২৬০ কোটি টকা আত্মসাতৰ পাছতো জামিন পালে ৰঞ্জিতে
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ নৱেম্বৰ : অনলাইন ট্ৰেডিং কেলেংকাৰিৰ গোচৰৰ আন এটা মহা প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিলে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আয়ে৷ শুকুৰবাৰে চি বি আয়ে ট্ৰেডিং এফ এক্সৰ নামত প্ৰৱঞ্চনাৰে ৰাজ্যৰ লক্ষাধিক বিনিয়োগকাৰীৰ কষ্টোপাৰ্জিত ধন লুট কৰা ৰঞ্জিত কাকতিৰ বিৰুদ্ধে চি বি আইৰ গুৱাহাটীস্থ বিশেষ আদালতত অভিযোগনামা দাখিল কৰে৷ অভিযোগনামাৰ পৃষ্ঠাই পৃষ্ঠাই ৰঞ্জিত কাকতিৰ প্ৰৱঞ্চনাৰ বিস্ফোৰক তথ্য প্ৰকাশ পাইছে৷ অনলাইন প্লেটফৰ্ম www.tradingfx.live ৰ জৰিয়তে মহা প্ৰৱঞ্চক ৰঞ্জিত কাকতিয়ে ৰাজ্যৰ সৰ্বমুঠ ৰ লাখ ৫০ হাজাৰ বিনিয়োগকাৰীৰ পৰা ধন আত্মসাৎ কৰিছিল৷ চি বি আয়ে অভিযোগনামাত উল্লেখ কৰা অনুসৰি ৰঞ্জিত কাকতিয়ে ২৬০ কোটি টকা লুট কৰিছিল৷ অৱশ্যে গ্ৰেপ্তাৰৰ ৯০ দিনৰ ভিতৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে অভিযোগনামা দাখিল কৰিলেও ইতিমধ্যে চি বি আই গাফিলতিৰ বাবে ৰঞ্জিত কাকতিয়ে উচ্ছ ন্যায়ালয়ৰ পৰা জামিনত মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷
চি বি আয়ে অভিযোগনামাত প্ৰকাশ কৰা অনুসৰি মাত্ৰ ১৮ মাহত তিনিগুণ লাভ দিয়াৰ প্ৰতিশ্ৰুতিয়ে প্ৰৱঞ্চনাৰ জাল পেলাইছিল ৰঞ্জিত কাকতিয়ে৷ আনকি মোটা অংকৰ বিনিয়োগকাৰীক বিলাসী বাহন উপহাৰৰ টোপ দিছিল কাকতি এণ্ড কোম্পানীয়ে৷ চি বি আয়ে ৰঞ্জিত কাকতিৰ বিৰুদ্ধে মুঠ ৬০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে৷ উল্লেখ্য, বৃহস্পতিবাৰে বিশেষ আদালতত ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা এটা গোচৰত মহাপ্ৰৱঞ্চক বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰা আৰু অভিজিৎ চন্দাৰ বিৰুদ্ধে ১৫০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল চি বি আয়ে৷ ইতিপূৰ্বে চি বি আয়ে আদালতত বিশাল-চুমি বাহিনীয়ে দলিলৰ জৰিয়তে চুক্তি কৰি ৩০ শতাংশ পৰ্যন্ত সুদ দিয়াৰ প্ৰলোভনেৰে বিনিয়োগকাৰীৰ পৰা ৬০ কোটি টকা সংগ্ৰহ কৰা বুলি অৱগত কৰিছিল৷ ট্ৰেডিঙৰ নামত সংগৃহীত ৬০ কোটি টকাৰ ভিতৰত ৪৫ কোটি টকাই বিনিয়োগকাৰীক ঘূৰাই দিয়া নাছিল বিশাল বাহিনীয়ে৷ অৱশ্যে, ডিব্ৰুগড় সদৰ থানাৰ উক্ত গোচৰটোত বিশাল ফুকন, তাৰ্কিক বৰা আৰু অভিজিৎ চন্দাই উচ্ছ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে চি বি আইৰ আদালতে চুমি বৰাৰ জামিন আৱেদন নামাঞ্জুৰ কৰিছে৷