Logo
image

ৰাজ্যত ১,৩৮৫ মানুহৰ বিপৰীতে এজন চিকিৎসক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ ডিচেম্বৰ : ৰাজ্যত এখনৰ পাছত এখনকৈ নতুন চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ কৰা হৈছে৷ বিগত ১০টা বছৰত অসমত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংখ্যা ৫ খনৰ পৰা ১৪খনলৈ বৃদ্ধি পালে৷ সমান্তৰালভাৱে ৰাজ্যত এমবিবিএছৰ আসনৰ সংখ্যাও ৬২৬খনৰ পৰা বৃদ্ধি হ’ল ১,৬৫০খনলৈ৷ ৰাজ্যত নতুন নতুন চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ হ’লে আজিও চিকিৎসক আৰু ৰোগী অনুপাত  নীতিগত পৰিসংখ্যাৰ হোৱা নাই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰিখ অনুসৰি প্ৰতি ১,০০০ জন লোকৰ বিপৰীতে এজন চিকিৎসক থাকিব লাগে যদিও অসমত এতিয়া সেই মান স্পৰ্শ কৰিবলৈ বহুত বাকী৷ আজিৰ দিনটোত অসমত গড়ে প্ৰতি ১,৩৮৫জন লোকৰ বিপৰীতেহে এজনকৈ চিকিৎসক আছে৷ অসম মেডিকেল কাউঞ্চিলত বিগত নৱেম্বৰ পৰ্যন্ত পঞ্জীয়নভুক্ত চিকিৎসকৰ সংখ্যা হৈছে ২৫,৯৮০জন৷ এইসকল চিকিৎসকৰ ভিতৰত চৰকাৰী আৰু বেচৰকাৰী সকলো চিকিৎসকেই আছে৷ কিন্তু অসমত বৰ্তমানৰ জনসংখ্যা ৩ কোটি ৬০ লাখ বুলি ধৰিলে গড়ে প্ৰতি ১,৩৮৫জন লোকৰ বিপৰীতেহে এজনকৈ চিকিৎসক পৰে গৈ৷


ফলত ৰোগী আৰু চিকিৎসকৰ অনুপাতৰ বিশ্ব স্বাস্থ্য সংস্থাৰ নাম স্পৰ্শ কৰিবলৈ অসমত এতিয়াও চিকিৎসকৰ অভাৱ৷ লক্ষণীয় বিষয়টো হৈছে, অসমৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ কৰিলেও মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় বিশেষজ্ঞ চিকিৎসক-অধ্যাপকৰ অভাৱ৷ তদুপৰি স্বাস্থ্য (ক) সেৱাৰ অধীনতো ৰাজ্যৰ জিলা অসামৰিক হাস্পতাল আৰু স্বাস্থ্য কেন্দ্ৰসমূহত প্ৰায় ৭০০ চিকিৎসকৰ পদ খালী হৈ আছে৷ ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত বহু বিভাগত অধ্যাপকৰ নাটনিয়েই নহয়, চাংসাৰিস্থিত এইম্‌ছ গুৱাহাটীতো ৬টাকৈ বিভাগ আজিলৈকে কাৰ্যক্ষম কৰিব পৰা নাই৷ গেষ্ট্ৰ’এণ্ট্ৰ’লজী, নেফ্ৰ’ল’জী, অংক’ চাৰ্জাৰী, গেষ্ট্ৰ'চাৰ্জাৰীকে ধৰি মুঠ ৬টা বিভাগত আজিলৈকে এজনো চিকিৎসক নিযুক্তি দিয়া নাই৷ অৱশ্যে এইম্‌ছ গুৱাহাটীত ৮৯জন চিকিৎসকেৰে ২৯টা বিভাগৰ সেৱা আৰম্ভ কৰিছে৷ লক্ষণীয়ভাৱে ৰাজ্যৰ কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত টাটাৰ সহযোগত ৰাজ্যিক কেঞ্চাৰ হাস্পতাল নিৰ্মাণ কৰা হ’ল যদিও ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখনত নাই চি টি স্কেনৰ ব্যৱস্থা৷ যাৰ বাবে দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীসকলে বেচৰকাৰী লেব’ৰেটৰীত চৰা দামত চি টি স্কেন কৰিবলৈ বাধ্য হৈ পৰিছে৷