
৯ বাৰ ফাইনেল খেলি ৯ বাৰেই চেম্পিয়ন হেজেলউড
নতুন দিল্লী, ৪ জুনঃ মঙলবাৰে নিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমবাৰৰ বাবে আই পি এলৰ ট্ৰফী হাতত তুলি লোৱাৰ সময়ত নীৰৱেই এক ব্যক্তিগত সফলতা উদ্যাপন কৰিলে আৰ চি বিৰ তাৰকা জোছ হেজেলউডে৷ নিজস্ব কেৰিয়াৰত খেলা ৯ খন ফাইনেলৰ ৯ খনতে জয় অৰ্জন কৰিলে তাৰকা ক্ৰিকেটাৰজনে৷ অষ্ট্ৰেলিয়ান বেগী বলাৰজনে ২০১০ চনত জাতীয় দলৰ হৈ জয় কৰিছিল অনূধবৰ্-১৯ বিশ্বকাপ৷ সেইবাৰ তেওঁ ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হৈছিল৷ পাকিস্তানৰ বিৰুদ্ধে ফাইনেলত তেওঁ চাৰিটা উইকেট লাভ কৰিছিল৷ ছিডনী ছিক্সাৰ্ছৰ হৈ তেওঁ ২০১২ চিএলটি-টুৱেণ্টীৰ খিতাপ জয় কৰিছিল৷
২০১৫ চনত হেজেলউডে অষ্ট্ৰেলিয়াৰ হৈ এদিনীয়া বিশ্বকাপ জয় কৰিছিল৷ ফাইনেলত পৰাস্ত কৰিছিল নিউজীলেণ্ডক৷ ছিডনী ছিক্সাৰ্ছৰ হৈ ২০২০ চনত বি বি এলৰ খিতাপ জয় কৰিছিল হেজেলউডে৷ ২০২১ চনত আই পি এলৰ খিতাপজয়ী চেন্নাই ছুপাৰ কিংছৰ সদস্য আছিল হেজেলউড৷ ২০২১ চনত অষ্ট্ৰেলিয়াৰ হৈ তেওঁ জয় কৰে টি-টুৱেণ্টী বিশ্বকাপৰ খিতাপ৷ ফাইনেলত পৰাস্ত কৰে নিউজীলেণ্ডক৷ ২০২৩ চনত এদিনীয়া বিশ্বকাপ জয়ী অষ্ট্ৰেলিয়া দলৰো সদস্য আছিল হেজেলউড৷ ফাইনেলত পৰাস্ত কৰিছিল ভাৰতক৷ ২০২৩ চনত ভাৰতক হৰুৱাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ জয়ী অষ্ট্ৰেলিয়া দলৰো সদস্য আছিল হেজেলউড৷ এই তালিকাত মঙলবাৰে নিশা সংযোজন ঘটিল আই পি এল ২০২৫ৰ খিতাপ৷ উল্লেখ্য, প্ৰায় প্ৰতিখন ফাইনেলতে নিজ দলৰ হৈ হেজেলউডে গুৰুত্বপূৰ্ণ প্ৰদৰ্শন আগবঢ়াইছে৷