 
                        খৰ্ব হ’ব তোমাৰ মহা গৰ্ব... মন্ত্ৰী অতুলে কাক ভাবুকি দিলে
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ অক্টোবৰঃ সহযোগী মিত্ৰদল ইউপিপিএলক বিজেপিয়ে নিৰ্মমভাৱে এলাগী কৰাৰ পাছতে হঠাতে যেন আৱেগিক আৰু ভাবুক হৈ পৰিছে অগপৰ সভাপতি অতুল বৰা৷ শেহতীয়াকৈ অগপৰ প্ৰতিষ্ঠা দিৱসৰ পূৰ্বে সামাজিক মাধ্যমত অসম আন্দোলনৰ সেই আৱেগময় দিনবোৰৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি হঠাৎ নষ্টালিজিক হৈ পৰিছিল অগপৰ বৰ্তমানৰ সভাপতি অতুল বৰা৷ ইয়াৰ পাছতে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সুদীৰ্ঘ বছৰৰ বিৰতিৰ মূৰত আমবাৰীৰ মুখ্য সদৰলৈ অতুল বৰাৰ উদ্যোগত লৈ অহা হ’ল প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ৷ মহন্তক জনোৱা হ’ল বিপুল সম্বৰ্ধনা৷ বৰাৰ উদ্যোগতে আমবাৰীত ক্ষণিকৰ বাবে হ’লেও অনুৰণিত হ’ল জুয়ে পোৰা ৮৩’ৰ সেই আৱেগিক দিনবোৰৰ স্মৃতি৷ দিনচেৰেক পূৰ্বে অগপৰ ভৱিষ্যত আৰু ’২৬ৰ ৰণকৌশল নিৰ্ধাৰণৰ বাবে গুৱাহাটীৰ পাশ্বৱৰ্তী ন-মাইলৰ নিৰিবিলি প্ৰান্তত অনুষ্ঠিত কৰিলে চিন্তন বৈঠক৷
এই বৈঠকৰ পাছতে বৰাই ঘোষণা কৰিলে যে এজিপি এইবোৰ ভেৰি ছিৰিয়াছ৷ শিপা থকা সমষ্টিত অগপই ৰাজনৈতিক কাম-কাজ অধিক তৰাম্বিত কৰিব৷ কমেও ৬০টা সমষ্টি এইবাৰ অগপই বিধানসভাৰ নিৰ্বাচন খেলিব পৰাকৈ সাজু হ’ব৷ অগপৰ এই তৎপৰতাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে যে বিজেপিয়েও নিজৰ শিপা থকা সমষ্টি এৰি নিদিয়ে৷ ’চ্ছত অগপৰে মিত্ৰতা হ’লেও আসনৰ সাল-সলনি হ’ব৷ শেহতীয়া এনে ৰাজনৈতিক ঘটনাক্ৰমৰ মাজতে বোকাখাতত সাহিত্য সভাৰ এক কাৰ্যসূচীত কবি আৰু আবৃত্তিকাৰৰ ৰূপত দেখা গ’ল অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাক৷ সাহিত্যৰ মেহফিলত নিজৰ স্বৰচিত কবিতা আবৃত্তি কৰি বৰাই গীতিময় ভাষাৰে ক’লে– ‘বন্ধু পাহৰি যোৱা নাই, কলিজা গৰকি ৰজা হোৱাৰ কথা, যিদিনা নেকি মিলিব ক্ষণ, খৰ্ব হ’ব তোমাৰ মহা গৰ্ব, সত্যৰ যদি হয় জয়, ধৰ্মৰ যদি জয় হয়, ধবংস হ’বা তুমি, ধবংস কৰিম আমি, বাট চোৱা সেই দিনলৈ৷’ মন্ত্ৰী বৰাৰ এই কবিতাই ধুমুহাৰ সৃষ্টি কৰিছে৷ এতিয়া ৰাজনৈতিক মহলৰ প্ৰশ্ন– কবিতাৰ পংক্তিৰ আঁৰ লৈ ‘খৰ্ব হ’ব তোমাৰ মহা গৰ্ব’ বুলি প্ৰকৃততে কাক ভাবুকি দিলে মন্ত্ৰী অতুল বৰাই৷






