Logo
image

বিশাল-স্বপ্লনীল-তাৰ্কিকসহ ৫ অভিযুক্তক হাইক’ৰ্টৰ জামিন, মুক্তি পাব চুমিয়েও?

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ নৱেম্বৰ : অনলাইন ট্ৰেডিং কেলেংকাৰিৰ গোচৰত অৱশেষত সুদীৰ্ঘ ৭৫ দিন কাৰাবন্দিত্বৰ অন্তত জামিন লাভ কৰিবলৈ সক্ষম হ’ল কৰিঅ’গ্ৰাফাৰ, অভিনেত্ৰী চুমি বৰাৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাই৷ ডিব্ৰুগড় থানাত ৰুজু হোৱা গোচৰটোত তাৰ্কিক বৰাৰ লগতে বিশাল ফুকনৰো মঙলবাৰে জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰত উচ্ছ ন্যায়ালয়ে মঙলবাৰে দুটা পৃথক গোচৰত মুঠ ৫ জন অভিযুক্তৰ জামিন মঞ্জুৰ কৰাৰ বিপৰীতে ৩ জন অভিযুক্তৰ জামিন আবেদন নাকচ কৰে৷ জামিন লাভ কৰা অভিযুক্ত কেইটাৰ ভিতৰত অন্যতম হৈছে স্বয়ম্ভূ ট্ৰেডিং গুৰু স্বপ্লনীল দাস৷ সময় মতে তদন্ত সম্পূৰ্ণ কৰি অভিযোগনামা দাখিলত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আই ব্যৰ্থ হোৱাত উচ্ছ ন্যায়ালয়ে জামিন প্ৰদান কৰে স্বপ্লনীল দাসক৷ উল্লেখ্য, দিছপুৰ আৰক্ষীয়ে ৯৩৪/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি বিগত ৪ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিছিল ‘ট্ৰেডিং ফৰ এ লিডিং’ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী তথা স্বয়ম্ভূ ট্ৰেডিং গুৰু স্বপ্লনীল দাসক৷ স্বপ্লনীলৰ বিৰুদ্ধে এজন ব্যক্তিয়ে ২৪ লাখ টকা ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছিল৷ অসম আৰক্ষীৰ লগতে চি বি আয়ো স্বপ্লনীলক জিম্মাত লৈ জেৰা কৰিছিল যদিও নিৰ্ধাৰিত ৬০ দিনৰ ভিতৰত অভিযুক্তজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হোৱা নাছিল৷ ইয়াৰ বিপৰীতে চি বি আয়ে তদন্তৰ ম্যাদ বৃদ্ধিৰ কৌশল হিচাপে স্বপ্লনীলৰ বিৰুদ্ধে আই পি চি ৪০৯ ধাৰা আৰোপ কৰিছিল৷ অথচ আই পি চি আইন ইতিমধ্যে বাতিল হৈছিল৷


ফলত তদন্তকাৰী সংস্থাটোৱে শেহতীয়াকৈ বিগত ১১ নৱেম্বৰতো স্বপ্লনীলৰ বিৰুদ্ধে বি এ এছৰ ৩১৬ (৫) ধাৰা আৰোপ কৰিছিল৷ কিন্তু নিৰ্দিষ্ট ৬০ দিনৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰি অভিযোগনামা দাখিলত ব্যৰ্থ হোৱাত ৮৩ দিনৰ কাৰাবন্দিত্বৰ অন্তত স্বপ্লনীলৰ জামিন মঞ্জুৰ কৰে উচ্ছ ন্যায়ালয়ে৷ ইফালে ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা ৩৫২/২৪ নম্বৰৰ গোচৰটোৰ ভিত্তিত চি বি আয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত অভিযোগনামা দাখিলত ব্যৰ্থ হোৱাত ৮৪ দিনৰ অন্তত গুৱাহাটী উচ্ছ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে অভিযুক্ত বিশাল ফুকনৰ৷ দীঘলীয়া কাৰাবন্দিত্বৰ পৰিপ্ৰেক্ষিততে উচ্ছ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে বিশাল ফুকনক৷ বিশাল ফুকনৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীয়ে ট্ৰেডিঙৰ নামত ৫০-৬০ কোটি টকা প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছিল৷ একেটা গোচৰতে গ্ৰেপ্তাৰ কৰা বিশাল ফুকনৰ পাতি লোৱা বায়েক তথা কৰিঅ’গ্ৰাফাৰ চুমি বৰাৰ স্বামী তপন বৰা ওৰফে তাৰ্কিক বৰাৰো মঙলবাৰে জামিন মঞ্জুৰ কৰে উচ্ছ ন্যায়ালয়ে৷ আনহাতে ডিব্ৰুগড় থানাত ৰুজু হোৱা ৩৫২/২০২৪ নম্বৰৰ একেটা গোচৰতে গ্ৰেপ্তাৰ হোৱা অভিজিৎ চন্দাৰো জামিন মঞ্জুৰ কৰে উচ্ছ ন্যায়ালয়ে৷ অৱশ্যে, এই গোচৰটোত গ্ৰেপ্তাৰ হোৱা শুভনজ্যোতি কুৰ্মী আৰু চন্দন নাথ নামৰ অভিযুক্তদ্বয়ৰ জামিন আবেদন নাকচ কৰে উচ্ছ ন্যায়ালয়ে৷ ইফালে আজাৰা থানাত ৰুজু হোৱা ট্ৰেডিং প্ৰৱঞ্চনাৰ ১৮৪/২৪ নম্বৰৰ আন এটা গোচৰতো স্বাস্থ্যজনিত কাৰণত জীতেন ডেকা নামৰ ধৃত অভিযুক্তটোৰ জামিন মঞ্জুৰ কৰে উচ্ছ ন্যায়ালয়ে৷ অৱশ্যে আজাৰা থানাৰ একেটা গোচৰত গ্ৰেপ্তাৰ হোৱা সঞ্জীৱ ডেকা নামৰ আন এজন অভিযুক্তৰ জামিন নাকচ কৰে উচ্ছ ন্যায়ালয়ে৷ স্বাভাৱিকতেই এতিয়া ডিব্ৰুগড় থানাত ৰুজু হোৱা ট্ৰেডিং কেলেংকাৰিৰ গোচৰটোত মূল অভিযুক্ত বিশাল ফুকনে জামিন লাভ কৰাত একেটা গোচৰত গ্ৰেপ্তাৰ হৈ বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ন্যায়িক জিম্মাত থকা অভিনেত্ৰী চুমি বৰাৰো জামিন লাভৰ পথ প্ৰশস্ত হৈ পৰিল৷ ইতিপূৰ্বে চি বি আইৰ বিশেষ ন্যায়াধীশৰ আদালতে চুমি বৰাৰ জামিন নাকচ কৰিছে যদিও গোচৰটোৰ মূল অভিযুক্তজনে জামিন লাভ কৰাত সহ-অভিযুক্ত চেলিব্ৰিটী চুমি বৰাৰো জামিনৰ পথ মুকলি হোৱা বুলি আইনজ্ঞ মহলৰ মাজত চৰ্চা লাভ কৰিছে৷