উক্তি-বক্ৰোক্তি
উন্নয়নৰ বিজয়৷ সু-শাসনৰ বিজয়৷ একগোট হৈ থাকিলে আমি আৰু উচ্ছতালৈ যাব পাৰিম৷ মহাৰাষ্ট্ৰৰ ভাই-ভনীসকললৈ মোৰ কৃতজ্ঞতা আৰু অভিনন্দন৷ এন ডি এক তেওঁলোকে এই বিপুল বিজয় দিয়াৰ বাবে মই সকলো মহাৰাষ্ট্ৰবাসীৰ ওচৰত কৃতজ্ঞ৷
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
মহাযুটিয়ে আদানিৰ সহায়ত জয়লাভ কৰিলে৷ তেওঁ বিজেপিৰ ‘লাডলা ভাই৷’ এয়া ৰাজ্যবাসীৰ জনাদেশ নহয়৷ আমি এই ফলাফলক মহাৰাষ্ট্ৰবাসীৰ জনাদেশ হিচাপে গ্ৰহণ কৰিব নোৱাৰোঁ৷ সিন্দে গোটে কেনেকৈ ৬০খন আৰু অজিত পাৱাৰে কেনেকৈ ৪০খন আসন পাব পাৰে? এই ফলাফলত বৃহৎ ষড়যন্ত্ৰ আছে৷
– এন চি পিৰ (শাৰদ পাৱাৰ) নেতা সঞ্জয় ৰাউত
মহাৰাষ্ট্ৰৰ ফলাফল হতাশাব্যঞ্জক৷ ৰাজ্যখনৰ ফলাফলৰ ক্ষেত্ৰত বিজয়ীসকলে ইভিএমৰ অনৈতিক সহায় লৈছে৷ মহাৰাষ্ট্ৰৰ নিৰ্বাচন পিছুৱাই দি বিজেপিয়ে সুযোগ ল’লে৷ লোকসভা নিৰ্বাচনত আমাৰ বিজয়ৰ শৃংখল বিধানসভাপৰ্যন্ত ৰক্ষা কৰিবলৈ নিদিয়াটো গভীৰ ষড়যন্ত্ৰ৷
– কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাতে
ইভিএমক লৈ আকৌ সন্দেহ হ’ল৷ মহাৰাষ্ট্ৰৰ নিৰ্বাচনী ফলাফল চাই সেই সন্দেহৰ উদ্ৰেক হৈছে৷ কিয় সদায় বেটেৰীত ৯৯ শতাংশ চাৰ্জ থকা ইভিএম ব্যৱহাৰ কৰা হয়? তাতে ৰহস্য লুকাই আছে৷
– বলীউডৰ অভিনেত্ৰী ছাৰা ভাস্কৰ
মই ২০১৯তে উদ্ধৱ থাকৰেক কৈছিলোঁ– ঢৌ আঁতৰি যোৱা দেখি পানীৰ কাষত ঘৰ নাবান্ধিবা৷ মই সাগৰ, পুনৰ উভতি আহিম৷ আজি পাঁচ বছৰৰ পূৰ্বে কোৱা মোৰ কথা সত্য হ’ল৷
– মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীশ
মহাৰাষ্ট্ৰৰ নিৰ্বাচনী ফলাফল আশ্চৰ্যকৰ৷ যোৱা লোকসভাত আমি ইমান ভাল ফলাফল কৰাৰ ৬মাহৰ পাছত একেখন ৰাজ্যৰ একেবোৰ ভোটাৰে এনেদৰে ভোট প্ৰদান কৰা বুলি কোনোবাই বিশ্বাস কৰিব পাৰিবনে?
– উদ্ধৱ থাকৰেৰ পুত্ৰ আদিত্য থাকৰে
মই ১৪৯ দিন কাৰাগাৰত আছিলোঁ৷ তেতিয়া অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচন আমাৰ দলৰ হৈ ‘ৱান মেন আৰ্মী’ৰ দৰে চম্ভালিছিল মোৰ পত্নী কল্পনাই৷ এইবাৰ বিধানসভা নিৰ্বাচনত আমি দুয়োজন থকাত আমাৰ শক্তি বাঢ়িছিল৷ আমি পৰিকল্পনা অনুসৰি আগবাঢ়িছিলোঁ; সেইমতেই ফলাফলো পালোঁ৷ বিজেপিৰ কথা কোনেও বিশ্বাস নকৰিলে৷ কিন্তু এইটো আছিল মোৰ জীৱনৰ আটাইতকৈ কঠিন নিৰ্বাচন৷
– ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন