গুৱাহাটীৰ হোটেলত আত্মগোপন শ্বেখ হাছিনাৰ প্ৰভাৱশালী মন্ত্ৰীৰ!
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ নৱেম্বৰ : বাংলাদেশৰ গণ বিক্ষোভৰ পাছতেই প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰাণ ৰক্ষা কৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰিছে৷ এইবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সাক্ষাৎ কৰাৰ বাবে মেঘালয় সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি গুৱাহাটীৰ এখন হোটেলত আশ্ৰয় লৈছে বাংলাদেশৰ হাছিনা চৰকাৰৰ প্ৰভাৱশালী পথ পৰিবহণ মন্ত্ৰী তথা আৱামী লীগৰ সাধাৰণ সম্পাদক ওবাইদুল কোৱাদেৰ৷ বাংলাদেশৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ আশংকাত আৱামী লীগৰ শীৰ্ষ নেতাজনে ভাৰত-বাংলাদেশৰ নদী সীমান্তৰে মেঘালয়ত প্ৰৱেশ কৰি গুৱাহাটীত আত্মগোপনৰ তথ্য প্ৰকাশ পাইছে বাংলাদেশৰ সংবাদ মাধ্যমত৷ বিগত ৫ আগষ্টত ছাত্ৰ বিক্ষোভৰ পৰিণতিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি ভাৰতত আশ্ৰয় লৈছিল৷ শ্বেখ হাছিনাৰ পলায়নৰ পাছতেই প্ৰতিবাদকাৰী লক্ষ্য হৈ পৰা হাছিনা চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে আৱামী লীগৰ নেতাসকলো পলায়ন তথা আত্মগোপন কৰিবলৈ বাধ্য হৈছিল৷ ইয়াৰে বহু কেইজন নেতাক ভাৰত সীমান্তৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ তথা আটক কৰিবলৈ সক্ষম হৈছে বাংলাদেশ সেনা-আৰক্ষীয়ে৷ বাংলাদেশৰ অন্তঃৱৰ্তীকালীন চৰকাৰে আৱামী লীগৰ শীৰ্ষ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু মন্ত্ৰীসকলৰ বিৰুদ্ধে গণ হত্যাৰ গোচৰ ৰুজু কৰাৰ পাছতেই আত্মগোপন কৰিছিল দেশখনৰ পথ পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ওবাইদুল কোৱাদেৰে৷ সুদীৰ্ঘ তিনি মাহ ধৰি বাংলাদেশৰ বিভিন্ন স্থানত আত্মগোপন কৰি থকা প্ৰাক্তন মন্ত্ৰীজনে বিগত ৪ নৱেম্বৰত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বুলি চৰ্চা লাভ কৰিছে৷ আৱামী লীগৰ শীৰ্ষ নেতাজনে বাংলাদেশ ছিলেট সীমান্তৰে অবৈধভাৱে মেঘালয়ত প্ৰৱেশ কৰিছিল৷ ৮ নৱেম্বৰৰ মাজ নিশা ছিলেটৰ গোৱাইনঘাট উপ-জিলাৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল মন্ত্ৰী ওবাইদুলে৷
ভাৰতত অবৈধভাৱে প্ৰৱেশত প্ৰভাৱশালী চক্ৰই সহায় কৰিছিল প্ৰাক্তন মন্ত্ৰীজনক৷ ভাৰতলৈ পলায়নৰ পূৰ্বে মন্ত্ৰী ওবাইদুলে ছিলেট চহৰৰ ইছলামাপুৰৰ পূব আৱসিক এলেকা মাজটিলাৰ ‘৫০০ কোটিৰ ঘৰ’ নামেৰে জনাজাত বাংলোত আত্মগোপন কৰি আছিল৷ আত্মগোপন স্থানৰ পৰাই আৱামী লীগৰ সৰ্বোচ্ছ নীতি-নিৰ্ধাৰণ মঞ্চৰ শীৰ্ষ নেতৃত্ব আৰু এটা প্ৰভাৱশালী চক্ৰৰ সৈতে যোগাযোগ কৰি ভাৰতলৈ পলায়নৰ সম্পূৰ্ণ পৰিকল্পনা কৰিছিল৷ হাছিনা চৰকাৰৰ এসময়ৰ প্ৰভাৱশালী মন্ত্ৰীজনে ছিলেটত আত্মগোপনৰ খবৰ লাভ কৰি বাংলাদেশ আৰক্ষীয়ে মন্ত্ৰী ওবাইদুলৰ পত্নী ইছৰাতু নেছাৰ জ্যেষ্ঠ ভাতৃ নুৰুল হুদাৰ চিটাগঙৰ হালিশাহাৰৰ শান্তিবাগত থকা বাসগৃহতো তালাচী চলাইছিল৷ কিন্তু মন্ত্ৰী ওবাইদুলৰ সন্ধান নোপোৱাত বাংলাদেশ আৰক্ষীয়ে আত্মীয় নুৰুল হুদাকে গ্ৰেপ্তাৰ কৰি লৈ যায়৷ বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ছিলেট সীমান্তৰে মেঘালয়ত প্ৰৱেশ কৰি ২-৩ দিন মন্ত্ৰী ওবাইদুলে প্ৰথমে শ্বিলঙত আশ্ৰয় লৈছিল৷ মেঘালয়ৰ শ্বিলঙত আৱামী লীগৰ আন কেইবাজনো পলাতক নেতাক সাক্ষাৎ কৰিছিল মন্ত্ৰী ওবাইদুল কোৱাদেৰে৷ ইয়াৰ পাছতেই মন্ত্ৰীজনক গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়৷ বৰ্তমান গুৱাহাটীৰ এখন হোটেলত পৰিচয় গোপন কৰি বাহৰ পাতি আছে হাছিনা চৰকাৰৰ একালৰ প্ৰভাৱশালী পথ-পৰিবহণ মন্ত্ৰীজনে৷ বাংলাদেশৰ সংবাদ মাধ্যমে দাবী কৰা মতে– নতুন দিল্লীত থকা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে যোগাযোগ কৰিবলৈ সহজ হোৱাৰ বাবেই ওবাইদুল কোৱাদেৰে গুৱাহাটীত আশ্ৰয় গ্ৰহণ কৰিছে৷ অৱশ্যে, ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা মন্ত্ৰী ওবাইদুলে গুৱাহাটীৰ কোন হোটেলত পাতি আছে সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই৷ সম্প্ৰতি নতুন দিল্লীৰ এটা বিশেষ বাংলোত সুৰক্ষা বেষ্টনীৰ মাজত থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সীমান্তৰে অবৈধভাৱে প্ৰৱেশ কৰা মন্ত্ৰী ওবাইদুল কোৱাদেৰে কেনেকৈ যোগাযোগ কৰিব পাৰিব সেয়া সময়হে ক’ব৷ অৱশ্যে, বাংলাদেশ সংবাদ মাধ্যমে দাবী কৰাৰ দৰে যদি সঁচাকৈয়ে বাংলাদেশৰ মন্ত্ৰীজনে অবৈধভাৱে সীমান্ত পাৰ হৈ গুৱাহাটীত বাহৰ পাতিছে, তেনেহ’লে এই ঘটনাই বাংলাদেশী অনুপ্ৰৱেশৰ প্ৰকৃত ছবিখন উদঙাই দিয়াৰ লগতে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে৷