কিডনী ষ্টোনৰ সমস্যাত কেচা পিঁয়াজ খালে উপকাৰ পোৱা যায়
খাদ্যবস্তু অধিক সোৱাদ কৰিবলৈ পিঁয়াজ ব্যৱহাৰ কৰা হয়৷ কিন্তু জানি আচৰিত হ’ব যে পিঁয়াজ কেঁচাই কেঁচাই খালে অত্যধিক গৰম বা তাপ প্ৰৱাহৰ পৰাও পৰিত্ৰাণ পাব পৰা যায়৷ এই ক্ষেত্ৰত পিঁয়াজৰ জুছ প্ৰস্তুত কৰি খাব পাৰিলে অধিক উপকাৰ পোৱা যায়৷
পিঁয়াজৰ জুছ প্ৰস্তুত কৰিবলৈ হ’লে কেঁচা পিঁয়াজ প্ৰথমতে সৰু সৰুকৈ কাটি লওক৷ ইয়াৰ পাছত পিঁয়াজখিনি পিচি লৈ ৰস উলিয়াওক৷ এইবাৰ পিঁয়াজৰ ৰসৰ সৈতে কলা নিমখ, নেমু আৰু গুৰ মিহলাই লওক৷ ইয়াৰ সৈতে ভেনিলাও ব্যৱহাৰ কৰিব পাৰে৷ কিছুসময় আটাইখিনি ভালদৰে মিহলি কৰক৷ এইবাৰ গিলাচত বৰফৰ সৈতে ইয়াক জুছ হিচাপে পৰিৱেশন কৰক৷ এই জুছত পদিনা পাতো দিব পাৰে৷
পিঁয়াজৰ জুছৰ উপকাৰিতাঃ
(১) পিঁয়াজৰ ৰস বা জুছে যে অকল গৰম বা তাপ প্ৰৱাহৰ পৰা পৰিত্ৰাণ দিয়ে এনে নহয়৷ পিঁয়াজে স্মৃতিশক্তি ৰক্ষা কৰাতো সহায় কৰে৷ ইয়াত ওমেগা-৩ ফেটি এচিড থাকে৷ এইবিধ এচিডে শৰীৰ শীতল কৰি ৰাখে৷
(২) কিড্নীত ষ্টন হ’লে পিঁয়াজৰ জুছ খাব পাৰে৷ পিঁয়াজৰ ৰস চেনিৰ সৈতে মিহলাই খালে কিড্নীৰ ষ্টন আঁতৰে৷
(৩) চুলি সৰা সমস্যাৰ পৰা মুক্তি পাবলৈও পিঁয়াজৰ ৰস ব্যৱহাৰ কৰিব পাৰে৷ অত্যধিক চুলি সৰা আৰম্ভ হ’লে চুলিত পিঁয়াজৰ ৰস লগাওক৷
(৪) তাপ প্ৰৱাহৰ পৰা মুক্তি পাবলৈ যদি আপুনি পিঁয়াজৰ জুছ খাব বিচাৰে তেন্তে সৰু সৰু পিঁয়াজহে বাচি ল’ব৷
(৫) বয়সৰেখাৰ সমস্যা থাকিলে পিঁয়াজ খাব পাৰে৷ পিঁয়াজে শৰীৰত সহজে বয়সৰ ছাপ পৰিবলৈ নিদিয়ে৷