Logo
image

ছেপ্টেম্বৰৰ পৰা ভাৰতলৈ অহা নাই এজনো বাংলাদেশী পৰ্যটক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ ডিচেম্বৰ : বাংলাদেশত ৰাজনৈতিক অস্থিৰতাৰ প্ৰভাৱ পৰিছে ভাৰতৰ পৰ্যটন ক্ষেত্ৰখনত৷ ভাৰতৰ পৰ্যটন উদ্যোগৰ অন্যতম উৎস হিচাপে বাংলাদেশী পৰ্যটকসকলক ধৰা হয় যদিও চুবুৰীয়া ৰাষ্ট্ৰখনৰ গণ অভ্যুত্থানৰ পাছতেই ভাৰতৰ পৰ্যটন উদ্যোগত মন্দাৱস্থাৰ সৃষ্টি হৈছে৷ কিয়নো এতিয়া ভাৰতলৈ অহা বাদ দিছে বাংলাদেশী পৰ্যটকে৷ বিগত ছেপ্টেম্বৰৰ পৰা ভিছা লৈ ভাৰতলৈ অহা নাই  এজনো বাংলাদেশী পৰ্যটক৷ অথচ আগষ্ট পৰ্যন্ত প্ৰতিদিনেই ৩ হাজাৰৰ পৰা ৬ হাজাৰ জনকৈ বাংলাদেশী পৰ্যটকে ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ে৷ লোকসভাত এটা প্ৰশ্নৰ উত্তৰত সোমবাৰে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা আগষ্ট পৰ্যন্ত ভাৰতলৈ আহিছিল মুঠ ১২ লাখ ৮৫ হাজাৰ ৭৮৩জন বাংলাদেশী পৰ্যটনক৷ পৰ্যটন তথা স্বাস্থ্য ভিছা লৈ এইসকল বাংলাদেশী নাগৰিকে অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্য পৰিভ্ৰমণ কৰিছিল৷


কিন্তু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰাজনৈতিক বিদ্ৰোহ আৰম্ভ হোৱাৰ পাছতেই বিগত ছেপ্টেম্বৰৰ পৰা এই পৰ্যন্ত ভাৰতলৈ অহা নাই এজনো পৰ্যটক৷ লক্ষণীয়ভাৱে এই সময়ছোৱাত কেৱল বাংলাদেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাইহে ভাৰতত ৰাজনৈতিক আশ্ৰয় গ্ৰহণ কৰিছে৷ অৱশ্যে ভাৰত-বাংলাদেশৰ সম্পৰ্ক সুস্থিৰ থকাৰ সময়ত বাংলাদেশৰ পৰা ভাৰতলৈ আহিছিল ২০১৯ চনত ২৫,৭৭,৭২৭ জন পৰ্যটক, ২০২০ চনত ৫,৪৯,২৭৩ জন পৰ্যটক, ২০২১ চনত ২,৪০,৫৫৪ জন পৰ্যটক, ২০২২ চনত ১২,৭৭,৫৫৭ জন পৰ্যটক আৰু ২০২৩ চনত ২১,১৯,৮২৬ জন পৰ্যটক৷ লক্ষণীয় বিষয়টো হৈছে ভাৰত-বাংলাদেশ দুয়োখন চৰকাৰে ভিছা বন্ধ ৰাখিছে যদিও ৰাজনৈতিক অস্থিৰতাৰ ফলত প্ৰাণৰ মমতাত অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা চলোৱা শতাধিক অনুপ্ৰৱেশকাৰীক সীমান্তত বিএছএফে কৰায়ত্ত কৰি গৃহ দেশলৈ ঘূৰাই পঠোৱা দেখা গৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে বাংলাদেশৰ পৰা অসমলৈহে প্ৰতি বছৰে বৃহৎ সংখ্যক ৰোগী চিকিৎসাৰ বাবেও অহাৰ উদাহৰণ আছে৷