অসমত ভূগৰ্ভৰ জলস্তৰ বিপজ্জনকভাৱে হ্ৰাস
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ নৱেম্বৰ : অসমৰ বাবে এক উদ্বেগজনক খবৰ৷ সুজলা-সুফলা, শস্য-শ্যামলা অসমৰ বক্ষ যেন ক্ৰমাৎ শুকাই গৈছে৷ অতি বিপজ্জনক হাৰত হ্ৰাস পাব ধৰিছে অসমৰ ভূগৰ্ভস্থৰ জলস্তৰ৷ বিগত মাত্ৰ ১০টা বছৰ অৰ্থাৎ এটা দশকতে ব্যৱধানতে অসমৰ ভূগৰ্ভৰ ৮০০ কোটি ঘন মিটাৰ পানী হ্ৰাস পাইছে৷ এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে সাংসদৰ মজিয়াত৷ বৃহস্পতিবাৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ প্ৰশ্নৰ উত্তৰত লোকসভাত এই বিস্ফোৰক তথ্য প্ৰদান কৰিছে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰণালয়ে৷ কেন্দ্ৰীয় জল শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজ ভূষণ চৌধুৰীয়ে দাঙি ধৰা তথ্য অনুসৰি কেন্দ্ৰীয় ভূগৰ্ভস্থ জল ব’ৰ্ডৰ সমীক্ষাত প্ৰকাশ পোৱা মতে ২০১৩ চনত অসমৰ ভূগৰ্ভস্থৰ জলস্তৰৰ পৰিমাণ আছিল ২৮.৯ বিলিয়ন কিউবিক মিটাৰ৷ এই জলধাৰা প্ৰতিবছৰে হ্ৰাস হ’বলৈ আৰম্ভ কৰিছে৷ সেই অনুসৰি ২০১৭ চনত ভূগৰ্ভস্থ জলৰ পৰিমাণ ২৪.২৬ বিলিয়ন কিউবিক মিটাৰলৈ হ্ৰাস পোৱাৰ বিপৰীতে ২০২২ চনত ২১.৪ বি চি এমলৈ নিম্নগামী হয়৷ কেন্দ্ৰীয় ভূগৰ্ভস্থ জল ব’ৰ্ডৰ শেহতীয়া সমীক্ষাত প্ৰকাশ পোৱা মতে ১০ বছৰৰ ব্যৱধানত অৰ্থাৎ ২০২৩ চনত অসমৰ ভূগৰ্ভৰ জলৰাশি ২০.৯৩ বিলিয়ন কিউবিক মিটাবলৈ হ্ৰাস পায়৷ অৰ্থাৎ সাধাৰণ ভাষাত ক’বলৈ হ’লে ২০১৩ চনৰ পৰা ২০২৩ চনৰ ভিতৰত মাত্ৰ এটা দশকৰ ভিতৰতে অসমৰ ভূগৰ্ভস্থৰ প্ৰায় ৮০০ কোটি ঘনমিটাৰ পানী হ্ৰাস পাইছে৷
১০ বছৰতে উদ্বেগজনক হাৰত ভূগৰ্ভস্থৰ জলৰাশি হ্ৰাস পোৱা কাৰ্যই অসমলৈ যেন অশনি সংকেত কঢ়িয়াই আনিছে৷ বাৰিষা বানপানীৰ মহাপ্ৰলয়ৰ সৈতে প্ৰতি বছৰে সহাৱস্থান কৰি অহা অসমে অচিৰেই ভয়ংকৰ জল সংকটৰ সন্মুখীন হোৱাৰ আশংকা প্ৰৱল হৈ পৰিছে৷ অসম যদিও এখন নদীভিত্তিক ৰাজ্য, কিন্তু মানৱসৃষ্ট কাৰক আৰু জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিততেই ভূগৰ্ভস্থ জলৰাশি বিপজ্জনক হাৰত হ্ৰাস পোৱা বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য, অসমক আৱৰি আছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে৷ বাৰিষা নদ-নদী, জান-জুৰিসমূহত পানীয়ে উপচি পৰি সাগৰৰ সৃষ্টি কৰি আহিছে যদিও ব্ৰহ্মপুত্ৰৰ লগতে আন আন নদীসমূহৰ উৎসস্থলীত চীন, ভূটান আৰু অৰুণাচলত শক্তি উৎপাদনৰ বাবে বৃহৎ বৃহৎ বান্ধ নিৰ্মাণ কৰাৰ ফলত খৰালি ব্ৰহ্মপুত্ৰ আৰু উপনৈ সমূহত অভাৱনীয় হাৰত পানী শুকাই গৈছে৷ ব্ৰহ্মপুত্ৰত পানী শুকাই বালি ওলাই পৰাত মাজুলীত ফেৰী চলাচল কাৰ্যতঃ স্তব্ধ হৈ পৰিছে৷ ব্ৰহ্মপুত্ৰৰ বালিচৰত চলিছে এতিয়া যান-বাহন৷ ব্ৰহ্মপুত্ৰকে ধৰি প্ৰতিখন নৈ-উপনৈ শুকাই যোৱাৰ বাবেই ভূগৰ্ভৰ পানী অভাৱনীয় হাৰত হ্ৰাস পাইছে৷ তদুপৰি জলবায়ু পৰিৱৰ্তনৰ ফলত অসমত উদ্বেগজনকভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পাই আহিছে৷ কম বৰষুণৰ বাবে খৰাং বৃদ্ধি পাব ধৰিছে৷ প্ৰতিবছৰে তুলনামূলকভাৱে বৰষুণ কমি অহাত ভূগৰ্ভস্থৰ জলৰাশি হ্ৰাস পোৱাৰ অন্যতম কাৰক হিচাপে বিবেচনা কৰা হৈছে৷ ইয়াৰোপৰি অসমত পানীৰ অপব্যৱহাৰ আৰু সংৰক্ষণৰ অভাৱতো ভূগৰ্ভৰ জলৰাশি হ্ৰাস পোৱাৰ কাৰক হিচাপে চিহ্নিত কৰিছে৷ আৰক্ষী-প্ৰশাসনক মেনেজ কৰি যধে-মধে গভীৰ নলী নাদ বহুৱাই হাজাৰ হাজাৰ ফুট তলৰ পৰা পানী উত্তোলন কৰা হৈছে৷ ভূগৰ্ভৰ হাজাৰ হাজাৰ ফুট তললৈ ব’ৰিং স্থাপন কৰি পানী উত্তোলনত নিষেধাজ্ঞা থকাৰ পাছতো প্ৰশাসনক মেনেজ কৰি চহৰৰ লগতে গাঁৱে-ভূঞে এতিয়া বৃহৎ বৃহৎ নলী-নাদ বহুওৱা হৈছে৷ যাৰ বাবে ভূ-গৰ্ভৰ জলস্তৰ হ্ৰাস পোৱাই নহয়, পানীৰ অপ-ব্যৱহাৰো হৈ আহিছে৷ কেন্দ্ৰীয় নগৰ আৰু গৃহ মন্ত্ৰণালয়ে ২০১৬ চনৰ মডেল বিল্ডিং বাই-ল’ অনুসৰি সকলো প্ৰকাৰৰ বিল্ডিঙত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা বাধ্যতামূলক কৰা নীতি প্ৰস্তুত কৰিছিল যদিও অসম চৰকাৰে অট্টালিকাসমূহত বৰষুণৰ পানী সংৰক্ষণ বাধ্যতামূলক নকৰাত জলৰ অপব্যৱহাৰ হৈ আহিছে৷ এনে কাৰণতো অসমত ভূগৰ্ভস্থৰ জলস্তৰ অভাৱনীয় হাৰত হ্ৰাস পাবলৈ আৰম্ভ কৰিছে৷