Logo
image

পাৰ্থত অষ্ট্ৰেলিয়াৰ দৰ্প চূৰ্ণ

নিউজীলেণ্ডৰ হাতত স্বদেশত অনুষ্ঠিত তিনিখন টেষ্টৰ শৃংখলাত হোৱাইট-ৱাশ্ব হোৱাৰ পাছত ভাৰতীয় ক্ৰিকেট দলটোক লৈ সংবাদ মাধ্যমে বিভিন্নধৰণৰ বাতৰি পৰিৱেশন কৰিছিল৷ ২০১৮-১৯ আৰু ২০২০-২১ চনৰ অষ্ট্ৰেলিয়া ভ্ৰমণত টেষ্ট শৃংখলা জয় কৰিলেও এইবাৰ তাৰ পুনৰাবৃত্তি সম্ভৱ নহ’ব বুলিয়েই মন্তব্য কৰিছিল ক্ৰিকেট পণ্ডিতসকলে৷ এনেধৰণৰো মন্তব্য কৰিছিল যে নিউজীলেণ্ডৰ বিৰুদ্ধে স্বদেশত দলটোৰ যি অৱস্থা হৈছিল, অনুৰূপ অৱস্থা হ’ব পাৰে অষ্ট্ৰেলিয়াতো৷ এনেধৰণৰ মন্তব্যবোৰ একেবাৰে উৰাই দিবপৰাবিধৰ আছিল বুলিও ক’ব নোৱাৰি৷ কিয়নো স্বদেশত ভাৰতীয় দলক পৰাস্ত কৰাটো যথেষ্ট কঠিন বুলিয়েই সকলো দেশৰ ক্ৰিকেটাৰে একেমুখে স্বীকাৰ কৰে৷ কিন্তু নিউজীলেণ্ডৰ বিৰুদ্ধে শেহতীয়া টেষ্ট শৃংখলাত ভাৰতে যিধৰণে মুখথেকেচা খাইছিল, তাৰ পাছত ভাৰতীয় ক্ৰিকেটাৰৰ দুৰ্বল দিশবোৰ স্পষ্ট হৈ পৰিছিল৷ স্বদেশত হোৱা এই বিপৰ্যয়ৰ পাছতো ভাৰতীয় দলে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ প্ৰথম টেষ্টত লাভ কৰিলে স্মৰণীয় জয়৷ বিগত দুটা দিনত ক্ৰিকেট বিশ্বত এই বিষয়টোক লৈ চলিছে ব্যাপক চৰ্চা৷ ভাৰতীয় দলৰ সন্মুখত কেংগাৰু বাহিনী যিধৰণে অসহায় হৈ পৰিছিল, সেয়া সকলোৰে বাবে আছিল অপ্ৰত্যাশিত৷ কিয়নো পাৰ্থ অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ বাবে এক দুৰ্গসদৃশ বুলিয়েই কোৱা হয়৷ নৱনিৰ্মিত অপ্টাছ ষ্টেডিয়ামত পূৰ্বে হোৱা চাৰিওখন টেষ্টতে অষ্ট্ৰেলিয়া জয়ী হৈছে৷২০১৮ চনৰ ডিচেম্বৰত এই ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাস্ত হৈছিল ১৪৬ ৰানত৷ পাৰ্থৰ পিট্‌চ মানেই গতি আৰু বাউন্স৷ স্বাভাৱিকতে এনে পিট্‌চত দেখা যায় পেচ বলাৰৰ আধিপত্য৷ এইবাৰো সেয়াই হৈছিল৷ প্ৰথম টেষ্টৰ প্ৰথম দিনটোতে পতন হৈছিল ১৭টা উইকেট; আটাইকেইটা উইকেটেই দখল কৰিছিল পেচ বলাৰে৷ এনে পিট্‌চত টছত জিকিপ্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ল’বলৈ প্ৰয়োজন যথেষ্ট সাহসৰ৷ নিয়মিত অধিনায়ক ৰোহিত শৰ্মাৰ স্থানত পাৰ্থ টেষ্টত ভাৰতীয় দলক নেতৃত্ব দিয়া যশপ্ৰীত বুমৰাই দেখুৱাইছিল সেই সাহস৷ টছত জিকি তেওঁ লৈছিল প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত৷ অষ্ট্ৰেলিয়াৰ পেচ আক্ৰমণৰ সন্মুখত নিৰস্ত্ৰ হৈ ১৫০ ৰানতে প্ৰথম ইনিংছ সামৰিলেও ভাৰতৰ পেচ বলাৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল বুমৰাৰ৷ সেইবাবেই ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰক মূল একাদশত নৰখাৰ সিদ্ধান্ত ল’ব পাৰিছিল তেওঁ৷ অশ্বিনৰ এই আত্মবিশ্বাস অথলে নগ’ল৷ নায়কোচিত প্ৰদৰ্শনেৰে অষ্ট্ৰেলিয়াৰ বেটিং তচনচ কৰি দিয়া যশপ্ৰীত বুমৰাই যোগ্য সহযোগিতা পাইছিল মহম্মদ ছিৰাজ আৰু টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ কৰা হৰ্ষিত ৰাণাৰ পৰা৷ অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছ সামৰিবলগীয়া হ’ল মাত্ৰ ১০৪ ৰানত৷ প্ৰথম ইনিংছত ৪৬ ৰানত সামান্য অগ্ৰগতি লাভ কৰাৰ পাছত দ্বিতীয় ইনিংছত ভাৰতীয় বেটাৰৰ যি অসাধাৰণ প্ৰদৰ্শন দেখা গৈছিল, সেয়া হয়তো অষ্টে˜লিয়ান ক্ৰিকেটাৰৰ কল্পনাৰো অগোচৰ৷ প্ৰথমবাৰৰ বাবে অষ্টে˜লিয়াত খেলা ২২ বছৰীয়া যশস্বী জয়ছোৱালে ১৬১ ৰানৰ দুৰ্দান্ত ইনিংছ খেলাৰ লগতে লোকেশ ৰাহুলৰ (৭৭) সৈতে প্ৰথম উইকেটত যোগ দিয়ে ২০১ ৰান৷ দীৰ্ঘদিন ধৰি স্বাভাৱিক ফৰ্ম ধৰি ৰাখিব নোৱৰা ‘কিং’ বিৰাট কোহলিয়েও গুৰুত্বপূৰ্ণ সময়ত সমালোচকৰ মুখ বন্ধ কৰি খেলিলে টেষ্ট কেৰিয়াৰৰ ৩০সংখ্যক শতক৷ ভাৰতে ছয় উইকেটত  ৪৮৭ ৰান সংগ্ৰহ কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰাৰ সময়তে খেলখনৰ ফলাফল কি হ’ব অনুমান কৰিব পৰা হৈছিল৷  অপেক্ষা আছিল কেৱল ভাৰতৰ জয়ৰ ব্যৱধান কি হ’ব তাক জানিবলৈ৷ ২৯৫ ৰানত জয়ী হৈ টীম ইণ্ডিয়া মনস্তাত্ত্বিক দিশত বহুখিনি আগুৱাই গ’ল৷ বৃদ্ধি পোৱা আত্মবিশ্বাসেৰে এতিয়া দলটো ৬-১০ ডিচেম্বৰত এডিলেইডত দ্বিতীয় টেষ্টত অৱতীৰ্ণ হ’ব৷ টীম ইণ্ডিয়াই পাৰ্থত অষ্ট্ৰেলিয়াৰ দৰ্প চূৰ্ণ কৰিলে৷ কিন্তু এয়া দলটোৰ আত্মতুষ্টিৰ সময় নহয়৷ ঘৰুৱা পৰিৱেশত অষ্টে˜লিয়াৰ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা কোনেও নুই কৰিব নোৱাৰে৷ সেয়েহে প্ৰথম টেষ্টত সংঘবদ্ধ খেলৰ যি এক দৃষ্টান্ত দেখুৱালে, পৰৱৰ্তী টেষ্টকেইখনতো তাৰ পুনৰাবৃত্তিৰে শৃংখলা নিজৰ দখলত ৰখাৰ চেষ্টা চলাব লাগিব৷ টীম ইণ্ডিয়াৰ প্ৰতিজন সদস্যই মনত ৰাখিব লাগিব যে দলটোৱে ক্ৰমাগত তৃতীয়বাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ সম্ভাৱনাও নিৰ্ভৰ কৰিব এই শৃংখলাটোৰ ওপৰতে৷