Logo
image

উত্তৰ গুৱাহাটীত এহাল শিক্ষিত যুৱক-যুৱতীয়ে দেখুৱাইছে আত্মসংস্থাপনৰ নতুন পথ

'আমাৰ অসম'ৰ আমিনগাঁৱৰ  প্ৰতিবেদক, ১২ জুনঃ  একাংশ যুৱক যুৱতীয়ে চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰি ঘূৰি ফুৰাৰ সময়তে উত্তৰ গুৱাহাটীত স্বাৱলম্বীতাৰ এক প্ৰশংসনীয় পদক্ষেপ দাঙি ধৰিছে এহাল শিক্ষিত যুৱক-যুৱতীয়ে।  উল্লেকযোগ্য যে  চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি শুৱালকুছিৰ নন্দিতা দাস আৰু উত্তৰ গুৱাহাটীৰ পল্লৱ দাসে ৬ মাহ পূৰ্বে উত্তৰ গুৱাহাটী বিহলঙনী গাঁৱত স্থাপন কৰিছিল খাটি সৰিয়হ তেল প্ৰস্তুত কৰা এটা উন্নত মানদণ্ডৰ উদ্যোগ। 


উল্লেখ্য যে  Prime Minister Employment Generation Program(PMEGP)ৰ অধীনত বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰা এই উদ্যোগটোৱে এতিয়া সক্ষম হৈছে বজাৰ দখল কৰিবলৈ। আনহাতে বজাৰত উভৈনদী হৈ থকা বিভিন্ন ব্ৰেণ্ডৰ সৰিয়হ তেলৰ বিপৰীতে নন্দিতা আৰু পল্লৱে প্ৰস্তুত কৰা "প্ৰয়োজন" বেণ্ডৰ সৰিয়হ তেলে গ্ৰাহকৰ সমাদৰ লাভ কৰিছে। এই উদ্যোগটোৰ বাবে সূদুৰ গুজৰাটৰ পৰা অনা‌ হৈছে অত্যাধুনিক তেলপেৰা মেচিন। উল্লেখ্য যে স্থানীয় কৃষকৰ পৰা পোনপটীয়াকৈ উচিত মূল্যত সৰিয়হ ক্ৰয় কৰি তেওঁলোকে  নিয়াৰিকৈ চলাই গৈছে সৰিয়হ তেলৰ উদ্যোগটো। এই দুগৰাকী যুৱক-যুৱতীয়ে এতিয়া নিজৰ লগতে  আন বহুজনক‌ পৰোক্ষ আৰু প্ৰত্যক্ষ ভাৱে সংস্থাপন দিবলৈয়ো সক্ষম হৈছে।