Logo
image

১৩ ফেব্ৰুৱাৰীৰ পৰা উচ্ছতৰ মাধ্যমিক, ১৫ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৬ নৱেম্বৰ : হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ চলি থকা জল্পনা-কল্পনাৰ অৱসান ঘটাই অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিলে ২০২৫ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী৷ অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদ চামিল হোৱাৰ পাছত প্ৰথমবাৰলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা৷ ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাসূচী অনুসৰি অহা বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া পৰীক্ষা ৩ মাৰ্চত অন্ত পৰিব৷ সেই অনুসৰি ১৫ ফেব্ৰুৱাৰীৰ পুৱাবেলা অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা৷ ইংৰাজী পৰীক্ষাৰ এদিন বিৰতিৰ পাছতেই ১৭ ফেব্ৰুৱাৰীত হ’ব মাতৃভাষাযঐচ্ছিক ইংৰাজী বিষয়ৰ পৰীক্ষা৷ ২১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব সাধাৰণ গণিতৰ পৰীক্ষা৷ ২৪ ফেব্ৰুৱাৰীত সাধাৰণ বিজ্ঞান, ২৭ ফেব্ৰুৱাৰীত সমাজ বিজ্ঞান, ১ মাৰ্চত হিন্দী আৰু ৩ মাৰ্চৰ অন্তিম দিনা অনুষ্ঠিত হ’ব ঐচ্ছিক গণিত, ভূগোল, বুৰঞ্জী, সংস্কৃত, কম্পিউটাৰ বিজ্ঞান, বাণিজ্য, আৰবী, নেপালী আৰু হোম ছায়েন্সৰ ঐচ্ছিক বিষয়ৰ পৰীক্ষা৷


আনহাতে ২১ আৰু ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব মেট্ৰিকৰ ব্যৱহাৰিক পৰীক্ষা৷ পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই জানিবলৈ দিয়া অনুসৰি এইবাৰ ব্যৱহাৰিক পৰীক্ষা কেন্দ্ৰৰ পৰিৱৰ্তে নিজ নিজ বিদ্যালয়ত অনুষ্ঠিত হ’ব৷ বিদ্যালয়সমূহে পৰিষদৰ আৰ্হি প্ৰশ্নকাকত অনুসৰি ব্যৱহাৰিক পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত কৰিব লাগিব৷ এইবাৰৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব সৰ্বমুঠ ৪ লাখ ৩০ হাজাৰ পৰীক্ষাৰ্থী৷ ২০২৪ বৰ্ষৰ তুলনাত এইবাৰ প্ৰায় ৮ হাজাৰ পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে৷ আনহাতে পৰীক্ষা কেন্দ্ৰৰ সংখ্যাও পূৰ্বৰ তুলনাত নতুনকৈ ৩১ টা বৃদ্ধি পাইছে৷ অৱশ্যে এইবাৰৰ পৰীক্ষা ছাত্ৰ-ছাত্ৰীৰ বাবে কিছু কঠিন হ’ব৷ কিয়নো বিষয়নিষ্ঠ আৰু বস্তুনিষ্ঠ দুয়োখন প্ৰশ্নকাকতে পৰীক্ষাৰ্থীসকলে উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক৷ ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে নিৰ্ধাৰিত নম্বৰ লাভ কৰিব লাগিব৷ ইফালে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশৰ পাছতেই ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে সোমবাৰে ২০২৫ বৰ্ষৰ উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰে৷ সেই অনুসৰি উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ১৩ ফেব্ৰুৱাৰীত আৰম্ভ হৈ ১৭ মাৰ্চত অন্ত পৰিব৷ ১৩ ফেব্ৰুৱাৰীৰ পিছবেলা অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা৷ ১৪ ফেব্ৰুৱাৰীত সংগীত, ১৭ ফেব্ৰুৱাৰীত পদাৰ্থ বিজ্ঞান আৰু একাউণ্টেঞ্চী, ২১ ফেব্ৰুৱাৰীত ৰসায়ন বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞান, ২৪ ফেব্ৰুৱাৰীত জীৱ বিজ্ঞান আৰু বুৰঞ্জী, ২৫ ফেব্ৰুৱাৰীত কম্পিউটাৰ, ২৭ ফেব্ৰুৱাৰীত গণিত, ৰ মাৰ্চত ঐচ্ছিক বিষয় সংস্কৃত, ৩ মাৰ্চত মাতৃভাষা, চ্ছ্ৰ মাৰ্চত হোম ছায়েন্স, প্ত মাৰ্চত দৰ্শন, ৬ মাৰ্চত ফাইন আৰ্ট্‌ছ আৰু অৰ্থনৈতিক ভূগোল, জ্জ মাৰ্চত প্ৰাণী বিজ্ঞান ভূগোল, ৮ মাৰ্চত ঐচ্ছিক ভাষা, ১১ মাৰ্চত অৰ্থনীতি, ১২ মাৰ্চত পৰিসংখ্যা, ১৩ মাৰ্চত তাই ভাষা আৰু ১৭ মাৰ্চত ছ’চিঅ’লজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷