Logo
image

বান নিয়ন্ত্ৰণৰ উপায় উদ্ভাৱনৰ আহ্বান মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ নৱেম্বৰ : দেশৰ বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰখনক পুনৰবাৰ উজলাই তুলি আই আই টি গুৱাহাটীত শনিবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দশম আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ-২০২৪৷ কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱত ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ লগতে দেশৰ ৮,০০০ৰো অধিক প্ৰতিনিধি, গৱেষক আৰু আগশাৰীৰ বৈজ্ঞানিক সংস্থাৰ বিজ্ঞানী-গৱেষকে অংশগ্ৰহণ কৰিছে৷ শনিবাৰে আই আই এছ এফৰ এই মহোৎসৱৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় প্ৰযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড॰ জিতেন্দ্ৰ সিঙে৷ উদ্বোধনী অনুষ্ঠানত অংশ লয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী শৰ্মাই মহোৎসৱত ভাগ লোৱা বিজ্ঞানীসকলক অসমৰ বান নিয়ন্ত্ৰণৰ উপায় উদ্ভাৱনৰ বাবেও মুকলি আহ্বান জনায়৷ আই আই এছ এফে দেশৰ অসংখ্য বৈজ্ঞানিক উদ্ভাৱনৰ সম্ভাৱনাক বহন কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহোৎসৱৰ অত্যাধুনিক গৱেষণা আৰু প্ৰযুক্তিৰ বিষয়সমূহে ছাত্ৰ-ছাত্ৰীৰ মাজত কৌতুহল বৃদ্ধি কৰাৰ লগতে বৈজ্ঞানিক উদ্ভাৱনৰ প্ৰতি আগ্ৰাহী কৰি তুলিব বুলিও আশা ব্যক্ত কৰে৷ ইফালে, শনিবাৰে দিছপুৰতো ‘মিছন ফ্লাড ফ্ৰী গুৱাহাটী’ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত অংশ লয় মন্ত্ৰী অশোক সিংঘাল আৰু মুখ্য সচিব ৰবি কোটাই৷ জনতা ভৱনত অনুষ্ঠিত বৈঠকখনত সমাগত বাৰিষাৰ পূৰ্বেই বানমুক্ত গুৱাহাটী অভিযানৰ অধীনত বিভিন্ন বিভাগে হাতত ল’বলগীয়া কাম-কাজৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়৷


এই বৈঠকত লগতে ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানৰ সমস্যাৰ সমাধানৰ বাবে প্ৰস্তাৱিত ড্ৰেইনেজ মাষ্টাৰপ্লেনৰ সন্দৰ্ভতো আলোচনা কৰা হয়৷ উল্লেখ্য, গুৱাহাটী মহানগৰীক কৃত্ৰিম বানমুক্তকৰণ সন্দৰ্ভত একাংশ নাগৰিকে বিভিন্ন সময়ত চৰকাৰলৈ আগবঢ়াই অহা মূল্যৱান দিহা-পৰামৰ্শসমূহ বিশ্লেষণৰ বাবে মন্ত্ৰী সিংঘালে অলপতে কামৰূপ (মহানগৰ) জিলাৰ আয়ুক্তৰ নেতৃত্বত এখন বিশেষ সমিতি গঠন কৰি দিছিল৷ নিৰ্ধাৰিত ১৫ দিনৰ সময়সীমাৰ ভিতৰত এই সমিতিয়ে নাগৰিকৰ পৰা ২৭৫টা দিহা-পৰামৰ্শ লাভ কৰিছিল৷ তাৰ ভিতৰত ৰূপায়ণযোগ্য তথা ফলপ্ৰসূ পৰামৰ্শসমূহৰ সন্দৰ্ভত শনিবাৰৰ বৈঠকত জিলা আয়ুক্ত সুমিত সত্তাৱনে বিতং বিৱৰণ দাঙি ধৰে৷ ৰাইজৰ পৰামৰ্শসমূহৰ কাৰ্যকাৰিতা বিশ্লেষণৰ লগতে বৈঠকত মূলতঃ গুৱাহাটী মহানগৰীৰ ৰুক্মিণীগাঁও, জুৰিপাৰ, ৱায়াৰলেছ-বশিষ্ঠপুৰ আৰু হাতীগাঁৱৰ দৰে কৃত্ৰিম বানপ্ৰৱণ অঞ্চলসমূহৰ পৰা পানী বহিৰ্গমনৰ প্ৰযুক্তিগত উপায় সন্দৰ্ভত আলোচনা কৰা হয়৷  উপলব্ধ সকলো তথ্য আৰু প্ৰতিবেদন বিশ্লেষণৰ অন্তত বানমুক্ত গুৱাহাটী অভিযানৰ অধীনত হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী দুইধৰণৰ কাৰ্যপন্থা যুগুত কৰিবলৈ বিভাগীয় মন্ত্ৰীজনে অভিযানৰ অংশীদাৰসকলক নিৰ্দেশ দিয়ে৷ পৰৱৰ্তী বাৰিষাৰ পূৰ্বেই অহা তিনি-চাৰিমাহৰ ভিতৰত ৰূপায়ণ কৰিব পৰাকৈ এলানি হ্ৰস্বম্যাদী কাৰ্যব্যৱস্থা হাতত ল’বলৈকো নিৰ্দেশ দিয়ে৷ তাৰ ভিতৰত ভৰলু-বাহিনী-লখিমীজানৰ লগতে মহানগৰীৰ সকলো নলা-নৰ্দমাৰ বোকা নিস্কাশনৰ বাবে দায়িত্বপ্ৰাপ্ত বিভাগসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ তদুপৰি নলাৰ পৰা উঠোৱা আৱৰ্জনা পথৰ কাষত পেলাই নথৈ তৎকালে স্থানান্তৰৰ ব্যৱস্থা গ্ৰহণৰো পৰামৰ্শ আগবঢ়ায়৷ আনহাতে খানাপাৰা অঞ্চলৰ পৰা মেঘালয়ৰ পানী পোনে পোনে দীপৰ বিললৈ বোৱাই নিব পৰাকৈ নলাৰ স্তৰবিন্যাস সংশোধন সন্দৰ্ভত বশিষ্ঠ চাৰিআলিৰ নিধি ভৱনৰ সমীপত হাতত ল’বলগীয়া পদক্ষেপ সন্দৰ্ভত বিতং অধ্যয়নৰ বাবে লোক নিৰ্মাণ বিভাগ, নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়, গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়ববীয়াসকলক যুটীয়াভাৱে ক্ষেত্ৰ অধ্যয়নৰ পৰামৰ্শ আগবঢ়ায়৷ বৈঠকত ডিব্ৰুগড় চহৰত বিগত বাৰিষাত হোৱা কৃত্ৰিম বানৰ অভাৱনীয় পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে চহৰখনৰ আবদ্ধ পানী নিষ্কাশনৰ বাবে নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ে পৰামৰ্শ আগবঢ়োৱা প্ৰস্তাৱিত নলা খনন সন্দৰ্ভতো আলোচনা কৰা হয়৷ চহৰৰ মুৰলীধৰ জালান বাছ আস্থানৰ পৰা চেঁচা নদীলৈ তথা মোহনবাৰী বিমানকোঠৰ সমীপৰ পৰা চেঁচা নদীলৈ দুটা নলা নিৰ্মাণৰ লগতে ডিব্ৰুগড় চহৰৰ সুৰক্ষা নলাৰ কালভাৰ্টৰ পুনৰ বিন্যাস সন্দৰ্ভত বৈঠকত বিশেষভাৱে পৰ্যালোচনা কৰা হয়৷

গুৱাহাটী আইআইটিত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ

‘আমাৰ অসম’ৰ প্ৰতিনিধি, আমিনগাঁও : উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ উচ্ছ শিক্ষা প্ৰতিষ্ঠান গুৱাহাটী আই আই টিত আজিৰে পৰা আৰম্ভ হৈছে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ দশম সংস্কৰণ৷ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ তত্ত্বাৱধানত আৰু পৃথিৱী বিজ্ঞান মন্ত্ৰণালয়ৰ সহযোগত ৩ ডিচেম্বৰলৈ চলিবলগীয়া এই বিজ্ঞান মহোৎসৱৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে মুখ্য অতিথি হিচাপে উপস্থিত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী ড॰ জিতেন্দ্ৰ সিঙে৷ চাৰিদিনীয়া সন্মিলনৰ শুভাৰম্ভ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই কয় ‘আই আই এছ এফ ২০২৪ হৈছে বৈজ্ঞানিক উদ্ভাৱন আৰু সহযোগিতাৰ ক্ষেত্ৰত সামূহিক প্ৰচেষ্টাৰ উদ্‌যাপন৷ তেওঁ লগতে কয় সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অটল সমৰ্থনত গুৱাহাটী আই আই টিত এই উৎসৱ সম্ভৱ হৈছে৷ ইয়াৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে৷ আই আই এছ এফ ২০২৪ বৈজ্ঞানিক উদ্ভাৱন আৰু সহযোগিতাৰ এক বৃহৎ উদযাপন বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে৷ এই মহোৎসৱত ভাৰতৰ উল্লেখযোগ্য কৃতিত্বসমূহৰ ভিতৰত বিশেষকৈ চন্দ্ৰযান-২, আৰু ইয়াত অত্যাধুনিক গৱেষণা আৰু প্ৰযুক্তিৰ ওপৰত আলোকপাত কৰা হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতে বৈজ্ঞানিক গৱেষণা আৰু উৎকৃষ্টতাৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ তিনিখন দেশৰ ভিতৰত স্থান লাভ কৰাৰ গৌৰৱ অৰ্জন কৰা বুলিও তেওঁৰ ভাষণত কয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি এই বিশাল মহোৎসৱৰ প্ৰতিটো দিশ ভালদৰে নিৰীক্ষণ কৰি জ্ঞান অৰ্জন কৰাৰ লগতে তেওঁলোকে অৰ্জন কৰা জ্ঞানসমূহ তেওঁলোকে প্ৰতিনিধিত্ব কৰা বিদ্যালয়সমূহৰ আন আন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিলাই দিবলৈ আহ্বান জনায়৷

তেওঁ লগতে মহোৎসৱত উপস্থিত থকা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক গুৱাহাটী আই আই টিৰ দৰে উচ্ছ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়ন কৰাৰ বাবে মনবান্ধি পঢ়া-শুনা কৰিবলৈ লগতে আহ্বান জনায়৷ ৰাষ্ট্ৰপতিৰ লিখিত ভাষণ প্ৰদান কৰি বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড॰ জিতেন্দ্ৰ সিঙে কয়, ‘বিজ্ঞান, প্ৰযুক্তি, আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতে অভাৱনীয়ভাৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ বিগত দশকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আমি বিভিন্ন খণ্ডত এক গভীৰ পৰিৱৰ্তন দেখিবলৈ পাইছোঁ বুলিও কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে কয়৷ এই ক্ষেত্ৰত–ষ্টাৰ্ট-আপৰ উত্থানৰ পৰা জৈৱ প্ৰযুক্তি, মহাকাশ প্ৰযুক্তি, আৰু কোৱাণ্টাম বিজ্ঞানৰ বৈপ্লৱিক অগ্ৰগতিলৈকে ভাৰত সফল হৈছে বুলি তেওঁ লগতে কয়৷  ড॰ জিতেন্দ্ৰ সিঙে লগতে ভাৰত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন (আই এছ টি আই) প’ৰ্টেল উন্মোচন কৰে৷ অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ কেবিনেট মন্ত্ৰী দাচাংগো পল আৰু অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিমন্ত্ৰী কেশৱ মহন্ত, ডি এছ টিৰ সম্পাদক অধ্যাপক অভয় কাৰণ্ডিকৰ; ডিবিটিৰ সম্পাদক ড॰ ৰাজেশ গোখলে; ড॰ এম ৰবিচন্দ্ৰন,  এম অ’ ই এছ; ডি এ ইৰ সম্পাদক অধ্যাপক অজিত কুমাৰ মহন্ত, অসমৰ মুখ্য সচিব ডাঃ ৰবি কোটা, আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল, এন কলাইচেলভিৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি৷ উল্লেখ্য, মাইলৰ খুঁটি হিচাপে চিহ্নিত এই অনুষ্ঠানে অপ্ৰতিনিধিত্বশীল অঞ্চলসমূহলৈ বিজ্ঞান আৰু উদ্ভাৱনক সম্প্ৰসাৰিত কৰিবলৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰিব৷ ইতিমধ্যে আই আই টি গুৱাহাটীত গঢ়ি তোলা হৈছে চাৰিখন কৈ ছাইন্স ভিলেজ৷ প্ৰতিখন ছাইন্স ভিলেজত দেশৰ ভিন্ন প্ৰান্তৰ ৬০০কৈ মুঠ ২৪০০ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে৷ তদুপৰি, গুৱাহাটী মহানগৰীৰ আশে-পাশে থকা ভিন্ন শিক্ষানুষ্ঠানৰ প্ৰতিদিনে ৬০০জনকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব প্ৰতিখন ছাইন্স ভিলেজত৷ দেশৰ আগশাৰীৰ ত্ৰিশজনৰো অধিক বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিব৷