Logo
image

দীপ্তিময়ীৰ ৰেকৰ্ড

বঙাইগাঁও বিধানসভা সমষ্টিত হোৱা উপ-নিৰ্বাচনৰ ফলাফলে এটা নতুন ৰেকৰ্ড স্থাপন কৰিলে৷ এই সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা প্ৰাৰ্থী নিৰ্বাচিত হ’ল৷ ইয়াৰ বাবে নিশ্চয় বঙাইগাঁও বিধানসভা সমষ্টিৰ ভোটাৰসকল ধন্যবাদৰ যোগ্য বুলি বিবেচিত হৈছে৷ বঙাইগাঁও বিধানসভা সমষ্টিত অভিলেখ স্থাপন কৰা এই মহিলাগৰাকী হৈছে দীপ্তিময়ী চৌধুৰী৷ শ্ৰীমতী চৌধুৰীৰ এই অভিলেখ সৃষ্টিকাৰী বিজয়ত সবাতোকৈ আনন্দিত হৈছে তেওঁৰ সহযোগী মহিলাসকল৷ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত দেখিবলৈ পোৱা ভিডিঅ’ ক্লিপবোৰত বিজয়িনী চৌধুৰীৰ চিন্তাক্লিষ্ট মুখৰ বিপৰীতে তেওঁৰ আশে-পাশে থকা মহিলাখিনিয়ে আনন্দত উত্ৰাৱল হৈ নাচি-বাগি থকা দেখিবলৈ পোৱা গ’ল৷ তেওঁলোকে অবতৰত বিহু নাচিলে, ফাঁকুৱা খেলিলে, শোভাযাত্ৰা কৰিলে আৰু সপ্ৰতিভ হৈ সাংবাদিকৰ আগত মনৰ আনন্দ প্ৰকাশ কৰিলে৷ সমষ্টিটোত সুদীৰ্ঘ কালৰ পুৰুষৰ প্ৰতিনিধিত্বৰ পৰিৱৰ্তে মহিলা প্ৰাৰ্থীক পাই তেওঁলোকে কৰা আনন্দ-উৎসৱৰ নিশ্চয় যুক্তিযুক্ততা আছে৷ এই কথা মানি লোৱাৰ পাছতো কিন্তু অন্য এটা কথা ক’বই লাগিব যে তেওঁলোকৰ টুলুঙা আনন্দ-উৎসৱৰ প্ৰকাশে নিৰ্বাচনী ফলাফলটোৰ যি অভিলেখ, তাক অজ্ঞাতভাৱেই তুচ্ছ-তাচ্ছিল্য কৰি পেলাইছে৷ তেওঁলোকে বিজয়িনী শ্ৰীমতী চৌধুৰীৰ চকু-মুখৰ ভাষা পঢ়িব পৰা নাই৷ এক ৰেকৰ্ড ভংগকাৰী ফলাফল, অথচ প্ৰাৰ্থীৰ চকু-মুখ ভাবলেশহীন; তাত নাই বিজয়ৰ আনন্দ অথবা অভিলেখ স্থাপনৰ গৌৰৱ৷ কেইবাটাও সাক্ষাৎকাৰত তেওঁ সাংবাদিকৰ মুখলৈ চাই কথা কোৱা নাই৷ তাৰ অৰ্থ এইটো নহয় যে তেওঁ মূৰ তুলি, চকুলৈ চাই কথা নকয়৷ এই জড়তা, এই বিমূঢ়তাৰ কাৰণ অনুমান কৰিবলৈ নিশ্চয় কাৰো অসুবিধা নহয়৷ কিয়নো, বঙাইগাঁও বিধানসভা সমষ্টিৰ অভিলেখ ভংগ কৰাগৰাকী হৈছে বৰপেটা সংসদীয় সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নীহে৷ দীপ্তিময়ী চৌধুৰীৰ একমাত্ৰ পৰিচয়, যিটো ইণ্টাৰনেটত খুঁচৰি খুঁচৰি পোৱা যায়, সেইটো হৈছে বঙাইগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক, যি ১৯৮৩ চনৰ পৰা অবিৰতভাৱে বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল, তেওঁৰেই পত্নী৷ ভাৰতৰ ৰাজনীতিত এইটোৱেই ঘটি আহিছে৷ প্ৰক্সি-প্ৰতিনিধিত্ব৷ পৰিয়ালৰ মহিলাসকলে পুৰুষৰ প্ৰক্সি দিবলগীয়া হয় পৰিস্থিতি সাপেক্ষে৷ যিদৰে কিছুমান পৰিয়ালত ইচ্ছা থাকিলেও ছোৱালীক কিছুমান ক্ষেত্ৰলৈ ওলাই যাবলৈ দিয়া নহয়, তেনেদৰে, বিপৰীত স্থিতিত মহিলাগৰাকীৰ ইচ্ছা, যোগ্যতা, আকাংক্ষা আদিৰ কথাত মূল্য নিদি পৰিয়ালৰ পুৰুষৰ ইচ্চা মতেই মহিলাগৰাকীকো ৰাজনীতিত জড়িত কৰোৱা হয়৷ তাত কোনো কোনো ব্যতিক্ৰমী মহিলা থাকে যদিও বেছিভাগেই পুতলা নাচৰ পুতলাৰ দৰে অংগী-ভংগী কৰি থাকে আৰু আঁৰৰ পৰা পুৰুষজনে ৰছীৰে নিয়ন্ত্ৰণ কৰি থাকে৷ আমাৰ পঞ্চায়তীৰাজ ব্যৱস্থাত যে মহিলা প্ৰতিনিধিসকল আছে, তেওঁলোকৰ বেছিভাগৰেই এই বিড়ম্বনা৷ ই এক দুৰ্ভাগ্যজনক স্থিতি৷ ই বন্দিত্বৰ অন্য এক ৰূপ৷ শ্ৰীমতী চৌধুৰীৰ চকু-মুখত সেই অসহায়তা ফুটি ওলাইছে৷ মিছাৰ আশ্ৰয় নোলোৱাকৈ তেওঁ কৈয়েই দিছে যে বিধানসভালৈ যোৱাৰ কথা সপোনতো ভবা নাছিল বুলি৷ সাংবাদিকে যেতিয়া ভৱিষ্যৎ পৰিকল্পনাৰ কথা সুধিছে, শ্ৰীমতী চৌধুৰীয়ে ‘বহুতো পৰিকল্পনা আছে’ বুলি পাকৈত-চতুৰ নেতাৰ দৰে উত্তৰ নিদি কৈছে, একো পৰিকল্পনা এতিয়ালৈ কৰাই হোৱা নাই৷ নোহোৱাৰেই কথা, কিয়নো গোটেই খেলখন হৈছে ফণীভূষণ চৌধুৰীক লৈ৷ সমষ্টিৰ দুৰ্গ নিজৰ হাতত অক্ষুণ্ণ ৰখাৰ হাবিয়াস নি(য় দলীয় নেতৃত্ব তথা ক্ষমতাত থকা মূল মিত্ৰদলৰ নেতৃত্বৰ দ্বাৰাও সমৰ্থিত আছিল৷ আসন দখলৰ বাবে বিগত চাৰিটা দশকৰ কৌশলো সলাবলগীয়া হোৱা নাছিল, যিহেতু নিজৰ ঘৰৰ মাজতেই অংকটো কৰা হৈছিল৷ কথাবোৰ সকলোৱে মানি লোৱা নাছিল৷ অসন্তুষ্ট হৈ শৈলেন সৰকাৰ, বিজয় সিন্‌হাকে ধৰি অনেকেই দলত্যাগ কৰিছিল৷ তথাপি, জয়ী হ’ল শ্ৰীমতী চৌধুৰী৷ নতুন ৰেকৰ্ড কৰিলে, অথচ, তেওঁ হাঁহিব পৰা নাই৷ পৰিকল্পনাৰ কথা ক’ব পৰা নাই, কাৰণ, ‘ছাৰ’ৰ লগত আলোচনা কৰাৰ সময় হোৱা নাই; শ্ৰীমতী চৌধুৰীয়ে সাংবাদিকক উত্তৰ দিছে, ‘ছাৰ’ৰ পাৰ্লিয়ামেণ্ট আছে, দিল্লীলৈ যাবগৈ, গতিকে কি কি কাম কৰিব, সেইবোৰ কথা পতাৰ সময় নহ’লেই৷ গতিকে, এয়াই ৰেকৰ্ড, এয়াই অভিলেখ৷ মুখত ফাঁকুৱা সানি, কঁকালত পাক দি ‘আমি মহিলা বিধায়িকা পাইছোঁ’ বুলি যিমানেই বিহু নানাচক কিয়, ‘ছাৰে’ নোকোৱালৈ শ্ৰীমতী চৌধুৰীৰ গাৰ নোম লৰচৰ নহয়৷ ভাৰতৰ ৰাজনীতিত এনে ক্ষমতাৰ মোহান্ধ ‘স্বামী’ আৰু অসহায় ‘ৰোল প্লেয়াৰ’ পত্নীৰ দৃষ্টান্ত অনেক৷ এইবোৰেই ভাৰতৰ ৰাজনীতিত মহিলাৰ স্থিতিৰ প্ৰকৃত ছবিখন ধূসৰ কৰি থৈছে৷