
বিভিন্ন ভেশেৰে গুৱাহাটীত সোমাইছেহি অৰ্ধশতাধিক ডকাইত
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক,২৭ নৱেম্বৰ : মহানগৰ আৰক্ষীৰ জালত পৰা ৭ দুৰ্ধৰ্ষ ডকাইতৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি নতুন তথ্য উদঘাটন কৰিবলৈ সক্ষম হৈছে৷ বিভিন্ন ভেশেৰে গুৱাহাটীত প্ৰৱেশ কৰি অৰ্ধশতাধিক ডকাইতে নতুন নতুন কৌশল অৱলম্বন কৰি ডকাইতি কাৰ্য সংঘটিত কৰা বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত ধৰা পৰিছে৷ গুৱাহাটী মহানগৰ আৰক্ষীয়ে লাভ কৰিছে ৫০জনীয়া ডকাইতৰ দলৰ তালিকা৷ শেহতীয়াকৈ লতাশিল আৰক্ষীৰ জালত পৰা ৭দুৰ্ধৰ্ষ ডকাইতৰ স্বীকাৰোক্তিত এই তালিকাখন প্ৰস্তুত কৰি উলিয়াইছে৷ শাক-পাচলিৰ ব্যৱসায়ী, উৱেৰ চালকৰ ৰূপত গুৱাহাটীত বাহৰ পাতি ডকাইতৰ দলটোৱে মহানগৰীৰ বিভিন্ন স্থানত ডকাইতি কাণ্ড সংঘটিত কৰি আহিছে৷ আজি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই কথা সদৰী কৰে৷ দৰং, দলগাঁও, বৰপেটা আদিকে ধৰি বিভিন্ন স্থানৰ পৰা অহা ডকাইতৰ গেংটোৱে বাহৰপাতি চলিত বৰ্ষত মহানগৰীত ১৫টাৰো অধিক ডকাইতি কাণ্ড সংঘটিত কৰিছিল৷
এই ডকাইতৰ গেংটোৰ সদস্যসকলৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত হত্যা, লুটপাট আৰু ডকাইতিৰ গোচৰ ৰুজু হৈ আছে৷ শেহতীয়াকৈ লতাশিল আৰক্ষীৰ জালত পৰা সাতজনীয়া ডকাইতৰ গেংটোৱে গুৱাহাটীৰ উপৰিও বহিঃৰাজ্য কেৰেলা, তামিলনাডু, দিল্লী, পশ্চিমবংগ, জলপাইগুড়িকে ধৰি বিভিন্ন স্থানত ডকাইতি কৰাৰ কথা স্বীকাৰ কৰিছে৷ গুৱাহাটীৰ ক’ত কেনেকৈ ডকাইতি কৰিব তাৰ পৰিকল্পনা কৰে আবুবক্কৰ ছিদ্দিকি, লোকমান আলী আৰু ছাদেক আলীয়ে৷ উবেৰ চালক জয়নাল আবেদিনে গুৱাহাটীলৈ সদস্যসকলক মতাৰ পিছতে ডকাইতৰ দলটোৰে ছাইদুল ৰহমানৰ শাক-পাচলি কঢ়িওৱা বলেৰ পিকআপ ভানত দলগাঁও, ছিমাৰি আৰু বৰপেটাৰ পৰা নিশা ৯-১০ বজাৰ ভিতৰত গুৱাহাটীত উপস্থিত হৈ চালক জয়নালক গতাই দিয়ে উবেৰ চালক জয়নাল আবেদিনে গাড়ীত অস্ত্ৰ- শস্ত্ৰসহ সাত দুৰ্ধৰ্ষ ডকাইতেক লগত লৈ গুৱাহাটীৰ লক্ষ্য স্থানত উপস্থিত হয়৷ গুৱাহাটীৰ ক’ত কেনেকৈ ডকাইতি কৰিব তাৰ পৰিকল্পনা কৰে আবুবক্কৰ ছিদ্দিকি, লোকমান আলী আৰু ছাদেক আলীয়ে৷ আৰক্ষীৰ জেৰাত ধৃত সাত দুৰ্ধৰ্ষ ডকাইতে দিয়া স্বাকাৰোক্তিৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে গেংটোৰ সদস্যসকলক ধৰিবলৈ গুৱাহাটীকে ধৰি বৰপেটা, দৰং, বেছিমাৰী, দলগাঁৱত অভিযান অব্যাহত ৰাখিছে৷