Logo
image

চীনৰ ‘বেল্ট এণ্ড ৰোড’ প্ৰকল্প আৰু ভাৰত

বাতৰিত প্ৰকাশ পোৱা মতে নেপালৰ নতুন প্ৰধানমন্ত্ৰী কে পি শৰ্মা ওলিয়ে দায়িত্ব গ্ৰহণৰ পাছত  কিছুদিন পূৰ্বে চীন ভ্ৰমণ কৰিছে৷ যিটো হৈছে  নতুন প্ৰধানমন্ত্ৰীজনৰ  প্ৰথম বিদেশ ভ্ৰমণ৷ ইয়াৰ আগতে নেপালৰ নৱ-নিযুক্ত প্ৰধানমন্ত্ৰীসকলৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথম বিদেশ ভ্ৰমণ আছিল ভাৰত৷ ভাৰত আৰু নেপালৰ দ্বিপাক্ষিক সু-সম্পৰ্ক দীৰ্ঘদিনীয়া৷ কিন্তু এইবাৰ নৱ-নিযুক্ত নেপালী প্ৰধানমন্ত্ৰীজনে প্ৰথম বিদেশ ভ্ৰমণ হিচাপে ভাৰতৰ পৰিৱৰ্তে চীনলৈ যোৱাটো স্বাভাৱিকতে বহুতৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷ নেপাল ভাৰতৰ উত্তৰৰ এখন সৰু স্বাধীন দেশ৷ নেপালৰ মাটিকালি ১,৪৭,১৮১ বৰ্গ কিলোমিটাৰ৷ নেপালৰ জনসংখ্যা প্ৰায় তিনি কোটি পঞ্চাশ লাখ৷ দেশখনৰ জনমূৰি গড় ৰাষ্ট্ৰীয় ঘৰুৱা উৎপাদন ভাৰতৰ উৎপাদনৰ প্ৰায় চল্লিশ শতাংশ৷ ব্ৰিটিছৰ দিনৰ পৰাই ভাৰতৰ লগত নেপালে সু-সম্পৰ্ক ৰক্ষা কৰি আহিছে৷ চিপাহী বিদ্ৰোহৰ পাছত যেতিয়া ব্ৰিটিছ চৰকাৰে ভাৰতীয় সৈন্যবাহিনীত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোকৰ মকৰল বন্ধ কৰে তেতিয়া ব্ৰিটিছে তাৰ পৰিৱৰ্তে সৈন্য বাহিনীত শিখ আৰু পাঠানৰ উপৰিও বৃহৎ হাৰত গোৰ্খা (নেপালী)সকলক মকৰল কৰিবলৈ লয়৷ এতিয়াও ভাৰত, ইংলেণ্ড আৰু ছিংগাপুৰে  গোৰ্খা সৈনিকসকলৰ সাহস আৰু বীৰত্বৰ কাৰণে তেওঁলোকক যথেষ্ট গুৰুত্ব দিয়ে৷ নেপাল এখন পাহাৰীয়া দেশ৷ দেশখনে ভাৰতৰ উত্তৰ সীমান্ত বহুত পৰিমাণে সুৰক্ষিত কৰি ৰাখিছে৷ নেপাল বহুত সা-সামগ্ৰী আৰু সুবিধাৰ কাৰণে ভাৰতৰ ওপৰত নিৰ্ভৰশীল৷ ভাৰত স্বাধীন হোৱাৰ পাছত যোৱা শতিকাৰ পঞ্চাশৰ দশকত ভাৰতৰ পৰা কাঠমাণ্ডুলৈ ত্ৰিভূৱন ৰাজপথ নামেৰে এটা সুন্দৰ ৰাস্তা নিৰ্মাণ কৰা হৈছিল৷ এতিয়া ভাৰতীয় সৈন্যবাহিনীত হাজাৰ হাজাৰ গোৰ্খা সৈনিকে কাম কৰি আছে৷নেপালৰ নৱ-নিযুক্ত প্ৰধানমন্ত্ৰীজনে কাৰ্যভাৰ গ্ৰহণ কৰিয়ে প্ৰথমে চীনলৈ যোৱাৰ শ্বক্‌টো শেষ নৌহওতেই বাতৰিত প্ৰকাশ পাইছে যে নেপালী প্ৰধানমন্ত্ৰী ওলিয়ে চীনৰ লগত অন্য বহুত চুক্তি স্বাক্ষৰ কৰাৰ উপৰিও চীনৰ বিখ্যাত আঁচনি বা কাৰ্যক্ৰম ‘বেল্ট এণ্ড ৰোড’ৰো অংশীদাৰ হ’ব৷ এইটো বাস্তৱত পৰিণত হ’লে ভাৰতৰ বাবে নিশ্চয় ভাল নহ’ব৷১৮৭২ চনৰ পৰাই চীনৰ এটা ভাব আছে যে কুৰি বা এই শতিকাৰ মধ্যভাগত চীন পৃথিৱীৰ আটাইতকৈ শক্তিশালী দেশ হ’ব পাৰিব৷ চীনে সেই সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ কামো কৰি আছে৷ ‘বেল্ট এণ্ড ৰোড’ আঁচনিৰ অধীনত চীনে এছিয়া আৰু আফ্ৰিকা মহাদেশত স্থলপথ আৰু ভাৰত মহাসাগৰ, আৰৱ সাগৰ আৰু পূবে প্ৰশান্ত মহাসাগৰত নৌ বন্দৰ, নৌ বাহিনীৰ ঘাটি নিৰ্মাণ আদিৰ কাম ব্যাপক হাৰত কৰি আছে৷হিমালয়ৰ ওপৰেদি চীনে তিব্বতৰ ৰাজধানী লাছা চীনৰ লগত সংলগ্ন কৰিছে৷ চীনৰ ট্ৰেইন এতিয়া সামগ্ৰী লৈ চাংহাইৰ পৰা সাত দিনত টেহৰাণ পায় আৰু পোন্ধৰ দিনত লণ্ডন পায়৷ চীনাসকলে যদি অহা সাত-আঠ বছৰত লাছাৰ পৰা কাঠমাণ্ডুলৈ ৰে’ল লাইন আনে তেনেহ’লে কাঠমাণ্ডুৰ পৰা নেপালৰ দক্ষিণ সীমালৈ অৰ্থাৎ ভাৰতৰ সীমালৈ ৰে’ল লাইন আনিবলৈ কেইবছৰনো লাগিব? চীনে এবাৰ নেপালত পথ, ৰে’লআলি, বিমান বন্দৰ নিৰ্মাণত লাগিলে চীনৰ সৈন্যৰ বাবে নেপালত ছাউনী বনোৱাত ভাৰতে বাধা দিব পাৰিবনে? চীন দেশৰ সুপৰিকল্পিত দীৰ্ঘদিনীয়া আঁচনিবোৰৰ ফল আমাৰ দেশৰ বাবে সময়ত কিমান ভয়ানক হ’ব পাৰে আমি ভাবি চাইছোনে? কাঠমাণ্ডুৰ পৰা ভাৰতৰ সীমালৈ দূৰত্ব পোনে পোনে ১২০ কিলোমিটাৰমানৰ বেছি নহয়৷ চীন আৰু নেপালে একলগ হৈ নেপালত ৰাস্তা, ৰে’ল লাইন আদি নিৰ্মাণকৰি ভাৰতৰ বাবে কেনেধৰণৰ বিপদ আনিব পাৰে কোনে ক’ব? চীনৰ এতিয়া যেন পইচাৰ অভাৱ নাই৷ নেপালকে ধৰি হিমালয় পৰ্বতমালাই আমাক চীনৰ পৰা ৰক্ষা কৰি আহিছে কাৰণ হিমালয় পাহাৰ অতিক্ৰম কৰি সহজে লাখ লাখ সেনাই আমাক আক্ৰমণ কৰা টান৷ কিন্তু ৰে’ল আৰু বিমান ঘাটিয়ে কথাবোৰ বহুত সহজ নকৰিবনে?আমাৰ প্ৰতিৱেশী দেশ পাকিস্তান আৰু চীনৰ লগত আমাৰ সম্বন্ধ ভাল নহয়৷ শ্ৰীলংকা, ম্যানমাৰ আৰু বাংলাদেশৰ লগতো আমাৰ সম্বন্ধ সৌহাৰ্দ্যপূৰ্ণ নহয়৷ আমি নিজকে বিশ্বগুৰু বুলি কওঁ যদিও আমাৰ প্ৰতিৱেশী দেশ ভূটানৰ বাহিৰে আমাক আন কোনোৱে কিয় যেন ভাল নাপায়৷ সকলো প্ৰতিৱেশীকে আমাৰ প্ৰতি ভাল হৈ থাকিব নিদিলে আমাক পাপুৱা নিউগিনি বা পানামা দেশে ভাল পালে কি হ’ব? নেপালৰ নিচিনা সৰু দেশ এখনেও আমাৰ প্ৰতি তেওঁলোকৰ স্থিতি কিয় সলনি কৰা যেন লাগিছে? দোষ আমাৰ নে প্ৰতিৱেশী দেশবোৰৰ? অৱশ্যে চীন আৰু পাকিস্তান আমাৰ বহুদিনৰ পৰাই শত্ৰু৷ আমাৰ বৈদেশিক নীতি নিৰ্ধাৰণ কৰা বিশেষজ্ঞসকলে নিশ্চয় কথাবোৰ বিচাৰ কৰি চাই আছে আৰু হয়তো যাৱতীয় ব্যৱস্থা ল’ব যাতে আমাৰ কিছুমান প্ৰতিৱেশীৰ সহায়ত চীন আৰু পাকিস্তানে আজিৰ পৰা বিশ বা ত্ৰিশ বছৰ পাছত আমাৰ কাৰণে ভয়ানক বিপদৰ সৃষ্টি নকৰে৷