Logo
image

উক্তি-বক্ৰোক্তি

দিল্লীৰ আইন-শৃংখলা ৰক্ষা কৰা দায়িত্ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ৷ তেওঁ পিছে নিৰ্বাচনক লৈ ব্যস্ত থাকে৷ ফলত দিল্লী গেংষ্টাৰৰ দখললৈ গৈছে৷ আজি দিল্লীত হোৱা দুটা হত্যাকাণ্ডৰ ঘটনাই তাকে প্ৰমাণ কৰে৷ 

– আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল


যদি মিডিয়া কোম্পানী কাঢ়িব লাগে, তেন্তে চিবিআই আপোনাৰ লগত আছে৷ বিমানবন্দৰ যদি কাঢ়িব লাগে, তেন্তে ইডি আপোনাৰ লগত আছে৷ অষ্টে˜লিয়াত যদি কয়লাৰ খনি ল’ব লাগে, তেন্তে এছবিআই আপোনাৰ লগত আছে৷ 

– যোৰহাটৰ সাংসদ গৌৰৱ গগৈ


আজি আমি সিদ্ধান্ত ল’লো, এইবাৰ বিজয়ী হৈ অহা আমাৰ দলৰ বিধায়কসকলে শপত গ্ৰহণ নকৰে৷ নিৰ্বাচনটোত খেলি-মেলি হৈছে, ইভিএমৰ ওপৰত সন্দেহ আছে৷ জনতাই ভোট দি বিজয়ী কৰোৱা হ’লে ৰাজ্যজুৰি আনন্দোৎসৱ হ’লহেঁতেন৷ এতিয়া কিন্তু তেনে একো নাই৷ 

–  শিৱসেনাৰ নেতা আদিত্য থাকৰে


অসমত গাহৰি মাংস বন্ধ কৰাৰ কোনো প্ৰশ্নই নাই৷ আমি চৰকাৰে আঁচনি দি আছোঁ, আৰু ভালকৈ গাহৰি মাংসৰ ব্যৱহাৰ হওক৷ ই এটা ইক’নমি৷ 

– অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


ভাৰতে বুজিব লাগিব, বাংলাদেশৰ মানুহে আৰু নতজানু হৈ নীতি মানি নলয়৷ আমি সমঅধিকাৰ আৰু সমমৰ্যাদাৰ ভিত্তিতহে বন্ধুত্ব বিচাৰোঁ৷

– বাংলাদেশৰ আইন উপদেষ্টা আছিফ নজৰুল


অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিলেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এছ আই টি গঠন কৰা হ’ব৷ 

– প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা


শিৱসেনাৰ যদি ভোট গ্ৰহণক লৈ আপত্তি আছে তেন্তে তেওঁলোকে নিৰ্বাচন আয়োগৰ ওচৰত আপত্তি উত্থাপন কৰক৷ তাতো সমাধান নাপালে তেওঁলোক আদালতলৈ যাওঁক৷ হকে-বিহকে ইভিএমক দোষ দি লাভ নাই৷ 

– মহাৰাষ্ট˜ৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ


মই অতি শীঘ্ৰে বিজেপিত যোগদান কৰিম৷ মই এইটো কথা মুকলিকৈ কৈছোঁ৷ মই ভিতৰত এটা, বাহিৰত এটা ৰখা নাই৷ 

– কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ


বলীউডৰ লবী সহ্য কৰিব নোৱাৰি ছবি জগতৰ পৰা ওলাই অহাৰ সিদ্ধান্ত মোৰ সঠিক আছিল৷ দেউতা আৰু মোৰ শিক্ষাগত অৰ্হতা আছিল৷ ব্যৱসায়ত নামি মই সফল হৈছোঁ৷ এতিয়া মোৰ ১২ শ কোটিৰ সম্পদ আছে৷ 

– বলীউডৰ প্ৰাক্তন অভিনেতা বিবেক অবেৰয়


মই মহম্মদ ছিৰাজক ‘ৱেল বলড’ বুলি কৈছিলোঁ৷ কিন্তু তেওঁ যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তাক আচৰিত হ’লোঁ৷ তেওঁ সেই প্ৰতিক্ৰিয়াৰে নিজকে উদঙাই দেখুৱাইছে৷ 

– অষ্ট্ৰেলিয়াৰ বেটাৰ ট্ৰেভিছ হেড