অমিতা সকলোৰে বাবে উপকাৰী নহ’বও পাৰে
অমিতাত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু ভিটামিন ‘চি’ থাকে৷ স্বাস্থ্যৰ বাবে অমিতা উপকাৰী৷ সেয়ে পুষ্টিবিদসকলে অমিতা নিয়মীয়াকৈ খোৱাৰ পৰামৰ্শ দিয়ে৷ কিন্তু অমিতা অত্যাধিক খালে উপকাৰৰ সলনি অপকাৰ হোৱাৰ সম্ভাৱনা বেছি৷ তদুপৰি কিছুমান সমস্যাত অমিতা নোখোৱাকৈ থকা উচিত৷ উল্লেখ কৰা হ’ল কোনবোৰ সমস্যাত অমিতাই ক্ষতি কৰে–
- অমিতাত ভিটামিন ‘চি’ থাকে৷ এইবিধ উপাদান কেলছিয়ামৰ সৈতে মিহলি হ’লে সমস্যা হ’ব পাৰে৷ এনেক্ষেত্ৰত যিসকলৰ কিডনী ষ্টনৰ সমস্যা আছে তেওঁলোকে অমিতা নোখোৱাই ভাল৷
- তেজ পাতল কৰাৰ দৰৱ খাই থাকিলে অমিতা নাখাব৷ হৃদৰোগত আক্ৰান্ত সকলে এনেধৰণৰ দৰৱ খায়, যাতে ৰক্ত সঞ্চালনত সমস্যা নহয়৷ এইধৰণৰ ৰোগীয়ে অমিত খালে আঘাতৰ বাবে হোৱা ৰক্তক্ষৰণ সহজে বন্ধ নহয়৷
- শ্বাস-প্ৰশ্বাসৰ সমস্যা থাকিলে অমিতা নোখোৱাই শ্ৰেয়৷ কিয়নো অমিতাত থকা এনজাইমে হাপানী ৰোগীৰ ক্ষতি কৰে৷
- গৰ্ভৱতী মহিলাসকলে অমিতা কোনোপধ্যেই খাব নালাগে৷ অমিতাই ভ্ৰূণৰ ক্ষতি কৰে৷
- যিসকলৰ এলাৰ্জি আছে, তেওঁলোকে ভুলতো অমিতা নাখাব৷ কিয়নো অমিতাত থকা পেপেইন নামৰ উপাদানবিধে এলাৰ্জিৰ সমস্যা বৃদ্ধি কৰে৷ ফলত খজুৱতি আৰু ছালত জ্বলা-পোৰা সমস্যা হয়৷






