Logo
image

কোহলিক অভিনন্দন ইংলেণ্ডৰ ফুটবল তাৰকা হেৰী কেনৰ

নতুন দিল্লী,  ৪ জুনঃ  সুদীৰ্ঘ  ১৭   বছৰৰ অপেক্ষাৰ পাছত আই পি এলৰ অষ্টাদশ ছীজনৰ খিতাপ জয় কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে [আৰ চি বি]৷ আই পি এলৰ  এই ট্ৰফীটোৱে বিৰাট কোহলিৰ ক্ৰিকেট কেৰিয়াৰৰ এটা বৃত্ত সম্পূৰ্ণ কৰিলে৷ আই পি এলৰ প্ৰথমটো ছীজনৰ পৰা কোহলিয়ে খেলি আছে আৰ চি বিত৷ কেতিয়াও তেওঁ দল সলনিৰ কথা মনলৈ অনা নাছিল৷ কিন্তু এইবাৰৰ আই পি এলৰ পূৰ্বে তিনিবাৰকৈ ফাইনেল খেলিও চেম্পিয়ন হ’ব নোৱাৰাৰ বাবে মাজে-সময়ে হতাশো নোহোৱাকৈ থকা নাছিল৷ কেতিয়াবা মনলৈ ভাব আহিছিল–এই অপেক্ষাৰ হয়তো কেতিয়াও অৱসান নহ’ব৷ বিৰাট কোহলিৰ দৰেই এনেধৰণৰ হতাশাই ক্ৰিয়া কৰিছিল বিশ্ব ফুটবলৰ এজন আগশাৰীৰ যোদ্ধা হেৰী কেনৰ ক্ষেত্ৰতো৷ কিন্তু এজনৰ ১৮ বছৰৰ আৰু এজনৰ ১৫ বছৰৰ অপেক্ষাৰ অন্ত পৰিল প্ৰায় একে সময়তে৷ হেৰী কেনে বুন্দেছলিগা ট্ৰফী জয় কৰাৰ এমাহ পাছত প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ জয় কৰিলে বিৰাট কোহলিয়েও৷


মঙলবাৰে আই পি এলৰ ফাইনেলত আৰ চি বিয়ে পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰাৰ পাছত কোহলিলৈ অভিনন্দন বাৰ্তা আহিছিল কেনৰ পৰা৷ দীৰ্ঘ অপেক্ষাৰ অন্তত সফলতাৰ আনন্দ কেনে হ’ব পাৰে, তাক হেৰী কেনে ভালদৰে উপলব্ধি কৰিব পাৰে৷ আই পি এলৰ ফাইনেলৰ পাছত হেৰী কেনে ছ’চিয়েল মিডিয়াত এখন পুৰণি ফটো পোষ্ট কৰিছিল, য’ত তেওঁৰ সৈতে দেখা গৈছে বিৰাট কোহলিক৷ ছবিত কেনৰ হাতত দেখা গৈছে কোহলিৰ টীম ইণ্ডিয়াৰ ১৮ নম্বৰ জাৰ্ছী৷ তেনেদৰে কোহলিৰ হাতত আছিল হেৰী কেনে ইংলেণ্ডৰ দলৰ হৈ পৰিধান কৰা ১০ নম্বৰৰ জাৰ্ছী৷ কেপশ্বনত লিখা আছিল–‘পুৰণি এলবামৰ পৰা সংগ্ৰহ কৰা এখন ফটোৰে প্ৰথমবাৰ আই পি এলৰ খিতাপ জয় কৰাৰ বাবে বিৰাট কোহলি আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক অভিনন্দন৷ অবিশ্বাস্য এক সাফল্য’ উল্লেখ্য, ইংলেণ্ড ফুটবল দলৰ অধিনায়ক হেৰী কেন এজন ক্ৰিকেট অনুৰাগীও৷