Logo
image

সুৰাত মগন ভয়াল ৰাতি

সমগ্ৰ ভাৰতৰ শিক্ষানুষ্ঠানসমূহত সুৰাপান এক উদ্বেগৰ বিষয় হৈ পৰিছে৷ শিক্ষাৰ্থীসকলৰ মাজত সুৰাৰ অপব্যৱহাৰ কেৱল তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বা স্বাস্থ্যগত সুস্থতাৰ বাবেই এক ভাবুকি হৈ পৰা নাই, লগতে যথেষ্টসংখ্যক পথ দুৰ্ঘটনাত এই সুৰাই বিগত সময়ত বহুখিনি অৰিহণা যোগাই আহিছে৷ সুৰাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অভাৱনীয় আগ্ৰহে অমানিশা নমাই আনিছে বহু পৰিয়াললৈ৷ ভাৰতত বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত সুৰাৰ ব্যৱহাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ অসমতো এই সুৰাপানে শিক্ষা প্ৰতিষ্ঠানসমূহক বিশেষকৈ শিক্ষাপ্ৰতিষ্ঠানসমূহৰ হোষ্টেলসমূহক গ্ৰাসিত কৰি পেলাইছে৷ শিক্ষানুষ্ঠানৰ হোষ্টেলবোৰ প্ৰায়ে বিভিন্ন কাৰণত সুৰা সেৱনৰ কেন্দ্ৰ হৈ পৰে৷ আপাততঃ চাবলৈ গ’লে ইয়াৰ কাৰণ বহুতো৷ লগৰীয়া ছাত্ৰ-ছাত্ৰীৰ  প্ৰভাৱ৷ ছাত্ৰ-ছাত্ৰীসকলক হোষ্টেলৰ পৰিৱেশৰ ভিতৰত সুৰা সেৱনত লিপ্ত হ’বলৈ উৎসাহিত কৰাত বন্ধু-বান্ধৱীৰ চাপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ শিক্ষাৰ্থীসকলে তেওঁলোকৰ বন্ধুসকলৰ গ্ৰহণযোগ্যতা প্ৰাপ্ত কৰিবলৈ হওক বা হোষ্টেলৰ পৰিৱেশৰ লগত নিজকে খাপ খুৱাবলৈকে হওক সুৰাপান কৰিবলৈ আৰু সুৰাপায়ীৰ কৰ্মকাণ্ডত অংশগ্ৰহণ কৰিবলৈ প্ৰকাৰান্তৰে বাধ্য হৈ পাৰে৷ লগতে মাত্ৰাধিক শৈক্ষিক হেঁচা, হোষ্টেল নিৰীক্ষকৰ কঠোৰ নিৰীক্ষণৰ অভাৱ, শৈক্ষিক প্ৰতিষ্ঠানৰ ওচৰে-পাজৰে সুৰাৰ সহজ উপলব্ধতা আদি কাৰকসমূহে হোষ্টেলত সুৰাৰ প্ৰচলনত ব্যাপক উদগনি যোগায়৷ এই সকলোবোৰ কাৰকৰ ভিতৰত সহশিক্ষাৰ্থীৰ উদগনি আৰু সুৰাৰ সহজলভ্যতা বিশেষভাৱে উদগনি যোগোৱা কাৰক৷ শিক্ষানুষ্ঠানৰ হোষ্টেলত সুৰাপানৰ ফলত শিক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হয়৷ অত্যধিক সুৰাপানৰ ফলত বিভিন্ন স্বাস্থ্যজনিত সমস্যা হয়, যাৰ ভিতৰত আছে যকৃতৰ ক্ষতি, কাৰ্ডিঅ’ভাস্কুলাৰ সমস্যা, দুৰ্বল ৰোগ প্ৰতিৰোধ প্ৰণালী ইত্যাদি৷ লগতে সুৰাপানৰ ফলত হোৱা দুৰ্ঘটনাবোৰে বহু পৰিয়াললৈ অমানিশা নমাই আনে৷ সুৰাৰ অপব্যৱহাৰে শিক্ষাৰ্থীসকলৰ শৈক্ষিক প্ৰদৰ্শনত বিৰূপ প্ৰভাৱ পেলায়, যাৰ ফলত মনোযোগ, অনুপ্ৰেৰণা আৰু সামগ্ৰিক উৎপাদনশীলতা হ্ৰাস হয়৷ ই তেওঁলোকৰ শৈক্ষিক প্ৰগতি আৰু ভৱিষ্যতৰ সম্ভাৱনাত বাধাৰ সৃষ্টি কৰে৷ সুৰাপানে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যত বিশেষকৈ বিৰূপ প্ৰভাৱ পেলায়৷ হতাশা, উদ্বেগ আদি বিষয়বোৰৰ সংমিশ্ৰণে দুখ বৃদ্ধি কৰি বহু ছাত্ৰ-ছাত্ৰীক জীৱনৰ প্ৰতি নিৰাসক্ত কৰি পেলায়৷ যাৰ ভয়াৱহ ফল পৰৱৰ্তী সময়ত ঘৰখন আৰু সমাজখনে ভুগিবলগীয়া হয়৷ সুৰাই মগজুৰ বিষ্টৰ ক্ষতি কৰি স্নায়ৱিক দক্ষতা হ্ৰাস কৰে, যাৰ ফলত এজন সুৰাপায়ীয়ে বহু সময়ত হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷ যাৰ ফলত দুৰ্ঘটনাৰ প্ৰৱণতা অত্যধিক বৃদ্ধি পায়, যি প্ৰৱণতাই কেৱল তেওঁকেই ক্ষতি নকৰে, বাটৰুৱা-পথচাৰীৰো জীৱন বিপদসংকুল কৰি তোলে৷ দুখজনকভাৱে কিছুদিনৰ আগতে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এক ঘটনাই সুৰাৰ অপব্যৱহাৰৰ বিধবংসী পৰিণামৰ বিষয়ে আমাক সকলোকে সচেতন কৰি দিছিল৷ পথ দুৰ্ঘটনাত সাতজন শিক্ষাৰ্থীৰ অকাল মৃত্যুয়ে সমগ্ৰ অসম আৰু ভাৰতৰ শিক্ষানুষ্ঠানসমূহত সুৰাপান বন্ধ কৰাৰ ক্ষেত্ৰত জৰুৰী পদক্ষেপ ল’বলৈ সকলোকে সকীয়াই দিছিল৷ শিক্ষানুষ্ঠানত সুৰাপান নিষিদ্ধ কৰিবলৈ এক ব্যাপক জনজাগৰণৰ প্ৰয়োজন হৈছে৷ শিক্ষাৰ্থীৰ মানসিক চাপ তথা সুৰাৰ প্ৰতি আসক্তি কম কৰাৰ হেতু বিভিন্ন কাউঞ্চেলিঙৰ ব্যৱস্থা, আৰক্ষী প্ৰশাসনৰ লগত শিক্ষাপ্ৰতিষ্ঠানৰ নিয়মীয়া যোগাযোগ আদিৰ ব্যৱস্থাই কিছু এটা সহায় কৰাৰ সম্ভাৱনা আছে ৷ তদুপৰি, শিক্ষানুষ্ঠানৰ চৌহদৰ ওচৰত সুৰা বিক্ৰী বন্ধ কৰিবলৈ কঠোৰ নিয়মাৱলী বলৱৎ কৰাৰ লগতে  স্থানীয় আইন প্ৰৱৰ্তনকাৰী সংস্থাবোৰৰ সৈতে ঘনিষ্ঠভাৱে সহযোগিতা কৰি ইয়াক কঠোৰভাৱে দমন কৰিব লাগিব৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল– শিক্ষাপ্ৰতিষ্ঠানবোৰে হোষ্টেলৰ ভিতৰত সুৰা সেৱন নিষিদ্ধ কৰা কঠোৰ নীতি ৰূপায়ণ আৰু বলৱৎ কৰিব লাগিব৷ উলংঘনকাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থাই প্ৰতিৰোধক হিচাপে কাম কৰিব পাৰে৷ সমস্যাটোৰ কাৰ্যকৰীভাৱে সমাধান কৰিবলৈ অভিভাৱকৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাটো প্ৰতিষ্ঠান কতৃৰ্পক্ষৰ বাবে অত্যাৱশ্যকীয় এক পদক্ষেপ৷ নিয়মীয়া যোগাযোগ আৰু অভিভাৱকৰ অন্তৰ্ভুক্তিয়ে শিক্ষাৰ্থীসকলৰ মাজত সুৰাৰ অপব্যৱহাৰ আৰু তাৰ বিপদৰ বিষয়ে মুক্ত আলোচনাৰ এক পৰিৱেশ গঢ়ি তুলিব পাৰে৷ অসম বা ভাৰতৰ শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীসকলৰ মাজত সুৰাপানৰ বিষয়টো গভীৰ চিন্তাৰ বিষয়৷ সুৰাৰ অপব্যৱহাৰ আৰু পথ দুৰ্ঘটনাৰ মাজৰ সম্পৰ্কটোৱে এই বিষয়টোক আৰু অধিক চিন্তিত কৰি তুলিছে৷ অধিক প্ৰাণহানি প্ৰতিহত কৰিবলৈ আৰু সুৰাৰ অপব্যৱহাৰৰ ধবংসাত্মক পৰিণাম হ্ৰাস কৰিবলৈ, শিক্ষানুষ্ঠান, অভিভাৱক আৰু সামগ্ৰিকভাৱে সমাজৰ পৰা একত্ৰিত প্ৰচেষ্টাৰ প্ৰয়োজন৷ সজাগতা বৃদ্ধি কৰি আৰু কঠোৰ নিয়মাৱলী ৰূপায়ণ কৰি আমি এনে এক পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ য’ত শিক্ষাৰ্থীসকলে সুৰাৰ আসক্তিৰ পৰা নিজকে আঁতৰাই আনিব পাৰে৷ আমি আমাৰ শিক্ষাৰ্থীসকলৰ কল্যাণ আৰু ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে এনে পদক্ষেপ লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে৷