সঞ্জয় কিষাণ অপসাৰিত, প্ৰশান্ত ফুকন-ৰূপেশ গোৱালা-কৃষ্ণেন্দু পাল-কৌশিক ৰাই নতুন মন্ত্ৰী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ডিচেম্বৰ : সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে তেওঁৰ মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত কৰিবলগীয়া ৪ জন বিধায়কৰ নাম ঘোষণা কৰে৷ উল্লেখ্য, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক কেন্দ্ৰ কৰি দিছপুৰৰ বাহিৰে-ভিতৰে দীৰ্ঘদিন ধৰি ব্যাপক চৰ্চা অব্যাহত আছিল৷ ৭ ডিচেম্বৰত দিনৰ ১২ বজাত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰাই, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই নতুন মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ঘোষণা কৰে৷ প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী শৰ্মাই বৰাক উপত্যকাৰ পৰা এজনকহে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও আজি দেখা গ’ল যে বৰাক উপত্যকাৰ পৰা দুজনকৈ দলীয় বিধায়ক ক্ৰমে কৌশিক ৰাই আৰু কৃষ্ণেন্দু পালক মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ সিদ্ধান্ত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷
ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছৰে পৰা ড॰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত বৰাকৰ প্ৰতিনিধি শূন্য হৈ পৰে৷ কিন্তু সকলোকে আচৰিত কৰি কছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ দুবাৰৰ বিজেপি বিধায়ক তথা চাহ জনগোষ্ঠীৰ কৌশিক ৰাই আৰু শ্ৰীভূমি জিলাৰ পথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালক মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ সিদ্ধান্ত লয় মুখ্যমন্ত্ৰীয়ে৷ বিধায়ক পালো বিজেপিৰ দুবাৰৰ বিধায়ক৷ আনহাতে, মন্ত্ৰী সঞ্জয় কিষানৰ স্থানত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদকৰো দায়িত্বত থকা প্ৰথমবাৰৰ বিধায়ক ৰূপেশ গোৱালাক মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ সিদ্ধান্ত লয় মুখ্যমন্ত্ৰীয়ে৷ প্ৰাক্তন কংগ্ৰেছ নেতা গোৱালা মুখ্যমন্ত্ৰীৰো অতি ঘনিষ্ঠ৷ আনহাতে, ২০০৬ চনৰ পৰা একেৰাহে প্তবাৰ বিজেপিৰ বিধায়ক হিচাপে ডিব্ৰুগড় সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা বিধায়ক প্ৰশান্ত ফুকনৰ মন্ত্ৰিত্বক কেন্দ্ৰ কৰি দীৰ্ঘ সময় ধৰি নানা জল্পনা-কল্পনা আৰু চৰ্চা অব্যাহত আছিল আৰু আজি অৱশেষত বিধায়ক ফুকনৰ দীৰ্ঘদিনীয়া সপোন পূৰণ হোৱাৰ পথ মুকলি কৰি দিয়ে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ চাৰিজন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰিলেও বৰ্তমানো ড॰ শৰ্মা মন্ত্ৰীসভাত খালী আছে ৩টা মন্ত্ৰীপদ৷ প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীও মন্ত্ৰিত্বৰ দৌৰত আছে৷
বিটিচি পৰিষদৰ দুই কাৰ্যবাহী সদস্য নিযুক্তি
‘আমাৰ অসম’ৰ কোক্ৰাঝাৰৰ বিশেষ প্ৰতিনিধি : সুদীৰ্ঘ দিন ধৰি খালি হৈ থকা বিটিচি পৰিষদৰ দুটাকৈ কাৰ্যবাহী সদস্য পদত অসম চৰকাৰৰ পৰা আজি এক নিৰ্দেশনাযোগে নিযুক্তি দিয়া হয়৷ ৰাজ্যপাল সচিবালয়ৰ আয়ুক্ত তথা সচিব এছ এছ মীনাক্ষী সুন্দৰমে প্ৰেৰণ কৰা no . GSA.৬৭/২০২৪/১৫ নিৰ্দেশনাযোগে শ্ৰীৰামপুৰৰ বিজেপি পাৰিষদ সজল সিংহ আৰু চিৰাঙৰ ইউপিপিএলৰ পাৰিষদ ছাইকং বসুমতাৰীক প্ৰমোদ বড়োৰ পৰা প্ৰেৰণ কৰা পত্ৰমৰ্মে বিটিচি পৰিষদীয় চৰকাৰৰ কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি দিয়া হয়৷ উল্লেখ্য, ইয়াৰ পূৰ্বে বিজেপিৰ কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জিহাৰী আৰু গণ সুৰক্ষা পাৰ্টীৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসক বিটিচি পৰিষদীয় চৰকাৰৰ পৰা চৰকাৰী নিৰ্দেশনাযোগে কাৰ্যবাহী সদস্য পদৰ পৰা আঁতৰাই পঠিওৱা হৈছিল৷