১৩ বছৰতে বৈভৱশালী হ’ল বিহাৰৰ বৈভৱ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ নৱেম্বৰ : যুৱৰাজ সিং আৰু আনকি শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে ৰঞ্জী ট্ৰফীত অভিষেক ঘটোৱা বিহাৰৰ ১৩ বছৰীয়া ক্ৰিকেটাৰ এইবাৰ চৰ্চাৰ কেন্দ্ৰত৷ বৈভৱ সূৰ্যবংশী নামৰ বিহাৰৰ এই ‘বালক’ ক্ৰিকেটাৰক ৰ কোটি ১০ লাখ টকা দি নিলামত ৰাজস্থান ৰয়েলছে ক্ৰয় কৰাৰ লগে লগে দেশৰ ক্ৰিকেট মহলত হৈ চৈ আৰম্ভ হৈছে৷ প্ৰশ্ন উঠিছে–কোন এই বৈভৱ সূৰ্যবংশী৷ ইণ্টাৰনেটৰ ছাৰ্চ ইঞ্জিন ব্যস্ত হৈ পৰিছে বৈভৱক লৈ৷ ১৩ বছৰীয়া আই পি এলৰ ‘বালক’ কোটিপটিক লৈ সকলো ব্যস্ত৷ সোমবাৰে ছৌডি আৰৱৰ জেড্ডাত আই পি এলৰ নিলামত বৈভৱক পাবলৈ জপিয়াই পৰিছিল দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছ৷ ৩০ লাখ টকাৰ ‘বেছ প্ৰাইচ’ থকা বৈভৱক অৱশেষত ৰ কোটি ১০ লাখত অৰ্জন কৰিলে ৰাজস্থানে৷ ১৩ বছৰ ২৪৩ দিন বয়সত আই পি এলত প্ৰৱেশ কৰি বিশ্বৰ সবাটোকৈ চহকী ক্ৰিকেট লীগখনৰ সৰ্বকনিষ্ঠ ক্ৰিকেটাৰত পৰিগণিত হ’ল বিহাৰৰ সমষ্টিপুৰৰ এই ‘বালক’ প্ৰতিভা৷দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছ দুয়োটা ফ্ৰেন্সাইজিয়েই ট্ৰায়েললৈ মাতিছিল বৈভৱক৷ ৰাজস্থানৰ ট্ৰায়েলত বৈভৱক এক ‘মেচ পৰিস্থিতি’ দিয়া হৈছিল, য’ত এটা অভাৰত তেওঁক স্ক’ৰ কৰিবলৈ কোৱা হৈছিল ১৭ ৰান৷ বৈভৱে প্ৰথম ৩ টা বলত ৩ টা ছিক্সাৰ মাৰি সেই লক্ষ্য পূৰণ কৰে আৰু আই পি এলৰ নিলামৰ বাবে শক্তিশালী ভিত্তি তৈয়াৰ কৰে৷ সোমবাৰে বৈভৱ হৈ পৰে আই পি এলৰ সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ৷
৫ ফুট ১১ ইঞ্চি উচ্ছতাৰ বৈভৱৰ বয়সক লৈ বিতৰ্কৰ সৃষ্টি হৈছে৷ কিন্তু সমষ্টিপুৰৰ কৃষক আৰু এখন হিন্দী দৈনিকৰ সংবাদদাতা পিতৃ সঞ্জীৱ সূৰ্যবংশী সেই বিতৰ্কক লৈ চিন্তিত নহয়৷ সঞ্জীবৰ দাবী, যেতিয়া ৮ বছৰ বয়সত তেওঁৰ পুত্ৰই অনূধবৰ্ ১৬ বছৰৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খেলিছিল, তেতিয়া বৈভৱে বি চি চি আইৰ অধীনত বয়সৰ পৰীক্ষা দিবলগীয়া হৈছিল৷ সেই পৰীক্ষাত উত্তীৰ্ণ হৈছিল বৈভৱ৷ এতিয়া পৰীক্ষা হ’লে পুনৰ দিবলৈ সাজু বৈভৱ৷ অৱশ্যে ছিনিয়ৰ দলত ৰঞ্জী আৰু এতিয়া আই পি এলত প্ৰৱেশ কৰা বৈভৱৰ বাবে বয়সৰ পৰীক্ষা অভিলেখৰ বাহিৰে অৰ্থহীন৷ পিছে এই পৰ্যায়লৈ আহিবলৈ ‘বালক’ বৈভৱে অধ্যবসায় কৰিবলগীয়া হৈছে, পিতৃয়ে বিক্ৰী কৰিবলগীয়া হৈছে মাটি৷ কৰিবলগীয়া হৈছিল অমানুষিক পৰিশ্ৰম৷মনোজ ওজাৰ জেন নেক্সট ক্ৰিকেট একাডেমীলৈ তেওঁ এদিন এৰি এদিন আহিছিল৷ কিন্তু যিদিনা আহিছিল, সেইদিনা নেটত ৫০০ বল খেলিছিল৷ একাডেমীৰ প্ৰশিক্ষণ এদিন খতি কৰাৰো কাৰণ আছিল৷ কিয়নো সমষ্টিপুৰৰৰ তাজপুৰৰ ঘৰৰ পৰা মনোজ ওজাৰ পাটনাৰ একাডেমীলৈ দুৰত্ব আছিল প্ৰায় ১০০ কিলোমিটাৰ৷ বৈভৱ সূৰ্যবংশী দেউতাক সঞ্জীৱ সূৰ্যবংশীৰ বাইকত উঠি আহিছিল৷ সেয়ে ৪ ঘণ্টামান সময় লাগিছিল৷ তেতিয়া বৈভৱ সূৰ্যবংশীৰ বয়স ৬ বছৰ৷ পুৱা ৪ টা বজাত যাত্ৰা আৰম্ভ হৈছিল আৰু জেন নেক্সট একাডেমীত সোমাওঁতে ৭ বাজিছিল৷ একাডেমীত সোমোৱাৰ পাছত বৈভৱ সূৰ্যবংশীৰ ৰ’বলৈ সময় নাছিল৷ মুহূৰ্ততে ‘পেড আপ’ কৰি নামি পৰিছিল নেটত৷ একেৰাহে ৫০০ মান বল নেটত খেলাৰ পাছতহে পেড খুলিছিল বৈভৱে৷ তাৰ পাছত ফিল্ডিং, কেচ প্ৰেকটিচ আৰু শেষত মেচ অনুশীলন৷ পাছলৈ দেউতাক সঞ্জীৱ সূৰ্যবংশীয়ে ওচৰৰ কেইজনমান বলাৰকো লৈ আহিছিল, যাতে বৈভৱৰ বেলেগ বেলেগ বলিং খেলাৰ প্ৰেকটিচ হয়৷ তেওঁৰ বাবে দৈনিক ইমানদূৰ অহাটো সম্ভৱ নাছিল৷ সেয়ে একেদিনাই বৈভৱ সূৰ্যবংশীয়ে নেটত খেলি দিছিল ৫০০টা বল৷ অৱশেষত সেই অধ্যৱসায়ে সুফল দিলে৷ ৮ বছৰ বয়সত বৈভৱে খেলিলে বিচিচিআইৰ ১৬ৰ অনূধবৰ্ মেচ আৰু অভিলেখ গঢ়ি ৰঞ্জী খেলিলে ১২ বছৰ ২৮৪ দিন বয়সত৷ সেয়া আছিল বিগত ৰঞ্জী ছিজন৷ বৈভৱৰ আগলৈকে সৰ্বকনিষ্ঠ ৰঞ্জী ক্ৰিকেটাৰ আছিল যুৱৰাজ সিং, যি ভংগ কৰিছিল শচীন তেণ্ডুলকাৰৰ অভিলেখ৷ কিন্তু বৈভৱ সূৰ্যবংশীয়ে দেশৰ দৃষ্টি কাঢ়িছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে য়ুথ টেষ্ট ছিৰিজত, য’ত তেওঁ ৬২ বলত ১০৪ ৰান স্কৰ কৰিছিল৷ তেতিয়া বৈভৱ সূৰ্যবংশীৰ বয়স আছিল ১৩ বছৰ ১৮৮ দিন৷ লগে লগে বৈভৱ হৈছিল ১৭০ বছৰীয়া প্ৰতিযোগিতামূলক ক্ৰিকেটৰ সৰ্বকনিষ্ঠ চেঞ্চুৰীয়ান৷ বাওঁহতীয়া বেটাৰ বৈভৱ সূৰ্যবংশীৰ হাতত আছে যুৱ ভাৰতীয় ক্ৰিকেটাৰৰ দ্ৰুততম শতক৷ ৫৮টা বলত কৰা বৈভৱ সূৰ্যবংশীৰ এই শতৰান বিশ্বৰ দ্বিতীয় দ্ৰুততম৷ এতিয়া অপেক্ষা আইপিএল আৰু বৈভৱৰ টীম ইণ্ডিয়াৰ অভিষেকলৈ৷ ৰাজস্থান ৰয়েলছে কৈছে– বৈভৱ তেওঁলোকৰ ‘জেকপট’৷