Logo
image

সৰু-সুৰা সামগ্ৰী নহয়, ৰোলাৰো চুৰি হৈছে মহানগৰীত

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৮ নৱেম্বৰ : আপুনি মই-কল্পনা কৰাতকৈ চোৰে চুৰি কাৰ্যত কৌশল আৰু কৃত্ৰিম বুদ্ধিমত্তা বহু বেছি কৰা পৰিলক্ষিত হৈছে৷ সৰুসুৰা সামগ্ৰী নহয় ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত ৰোড ৰোলাৰো চুৰি হোৱা ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ খোদ আৰক্ষীয়েই বিশ্বাস কৰিব পৰা নাছিল চোৰৰ এই কাণ্ড দেখি৷ পিছে অৱশেষত আৰক্ষীৰ জালত পৰিল জ্ঝটাকৈ কুখ্যাত চোৰ৷ ফটাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এই বৃহৎ চোৰৰ গেংটোক৷ গেংটোৰ তিনিজনক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে ফটাশিল আমবাৰীৰ আৰক্ষীয়ে৷ আনহাতে শেহতীয়াই গেংটোৰ আন ৬ জনক বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ হাজো, দৰং, কলাইগাও, বাইহাটা আৰু বেলতলাৰ পৰা ৬টা কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷  আপুনি শুনি আচৰিত হ’ব যে এই চোৰৰ গেংটোৱে এইবাৰ চুৰি কৰিলে ৰাজপথ নিৰ্মাণ কাৰ্যত ব্যৱহৃত ৰোড ৰোলাৰ৷ এখন দুখন নহয়, তিনিখনকৈ ৰোড ৰোলাৰ চুৰি কৰিছে গেংটোৱে৷ ঠিকেই শুনিছে আপুনি৷ ৰাজপথৰ কাষত ৰখাই থোৱা ৰোড ৰোলাৰ মুকলিভাৱে চুৰি কৰিছিল এই কুখ্যাত চোৰৰ গেংটোৱে৷  এই গেংটোৱে নিশা হাইড্ৰা ভাৰা কৰি ট্ৰাকত ৰোড ৰোলাৰ উঠাই মুকলিভাৱে চুৰি কৰিছিল৷


এই কুখ্যাত গেংটোৱে গুৱাহাটীৰ তিনিটাকৈ স্থানৰ পৰা ৰোড ৰোলাৰ চুৰি কৰিছিল৷ প্ৰথমটো চুৰি ভৰলুমুখত, দ্বিতীয়টো চুৰি বিৰুবাৰীত আৰু তৃতীয়টো চুৰি কৰিছিল বি বৰুৱা কেন্সাৰ হাস্পাতালৰ সমীপত৷ ইয়াৰ ভিতৰত আৰক্ষীয়ে চোৰৰ গেংটোৰ পৰা এখন চুৰি ৰোড ৰোলাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷  পিছে আন দুখন ৰোলাৰ কাটি লোৰ ব্লক বনাই পেলালে গেংটোৱে৷ বৰ্ণিহাটৰ সত্যম মেঘা ডাম্পিঙত ৰোড ৰোলাৰ বোৰ কাটি লোৰ ব্লক বনাই চোৰৰ দলটোৱে৷ ডেম্পত এনে ৰোড ৰোলাৰ কটা হোৱাৰ পিছত গেংটোৱে লোহাৰ ব্লক বনাই অন্য এটা প্ৰতিষ্ঠানক বিক্ৰী কৰি আহিছিল আৰু সেই ব্লকবোৰৰ পৰা অন্য প্ৰতিষ্ঠানে প্ৰস্তুত কৰে টি এম টি বাৰ৷ ইয়াৰ উপৰিও চুৰি গেঙটোক সত্যম মেঘা ডাম্পিঙে ভুৱা পি ডব্লিউ ডি নথি পত্ৰ প্ৰস্তুত কৰি দিয়ে বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত ধৰা পৰিছে৷ এনেদৰেই এই চোৰৰ গেংটোৱে কোনেও ভাবিব নোৱাৰাকৈয়ে ৰাজপথৰ পৰা চুৰি কৰি আহিছিল বৃহৎ বৃহৎ আকাৰৰ ৰোড ৰোলাৰ৷  নিজকে ৰোলাৰৰ মালিক বুলি পৰিচয় দি মুকলিভাৱে চুৰি কৰি আহিছিল চোৰৰ গেংটোৱে৷ পিছে আৰক্ষীৰ সঠিক তদন্তৰ অন্তত অৱশেষত ফাদিল হ’ল ৰোড ৰোলাৰ চুৰি কাণ্ডৰ এই সমগ্ৰ ৰহস্য৷ প্ৰতিখন ৰোলাৰৰ বিনিময়ত এই গেংটোৱে লাভ কৰিছিল ১.৫ পৰা ২ লাখ টকা৷ এই গেংটোৰ সৈতে জড়িত আন ৪-৫ জন লোক এতিয়াও পলাতক হৈ আছে৷ আৰক্ষীৰ দাবী অতি শীঘ্ৰেই আৰক্ষীৰ জালত পৰিব পলাতক অভিযুক্তকেইজন৷ উল্লেখ্য যে, গুৱাহাটীৰ বিৰুৱাৰীত চুৰি হোৱা এজাহাৰৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে ইতিমধ্যে জ্ঝজন চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ একসপ্তাহ পূৰ্বে ট্ৰাকৰ মালিক পিয়াৰী যাদৱ, ড্ৰাইভাৰ মহম্মদ জাব্বৰ আলী আৰু ডেম্পৰ মেনেজাৰ দেৱকী নন্দন ডোগামাক গ্ৰেপ্তাৰ হৈছিল৷ আৰক্ষীয়ে কালি অভিযান চলাই গ্ৰেপ্তাৰ কৰা চোৰ কেইজন হৈছে আনছাৰ আলী, প্ৰবীন ডেকা, চামচুল আলী, জিতু বৰুৱা, চতু কুমাৰ, ভগৱান তালুকদাৰ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ২৭৪/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ 

ডকাইতৰ গেঙক লৈ মহানগৰ আৰক্ষীৰ বৰপেটা-ধুবুৰীত অভিযান

আমাৰ অসমৰ মহানগৰীৰ প্ৰতিবেদক : দুধৰ্ষ ডকাইতৰ গেঙক লৈ লতাশিল আৰক্ষীয়ে আজি বৰপেটা আৰু ধুবুৰীত অভিযান চলাই ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ বৰপেটা, ধুবুৰী, দৰং আৰু গোৱালপাৰাতো গেঙটোৰ সদস্য থকাৰ তথ্য লাভ কৰাৰ পাছতেই আৰক্ষীয়ে ডকাইত বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে৷ গেং অৱ চেভেন আৰক্ষীৰ জালত পৰাৰ পাছতে ৰেপিড’-উৱেৰ চালকৰ ৰূপত থকা ডকাইতৰ সদস্যই গুৱাহাটী এৰি পলায়ন কৰিছে৷ উল্লেখ্য যে,  মহানগৰ আৰক্ষীৰ জালত পৰা ৭ দুৰ্ধৰ্ষ ডকাইতৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি নতুন তথ্য উদঘাটন কৰিবলৈ সক্ষম হৈছে৷ বিভিন্ন ভেশেৰে গুৱাহাটীত প্ৰৱেশ কৰি অৰ্ধশতাধিক ডকাইতে নতুন নতুন কৌশল অৱলম্বন কৰি ডকাইতি কাৰ্য সংঘটিত কৰা বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত ধৰা পৰিছে৷  গুৱাহাটী মহানগৰ আৰক্ষীয়ে লাভ কৰিছে ৫০জনীয়া ডকাইতৰ দলৰ তালিকা৷ শেহতীয়াকৈ লতাশিল আৰক্ষীৰ জালত পৰা ৭ দুৰ্ধৰ্ষ ডকাইতৰ স্বীকোৰোক্তিত এই তালিকাখন প্ৰস্তুত কৰি উলিয়াইছে৷ শাক-পাচলিৰ ব্যৱসায়ী, উৱেৰ চালকৰ ৰূপত গুৱাহাটীত বাহৰ পাতি ডকাইতৰ দলটোৱে মহানগৰীৰ বিভিন্ন স্থানত ডকাইতি কাণ্ড সংঘটিত কৰি আহিছে৷ কালি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই কথা সদৰী কৰে৷ দৰং, দলগাঁও, বৰপেটা আদিকে ধৰি বিভিন্ন স্থানৰ পৰা অহা ডকাইতৰ গেংটোৱে বাহৰপাতি চলিত বৰ্ষত মহানগৰীত ১৫টাৰো অধিক ডকাইতি কাণ্ড সংঘটিত কৰিছিল৷ এই ডকাইতৰ গেংটোৰ সদস্যসকলৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত হত্যা, লুটপাত আৰু ডকাইতিৰ গোচৰ ৰুজু হৈ আছে৷ শেহতীয়াকৈ লতাশিল আৰক্ষীৰ জালত পৰা সাতজনীয়া ডকাইতৰ গেংটোৱে গুৱাহাটীৰ উপৰিও বহিঃৰাজ্য কেৰেলা, তামিলনাডু, দিল্লী, পশ্চিমবংগ, জলপাইগুড়িকে ধৰি বিভিন্ন স্থানত ডকাইতি কৰাৰ কথা স্বীকাৰ কৰিছে৷ গুৱাহাটীৰ ক’ত কেনেকৈ ডকাইতি কৰিব তাৰ পৰিকল্পনা কৰে আবুবক্কৰ ছিদ্দিকি, লোকমান আলী আৰু ছাদেক আলীয়ে৷ উবেৰ চালক জয়নাল আবেদিনে গুৱাহাটীলৈ সদস্যসকলক মতাৰ পিছতে ডকাইতৰ দলটোৰে ছাইদুল ৰহমানৰ শাক-পাচলি কঢ়িওৱা বলেৰ পিকআপ ভানত দলগাঁও, ছিমাৰি আৰু বৰপেটাৰ পৰা নিশা ৯-১০ বজাৰ ভিতৰত গুৱাহাটীত উবেৰ চালক জয়নাল আবেদিনে গাড়ীত অস্ত্ৰ- শস্ত্ৰসহ সাত দুৰ্ধৰ্ষ ডকাইতেক লগত লৈ গুৱাহাটীৰ লক্ষ্য স্থানত উপস্থিত হয়৷ গুৱাহাটীৰ ক’ত কেনেকৈ ডকাইতি কৰিব তাৰ পৰিকল্পনা কৰে আবুবক্কৰ ছিদ্দিকি, লোকমান আলী আৰু ছাদেক আলীয়ে৷ আৰক্ষীৰ জেৰাত ধৃত সাত দুৰ্ধৰ্ষ ডকাইতে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে গেংটোৰ সদস্যসকলক ধৰিবলৈ গুৱাহাটীকে ধৰি বৰপেটা, দৰং, বেছিমাৰী, দলগাঁৱত অভিযান অব্যাহত ৰাখিছে৷