Logo
image

নিলামত উপেক্ষিত উৰ্ভিলৰ টি-২০ত বিশ্ব অভিলেখ

ইন্দোৰ, ৪ ডিচেম্বৰ: আই পি এলৰ নিলামত উপেক্ষিত হৈছিল তেওঁ৷ কোনো দলে উৰ্ভিল পেটেলক ক্ৰয় কৰা নাছিল৷ কিন্তু নিলামৰপাছতে টি-টুৱেণ্টী ক্ৰিকেটত চমক দিছে গুজৰাটৰ এই বেটাৰে৷ ছদিনত টি-টুৱেণ্টী ক্ৰিকেটত তেওঁ অৰ্জন কৰিছে দ্বিতীয়টো শতক৷ ছৈয়দ মুস্তাক আলী ট্ৰফী টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাত  মঙলবাৰে উত্তৰাখণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰে গুজৰাটৰ অ’পেনাৰজনে৷ পেটেলে ৩৬ বলত অৰ্জন কৰা শতকৰ সহায়ত গুজৰাটে মেচখনত মাত্ৰ ১৩.১ অভাৰতে আঠ উইকেটত জয় অৰ্জন কৰে৷ মঙলবাৰে লাভ কৰা সফলতাৰে টি-টুৱেণ্টী ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় উৰ্ভিল পেটেলে৷


টি-টুৱেণ্টী ক্ৰিকেটৰ ইতিহাসত ৪০টাতকৈ  কম বলত দুবাৰ শতক অৰ্জন  কৰা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় উৰ্ভিল পেটেল৷ মধ্য প্ৰদেশৰ ইন্দোৰৰ এই একে খেলপথাৰতে যোৱা সপ্তাহত ত্ৰিপুৰাৰ বিৰুদ্ধে ২৮টা বলত শতক অৰ্জন কৰি অভিলেখ গঢ়িছিল খেলুৱৈজনে৷ মঙলবাৰে গুজৰাটৰ সন্মুখত লক্ষ্য আছিল ১৮৩ ৰানৰ৷ কিন্তু উৰ্ভিলে ৪১টা বলত সংগ্ৰহ কৰা অপৰাজিত  ১১৫ ৰানে দলৰ জয় সহজ কৰি তুলে৷ তেওঁৰ ইনিংছত আছিল আঠটা চাৰি আৰু ১১টা ছয়৷ ছৈয়দ মুস্তাক আলী ট্ৰফীৰ ইয়াৰ আগৰখন খেলত ক্ৰিকেটাৰজনে ৩৫টা বলত ১১৩ ৰানৰ ইনিংছ খেলিছিল৷ টি-টুৱেণ্টী ক্ৰিকেটৰ ইতিহাসত ভাৰতীয় হিচাপে তেওঁ দ্ৰুততম শতক অৰ্জন কৰিছিল৷ টি-টুৱেণ্টী ক্ৰিকেটত দ্ৰুততম শতকৰ অভিলেখ আছে ইষ্টোনিয়াৰ ছাহিল চৌহানৰ নামত৷ চলিত বৰ্ষৰ প্ৰথম ভাগত তেওঁ ২৭টা বলত শতক অৰ্জন কৰিছিল৷