Logo
image

১২ ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বীট

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৫ ডিচেম্বৰঃ  মুখ্যমন্ত্ৰীৰ ডেড্‌লাইন মতেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ‘হত্যা’ৰ গোচৰৰ অভিযোগনামা দাখিলৰ বাবে সাজু হৈছে এছআইটি৷ ১৮ ডিচেম্বৰৰ পূৰ্বেই জুবিনৰ গোচৰটোৰ অভিযোগনামা দাখিলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়াত এতিয়া দিন-ৰাতি একাকাৰ কৰি অভিযোগনামা প্ৰস্তুতত ব্যস্ত হৈ পৰিছে এছ ডি জি পি মুন্নাপ্ৰসাদ গুপ্তা নেতৃত্বাধীন এছআইটিৰ ৯ জনীয়া দলটো৷ জুবিনৰ ‘হত্যা’ৰ গোচৰটোত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক অভিযুক্ত কৰি এছআইটিয়ে প্ৰায় ৩,৫০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিব৷ অভিযোগনামাত যাতে কোনো আইনী খুঁট থাকি নাযায়, তাক নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ মহাধিবক্তাৰ সৈতে ইখনৰ পাছত সিখন বৈঠকত মিলিত হৈছে এছআইটি৷ আনকি পানী নসৰকা অভিযোগনামা প্ৰস্তুতৰ স্বাৰ্থত পুৱতি নিশা তিনি বজালৈ ব্যস্ত থাকিবলগীয়া হৈছে এছআইটিয়ে৷ অভিযোগনামাত জুবিন গাৰ্গক ছিংগাপুৰত কিদৰে ‘হত্যা’ কৰিছিল, ‘হত্যা’ৰ বাবে কেনেকৈ ষড়যন্ত্ৰ কৰা হৈছিল, ‘হত্যা’কাণ্ডত কোনে কেনেকৈ সহায় কৰিছিল– এই সকলো কথা থাকিব বুলিও এছআইটিৰ এটা শীৰ্ষ সূত্ৰই জানিবলৈ দিছে৷ অভিযোগনামাত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে এজাহাৰ দাখিলকাৰী সকলোৱে সাক্ষ্য গাঁঠি দিয়াই নহয়, বিহু কমিটী, জুবিনৰ সহযোগীসহ মুঠ ২০০জনৰো অধিক ব্যক্তি বিশেষৰ সাক্ষ্য থাকিব৷ ইয়াৰোপৰি অভিযোগনামাৰ সৈতে ছিংগাপুৰ আৰক্ষীয়ে প্ৰেৰণ কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, নতুন দিল্লীৰ কেন্দ্ৰীয় ফৰেনছিকৰ ভিছেৰা ৰিপ’ৰ্টৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ লগতে অসমৰ বিশেষঃ চিকিৎসকৰ প্ৰতিবেদন দাখিল কৰিব৷ ইমানেই নহয়, এছআইটিয়ে জুবিন গাৰ্গৰ আৰ্থিক দিশ অৰ্থাৎ ধন আত্মসাতৰ বিষয়টোক অভিযোগনামাত স্থান দিব বুলিও জানিব পৰা গৈছে৷ অৱশ্যে, জুবিনৰ মৃত্যুক লৈ কোনদিনা এছআইটিয়ে অভিযোগনামা দাখিল কৰিব তাক চূড়ান্ত কৰা নাই৷


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে ৮ ডিচেম্বৰত অভিযোগনামা দাখিল কৰিব বুলি ঘোষণা কৰিছিল৷ কিন্তু ৮ ডিচেম্বৰৰ দিনটোত আমেৰিকান ৰেপাৰ প’ষ্ট মেলনৰ গুৱাহাটী কনচাৰ্ট থকাত জুবিনৰ চাৰ্জশ্বীট দাখিলক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল৷ এই বিতৰ্কৰ বাবেই মুখ্যমন্ত্ৰীয়ে সুৰ সলনি কৰি বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত ১০ ডিচেম্বৰৰ ভিতৰতহে চাৰ্জশ্বীট দিব বুলি ঘোষণা কৰিছিল৷ কিন্তু শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে এছআইটিয়ে ১২ ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব বুলি জানিবলৈ দিছে৷ যিহেতু ১৮ ডিচেম্বৰত অভিযুক্তকেইজনক গ্ৰেপ্তাৰৰ ৯০ দিন সম্পূৰ্ণ হ’ব, সেয়ে ১৮ ডিচেম্বৰৰ পূৰ্বে অভিযোগনামা দাখিল কৰিব নোৱাৰিলে সিদ্ধাৰ্থ আৰু শ্যামকানু বাহিনীয়ে আইনী সুৰুঙাৰ সুযোগ লৈ জামিন লাভ কৰিব বুলিও আশংকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ এই সন্দৰ্ভত শুকুৰবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ‘এছআইটিৰ সকলো কাম হৈ গৈছে৷ এছআইটিয়ে মোক কোৱা মতে, তেওঁলোকে প্ৰায় ৩,৫০০ ডকুমেণ্ট প্ৰস্তুত কৰিছে৷ এই ৩,৫০০ ডকুমেণ্টক লৈ মহাধিবক্তাৰ লগত এছআইটিৰ কালিও বৈঠক হৈছে, চাৰ্জশ্বীট দাখিলৰ দিন চূড়ান্ত কৰাৰ বাবে৷ ১৮ ডিচেম্বৰত চাৰ্জশ্বীট দাখিৰ শেষ দিন৷ সেইবাবে ৬ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰৰ ভিতৰত তেওঁলোকে চাৰ্জশ্বীট দি দিব৷ কাৰণ ১৮ ডিচেম্বৰৰ আগত আমি চাৰ্জশ্বীট দিবই লাগিব৷ নহ’লে জে’লত থকা মানুহকেইজনে জামিন পাই যাব৷ ১৮ ডিচেম্বৰৰ আগত চাৰ্জশ্বীট দিবলৈ আইনমতে বাধ্য৷ মই সেইকাৰণে এছআইটিক কৈছোঁ– ১৮ তাৰিখলৈ ৰৈ থাকিব নালাগে, কেইদিনমান আগতেই দি দিয়ক৷ কিন্তু এছআইটিয়ে মোক কৈছে যে প্ৰায় ৩,০০০-৩,৫০০ ডকুমেণ্ট আছে৷ সেইবিলাক জেৰক্স কৰিব লাগিব, প্ৰতিখন ডকুমেণ্টতে স্বাক্ষৰ কৰিব লাগিব৷ গতিকে মই ভাবোঁ এই গোটেই কামবোৰ কৰি ১২ তাৰিখৰ আগত এছআইটিয়ে যেনে তেনে চাৰ্জশ্বীট দিবই৷’