Logo
image

ভাৰতে বিচৰা মতেই হ’ব চেম্পিয়নছ ট্ৰফী

অৱশেষত চেম্পিয়নছ ট্ৰফীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অনিশ্চয়তা আঁতৰিল৷ অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চত আঠখন দেশে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া টুৰ্নামেণ্টখন পাকিস্তানত অনুষ্ঠিত হোৱাৰ কথা৷ কিন্তু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ দল নপঠিওৱাৰ সিদ্ধান্ত আৰু টুৰ্নামেণ্টখনৰ এখনো খেল দেশৰ বাহিৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত মানি লোৱা নহ’ব বুলি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে স্পষ্ট কৰি দিয়াৰ পাছত টুৰ্নামেণ্টখনক লৈ সৃষ্টি হৈছিল অনিশ্চয়তা ৷ অৱশ্যে শেষপৰ্যন্ত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিজৰ স্থিতি নৰম কৰিবলৈ বাধ্য হ’ল৷ চেম্পিয়নছ ট্ৰফীত ভাৰতে খেলিবলগীয়া খেলবোৰ ডুবাইত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছিল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আৰু আৰম্ভণিতে এনে প্ৰস্তাৱৰ বিৰোধিতা কৰিলেও শেষত তাক চৰ্তসাপেক্ষে মানি ল’লে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে৷ উল্লেখ্য, পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ২০০৮ চনৰ নৱেম্বৰত মুম্বাইত চলোৱা আক্ৰমণৰ পাছত দুয়োখন চুবুৰীয়া দেশৰ দ্বিপাক্ষিক ক্ৰিকেট সম্পৰ্কও স্থবিৰ হৈ আছে৷ যোৱা বছৰৰ এছিয়া কাপ খেলিবলৈও ভাৰতীয় দল পাকিস্তানলৈ যোৱা নাছিল আৰু ভাৰতৰ খেলবোৰ অনুষ্ঠিত কৰা হৈছিল শ্ৰীলংকাত৷ চেম্পিয়নছ ট্ৰফীত ভাৰতৰ খেল নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱত সন্মত হোৱাৰ বিনিময়ত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আগবঢ়োৱা চৰ্তকেইটা হৈছে যে টুৰ্নামেণ্টখনত ভাৰতৰ গ্ৰুপ পৰ্যায়ৰ খেলবোৰ ডুবাইত অনুষ্ঠিত কৰাৰ বিষয়টো তেওঁলোকে মানি ল’ব৷ কিন্তু ভাৰতৰ বিৰুদ্ধে খেলত আন দলৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগিব৷ দ্বিতীয়তে, ভাৰতে যদি চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় লয়, তেনেহ’লে পূৰ্বৰ সূচী অনুসৰি ছেমিফাইনেল আৰু ফাইনেল লাহোৰতে  অনুষ্ঠিত হ’ব লাগিব৷ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সবাতোকৈ গুৰুত্বপূৰ্ণ চৰ্তটো হৈছে যে পৰৱৰ্তী সময়ত ভাৰতত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ ইভেণ্টত ভাগ ল’বলৈ পাকিস্তান ক্ৰিকেট দলে ভাৰত ভ্ৰমণ নকৰে৷তাৎপৰ্যপূৰ্ণ যে ২০২৫ চনৰ পৰা ২০৩১ চনলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ চাৰিখন আগশাৰীৰ টুৰ্নামেণ্ট ভাৰতত অনুষ্ঠিত হোৱাৰ কথা৷ সেয়া হৈছে ২০২৫ চনৰ মহিলাৰ বিশ্বকাপ, ২০২৬ চনৰ টুৱেণ্টী২০ বিশ্বকাপ, ২০২৯ চনৰ চেম্পিয়নছ ট্ৰফী আৰু ২০৩১ চনৰ এদিনীয়া বিশ্বকাপ৷ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ চৰ্ত অনুযায়ী এই চাৰিওখন  টুৰ্নামেণ্টত পাকিস্তানৰ খেলবোৰ নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰিব লাগিব৷ সেই সময়লৈ পৰিস্থিতি কেনে হয়, সেই কথা এতিয়াই ক’ব নোৱাৰি৷ এতিয়া এটা কথায়েই নিশ্চিত হৈছে যে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰিয়েই চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব৷ কেইদিনমান আগলৈকে টুৰ্নামেণ্টখনক লৈ এনে এক অনিশ্চয়তাৰ সৃষ্টি হৈছিল যে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলো সমস্যাত পৰিছিল৷ কিয়নো, ভাৰত অথবা কোনো এখন দেশক বাদ দি টুৰ্নামেণ্টখন অনু্‌ষ্ঠিত কৰাটো সম্ভৱ নাছিল৷ চেম্পিয়নছ ট্ৰফী কোনো কাৰণত বাতিল হ’বলগীয়া হ’লে তাৰ ফলত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰো লোকচান হ’লহেঁতেন৷ আমেৰিকাত টুৱেণ্টী২০ বিশ্বকাপ অনুষ্ঠিত কৰি ইতিমধ্যে লোকচানৰ সন্মুখীন হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিল৷ সংবাদ মাধ্যমত এনে বাতৰিও প্ৰচাৰ হৈছে যে চেম্পিয়নছ ট্ৰফী হাইব্ৰিড ম’ডেলত অনুষ্ঠিত কৰা হ’লে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আন্তঃৰাষ্ট্ৰীয়  ক্ৰিকেট কাউঞ্চিলৰ পৰা ক্ষতিপূৰণ দাবী কৰিব পাৰে৷ উল্লেখ্য, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ বৰ্তমানৰ আৰ্থিক ম’ডেল অনুসৰি সংস্থাটোৰ ৰাজহৰ সৰ্বাধিক ৩৮.৫০ শতাংশ লাভ কৰে ভাৰতে৷ তাৰ বিপৰীতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে লাভ কৰে মাত্ৰ ৫.৭৫ শতাংশ৷ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এই পৰিমাণ বৃদ্ধিৰ দাবী তুলিব পাৰে বুলিও একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে৷ কিন্তু তেওঁলোকৰ এই দাবী মানি লোৱাটো সম্ভৱ নহ’ব, কিয়নো তেনে  কৰিলে আন দেশৰ ক্ৰিকেট ব’ৰ্ডৰ ফালৰ পৰা আপত্তি উত্থাপন হ’ব পাৰে৷