Logo
image

এইবোৰ খাদ্যই দৃষ্টিশক্তি বঢ়ায়

আপোনাৰ চকুৰে অনবৰতে পানী ওলাই থাকে নেকি? চকুহাল ক্লান্ত যেন লাগে নেকি? যদি এনেকুৱা অনুভৱ হয় তেন্তে সতৰ্ক হওক৷ আজিকালি প্ৰায়ভাগ লোকেই দৈনিক ৮-১০ ঘণ্টা সময় কম্পিউটাৰ বা মোবাইল ফোনত ব্যস্ত থাকে৷ ফলত চকুজুৰিয়ে বিশ্ৰাম নাপায়৷ এনে অৱস্থাত লাহে লাহে চকুজুৰি দুৰ্বল হ’বলৈ আৰম্ভ কৰে আৰু ক্ৰমাৎ দৃষ্টিশক্তি কমিবলৈ ধৰে৷ কিন্তু কিছুমান খাদ্যই দৃষ্টিশক্তি ভালেৰখাত সহায় কৰে৷ উল্লেখ কৰা হ’ল তেনে কিছুমান খাদ্য–



আমলখিঃ আমলখি চকুৰ বাবে অতি উপকাৰী৷ ইয়াত থকা উপাদানসমূহে দৃষ্টিশক্তি ভালে ৰখাত সহায় কৰে৷ 
ইলাচিঃ ইলাচিয়ে দেহত তাপমাত্ৰাৰ ভাৰসাম্যতা বজাই ৰখাত সহায় কৰে৷ তদুপৰি ইলাচি নিয়মীয়াকৈ খালে চকুজুৰি শীতল হৈ থকাৰ লগতে দৃষ্টিশক্তি বাঢ়ে৷ 
আখৰোটঃ আখৰোটত থকা ভিটামিন-ই আৰু ফেটি এচিদ চকুৰ বাবে খুবেই গুৰুত্বপূৰ্ণ৷ আখৰোটে চকু সুস্থ কৰি ৰখাত  সহায় কৰে৷ 
গাজৰঃ গাজৰ স্বাস্থ্যৰ বাবে উপকাৰী৷ গাজৰৰ ৰস দৈনিক  পান কৰিলে দৃষ্টিশক্তি অক্ষুণ্ণ থাকে৷ 
বাদামঃ বাদাম তিয়াই খালে দৃষ্টিশক্তি ভাল হয়৷ 
সেউজীয়া পাছলিঃ যিবোৰ শাক-পাছলিত প্ৰচুৰ পৰিমাণে আইৰণ থাকে তেনে পাছলি চকুৰ বাবে অতি উপকাৰী৷ সেউজীয়া পাছলিয়ে দৃষ্টিশক্তি অক্ষুণ্ণ ৰখাত সহায় কৰে৷
কণীঃ কণীত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে৷ দৈনিক কণী খালে চকু ভালে থাকে৷