Logo
image

উক্তি-বক্ৰোক্তি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুজৰাটী ব্যৱসায়ী গৌতম আদানিৰ ক্ষেত্ৰত সদায় পক্ষপাতমূলক৷ আনহাতে, ৱেইনাড়ৰ ভূমি…লনৰ ক্ষতিগ্ৰস্তসকলৰ প্ৰতি মোদী মুঠেই সদয় নহয়৷ ৱেইনাড়ৰ ক্ষতিগ্ৰস্তসকলৰ মনৰ কথা উপলব্ধি কৰিছে সেই সমষ্টিৰ পৰা বিজয়ী হৈ অহা প্ৰিয়ংকা গান্ধীয়ে৷ 

– লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী


গঁড়ৰ সংখ্যা অসমত দৰকাৰতকৈ বেছি হৈছে৷ সেয়ে এতিয়া গঁড় পালন কৰিবলৈ বেলেগ পদ্ধতি ল’ব লাগিব৷ 

– জুবিন গাৰ্গ


একনাথ সিন্দেয়ে এটা ডাঙৰ ঘোষণা কৰিব৷ তেওঁ এতিয়া সাতাৰাত থকা ডাৰেগাঁৱৰ নিজৰ ঘৰত আছে৷ তাৰ পৰাই তেওঁ এটা ডাঙৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ 

– শিৱসেনাৰ সিন্দেগোটৰ মুখপাত্ৰ সঞ্জয় ছিৰছাট


দেশৰ আটাইতকৈ ঋণগ্ৰস্ত ৰাজ্য হৈ পৰিছে অসম৷ ঋণ লৈ চৰকাৰ চলাই থকাটো কাৰ্যদক্ষতা নহয়৷ বেলেগ ৰাজ্যসমূহে ঋণ লৈ উৎপাদনী ক্ষেত্ৰসমূহত ব্যৱহাৰ কৰে৷ আমাৰ ৰাজ্যত চৰকাৰে ঋণ লয় ভোট কিনিবলৈ৷

– অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ


আমাৰ অধিকাৰত থকা ভূমিখণ্ডত নাটোৰ সদস্য পদ দিলে আমি যুদ্ধৰ পৰা আঁতৰিব পাৰোঁ৷ আমাৰ পৰা অধিকাৰ কৰি লোৱা ভূখণ্ড ভৱিষ্যতে কূটনৈতিক ব্যৱস্থাৰে ওভতাই পাব লাগিব৷ 

– ইউক্ৰেইনৰ ৰাষ্ট্ৰতি  ভল’ডিমিৰ জেলেনস্কি


২০২৬ ত বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধী ঐক্যবদ্ধ হ’বই লাগিব৷ এইক্ষেত্ৰত ঐক্যবদ্ধ নহওঁ বুলি কোৱাজনেই হ’ব বিজেপিৰ এজেন্ট

– শিৱসাগৰৰ বিধায়ক অখিল গগৈ


ভাৰতে সংখ্যালঘুৰ ক্ষেত্ৰত দুমুখীয়া স্থিতিগ্ৰহণ কৰিছে৷ ভাৰতত সংখ্যালঘু মুছলিমৰ ওপৰত অসংখ্য নৃংশস অত্যাচাৰ অব্যাহত আছে৷ তেওঁলোকে নিজৰ দেশৰ সংখ্যালঘুৰ দুখ নেদেখে৷ অথচ বাংলাদেশত সংখ্যালঘুৰ ওপৰত আক্ৰমণ সংঘটিত হৈছে বুলি ভাৰতে ৰাউচি জুৰি থাকে৷ 

– বাংলাদেশৰ আইনী উপদেষ্টা আছিফ নজৰুল


বিপক্ষৰ বলাৰৰ বিৰুদ্ধে দমন প্ৰদৰ্শন কৰাৰ  পৰিৱৰ্তে বিৰাট কোহলিয়ে নিজৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি শতৰাণেৰে প্ৰত্যাৱৰ্তন ঘটাইছে৷ আমাৰ ক্ৰিকেটাৰ ষ্টিভ স্মিথ আৰু মাৰ্নাছ লাবুছেনে কোহলিৰ পৰা শিক্ষা লৈ প্ৰত্যাৱৰ্তন ঘটোৱা উচিত৷

– অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰিকি পণ্টিং