Logo
image

সিজোৱা কণী কিমান সময়লৈ খোৱাৰ উপযোগী হৈ থাকে?

আমিষভোজী সকলোৰে প্ৰিয় খাদ্য কণী৷ দিন বা ৰাতি সকলো সময়তে কণী খাব পাৰি৷ পুৱা বেকফ্ৰাষ্টৰ লগত বহুতে কণী খায়৷ বিভিন্ন খাদ্যৰ সৈতেও প্ৰতিদিনে সিজোৱা কণী খাব পাৰি৷ টিফিনত বহুতেই সিজোৱা কণী অফিচ বা স্কুললৈ লৈ যায়৷ পুৱাই সিজোৱা কণী দুপৰীয়াৰ টিফিনত খায়৷ কিন্তু জানেনে কিমান সময়লৈ সিজোৱা কণী খোৱাৰ উপযোগী হৈ থাকে৷


খাদ্য বিশেষজ্ঞসকলৰ মতে সিজোৱা কণী ফ্ৰীজত ৰাখিলে এসপ্তাহলৈকে ভালে থাকে৷ কিন্তু সাধাৰণভাৱে ৰাখিলে সিজোৱা কণী মাত্ৰ তিনিঘণ্টামানলৈকেহে স্বাস্থ্যসন্মত হৈ থাকে৷ অৰ্থাৎ সিজোৱা কণী বেছিসময় বাহিৰত ৰখাটো  উচিত নহয়৷ সিজোৱা কণী ভালে ৰাখিবলৈ হ’লে তাৰ তাপমাত্ৰাত দৃষ্টি ৰখাটো প্ৰয়োজন৷ কণী সংৰক্ষণ কৰিবলৈ হ’লে ৪.৪ ডিগ্ৰী ছেলচিয়াছতকৈ কম তাপমাত্ৰাৰ প্ৰয়োজন৷