ্যাতন চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে৷  আনকি গোৱালপাৰাৰ এটি দৰিদ্ৰ পৰিয়ালে তুলিছে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বৰবৰাৰ বিৰুদ্ধে৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ নিলম্বনৰ পিছতেই ন ন তথ্য পোহৰলৈ আহিছে৷ গোৱালপাৰাৰ পৰিয়ালটোৰ অভিযোগ অনুসৰি ২০১৫ চনত তদানীন্তন গোৱালপাৰা চহৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই চহৰৰ পাহাৰতলীৰ লোহিত কছাৰী নামৰ যুৱক এজনক সুৰাসক্ত অৱস্থাত দেখি গোৱালপাৰা টাউন আৰক্ষীৰ লকআপত ভৰাই থৈ ওৰে নিশা মাৰপিট কৰিছিল৷ পাছত যুৱকজনৰ মৃতদেহ ৰহস্যজনকভাৱে পুৱা উদ্ধাৰ হৈছিল ব্ৰহ্মপুত্ৰৰ পাৰত৷ তাৰ পাছত পৰিয়াল তথা ৰাইজে লকআপত সুৰাসক্ত যুৱকজনক নিৰ্মম প্ৰহাৰ কৰি হত্যা কৰি ৰহস্যজনকভাৱে মৃতদেহ পেলাই দিয়াৰ অভিযোগ তুলি চহৰ আৰক্ষীৰ চকীৰ সন্মুখত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ কিন্তু সেই সময়ত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ প্ৰলোভনৰ আশ্বাসত ভোল গৈছিল দুৰ্ভগীয়া পৰিয়ালটো৷ অতিয়া পুনৰ ভুক্তভোগী পৰিয়ালটো আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷ মন কৰিবলগীয়া বিষয় যে, এগৰাকী শ্ৰমজীৱী মেধাৱী যুৱকক ৰাজপথতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি অসম আৰক্ষীৰ গৌৰৱময় ঐতিহ্যত কালিমা সনা আৰক্ষী বিষয়া বৰবৰাৰ অবিবেচকী কাণ্ডই ৰাজ্যজুৰি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ জনহিত-জনসেৱাৰ্থে নিয়োজিত অসম আৰক্ষী আজি ৰাইজৰ দৃষ্টিত হৈ পৰিছে বৰ্বৰ পোছাকধাৰী গুণ্ডা৷

শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত ফাঁচীবজাৰ জেল ৰোডত সাধাৰণ কথাতে উপৰ্যুপৰি জ্ঞানদীপ হাজৰিকা নামৰ যুৱকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত থকা ভাৰ্গৱ বৰবৰাই৷ আৰক্ষীৰ পোছাকত অহংকাৰত মত্ত হৈ পৰা বিষয়াগৰাকীয়ে যুৱকক প্ৰহাৰ কৰি নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিছিল৷ এটা কোম্পানীত ডেলিভাৰী এজেণ্ট হিচাপে কৰ্মৰত জ্ঞানদীপ হাজৰিকা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ৷ সৰুতেই পিতৃক হেৰুওৱা জ্ঞানদীপে মাতৃ তথা পৰিয়ালটোক সকাহ দিয়াৰ উদ্দেশ্যে ঘৰৰ অজ্ঞাতে নিজৰ পঢ়া খৰচ উলিয়াবলৈ ডেলিভাৰী এজেণ্টৰ কাম কৰিছিল৷ আনদিনাৰ দৰে সেইদিনাও কৰ্তব্যৰত অৱস্থাত আৰক্ষী বিষয়া ভাৰ্গব বৰবৰাৰ ৰোষত পৰে নিৰীহ যুৱকজন৷ তেওঁৰ দোষ মাথোঁ এটাই আছিল যে বিষয়াজনে ৰ’বলৈ কোৱা সত্ত্বেও তেওঁ গাড়ী চলাই গৈছিল৷ তাৰ পিছতে যুৱকজনৰ এই আচৰণত ক্ষুব্ধ আৰক্ষী বিষয়াজনে ডিঙিত ধৰি যুৱকজনক এখন ফাষ্টফুডৰ দোকানৰ সন্মুখত কেইবাটাও ঘোচা মুখমণ্ডলত শোধোৱাৰ লগতে মাৰি পেলাম তোক জাতীয় ভাবুকিৰে হত্যাৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছিল৷ অশ্ৰাব্য গালি-গালাজাৰে আৰক্ষী বিষয়াজনে জ্ঞানদীপ হাজৰিকাক প্ৰহাৰ কৰাৰ দৃশ্য নিমিষতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত তাৎক্ষণিকভাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক তৎকালে বলবৎ হোৱাকৈ নিলম্বন কৰাৰ লগতে বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়ে৷ অকল সেয়া নহয়, গুৱাহাটী আৰক্ষী আয়ুক্তক তৎকালীনভাৱে পাণবজাৰ থানাত নতুন অচি নিযুক্তি দিয়াৰো নিৰ্দেশ দিয়ে৷ আৰক্ষী সঞ্চালকপ্ৰধানৰ নিৰ্দশনাৰ পাছতে কালি গুৱাহাটী আৰক্ষী আয়ুক্তই ক্ষেত্ৰী আৰক্ষী থানাৰ অচি মনজিৎ তেৰাঙক পাণবজাৰ থানাৰ অচি ৰূপে নিযুক্তি দিয়ে৷ ইপিনে ঘটনাটোৰ পিছত কালি নিশাৰ পৰা প্ৰতিবাদমুখৰ হৈ পৰিছে কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজ৷ কটন ছাত্ৰ একতা সভাই আৰক্ষী বিষয়াজনে জ্ঞানদীপ হাজৰিকাৰ সৈতে কৰা দুৰ্য্যৱহাৰৰ পাছত পাণবজাৰ থানা ঘেৰাও কৰি একপ্ৰকাৰ আৰক্ষীক জবাবদিহি কৰি তোলে৷ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই ঘটনাটো সংঘটিত কৰা আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ বাবে দাবী জনাইছে৷ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ তন্ময় বৰুৱাই কয় যে অঅচি ভাৰ্গব বৰবৰাৰ এনে ব্যৱহাৰ আজি প্ৰথম নহয়৷

দীঘলীপুখুৰীপাৰৰ গছ কটাক লৈ ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তো বিতৰ্কিত অচিজনে যথেষ্ট দুৰ্ব্যৱহাৰ ছাত্ৰসকলক কৰিছিল৷ এগৰাকী উচ্ছ পদবীত থকা মানুহে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি এনেদৰে ৰাজহুৱা স্থানত এজন শ্ৰমজীবী ছাত্ৰক জধে-মধে প্ৰহাৰ কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীলৈ উপযুক্ত ব্যবস্থা গ্ৰহণৰ দাবী জনাই ছাত্ৰ একতা সভাই কয় যে ১৮ নৱেম্বৰৰ ভিতৰত চৰকাৰে এইক্ষেত্ৰত বিহিত ব্যৱস্থা ন’ললে অকল কটনৰ ছাত্ৰ সমাজেই নহয়, সমগ্ৰ ৰাজ্যৰ ছাত্ৰ সমাজে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব৷ আৰক্ষীৰ পোছাকযোৰৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি সাধাৰণ কথাতে এজন ছাত্ৰক এনেদৰে প্ৰহাৰ কৰা আৰক্ষী বিষয়াৰ প্ৰয়োজন অসম আৰক্ষীত নাই বুলি মন্তব্য কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই৷ তেওঁ কয় যে আৰক্ষীৰ পোছাকধাৰী এজন ব্যক্তিয়ে যিধৰণৰ বৰ্বৰ আচৰণ ছাত্ৰজনৰ প্ৰতি কৰিছে, সেয়া গৰিহণাৰ যোগ্য৷ আৰক্ষীৰ পোছাকত এনে বৰ্বৰ নিৰ্যাতন কোনো কাৰণতে সহ্য কৰিব নোৱাৰি৷ বিষয়াজনৰ এই কাণ্ডই সমগ্ৰ অসম আৰক্ষীক লজ্জানত কৰিছে৷ কিছুমান ঘটনা পাহৰণিৰ গৰ্ভত সোমাব দিব নোৱাৰি৷ কালিৰ আৰক্ষীৰ যি আচৰণ সেয়াই জনসাধাৰণৰ মনত আৰক্ষীৰ প্ৰতি থকা আস্থাত নিশ্চয়কৈ প্ৰভাৱ পেলাব৷ যি সময়ত চিলনী চোৰে মহানগৰবাসীক থৰকাছুটি হেৰুৱাইছে, সেয়া নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নোহোৱা আৰক্ষীৰ এনে দৃষ্টিকটু আচৰণে ৰাইজৰ মনত ক্ষোভ সৃষ্টি কৰাটো স্বাভাৱিক৷ এনে বৰ্বৰ আচৰণ কৰা আৰক্ষীৰ প্ৰয়োজন অসমত নাই৷ বিভাগীয় তদন্ত কোনো কাৰণতে যাতে লেহেমীয়া হ’ব নোৱাৰে, তাৰ প্ৰতিও আমি দৃষ্টি ৰাখিম৷ অভিযুক্ত আৰক্ষী বিষয়াজনক নিলম্বনেই নহয়, তৎকালীনভাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ মুখ্যমন্ত্ৰী আৰু ডিজিপিক দাবী জনাইছে আছুৰ সভাপতি উৎপল শৰ্মাই৷ কটন এলামনাই এছঅচিয়েচনৰ সভাপতি ড॰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী আৰু সাধাৰণ সম্পাদক জগদীশ দত্তই কালিৰ ঘটনাটোৰ সৈতে জড়িত বিষয়াজনক উচিত শাস্তি দিয়াৰ দাবী জনাই অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জিপি সিঙক আহ্বান জনাইছে৷ মুঠৰ ওপৰত আৰক্ষীৰ পোছাকযোৰৰ বলেৰে বলীয়ান হৈ পৰা বিতৰ্কিত বিষয়া ভাৰ্গব বৰবৰাৰ এই নিকৃষ্ট কাণ্ডই অসম আৰক্ষীৰ প্ৰতিজন সৎ বিষয়াকো লজ্জানত কৰিছে৷ ৰাজ্যজুৰি এতিয়া ৰাইজে মাঁথো বিচাৰিছে অকল নিলম্বন অথবা বিভাগীয় শাস্তিয়ে নহয়, চাকৰিৰ পৰা বিষয়া ভাৰ্গব বৰবৰাক বৰ্খাস্ত কৰি ৰাইজৰ হেৰুওৱা আস্থা পুনৰ ঘূৰাই আনক অসম আৰক্ষীয়ে৷