এডিলেইডত ১০ উইকেটত পৰাস্ত ভাৰত
এডিলেইড, ৯ ডিচেম্বৰ: এডিলেইডত গোলাপী বলৰ টেষ্টত কেতিয়াও হৰা নাই অষ্ট্ৰেলিয়া৷ ভাৰতৰ বিৰুদ্ধে দিবা-নৈশ টেষ্টতো সেই ৰেকৰ্ড অক্ষত হৈ ৰ’ল৷ তিনিদিনৰো কম সময়ত সামৰণি পৰা টেষ্টখনত অষ্ট্ৰেলিয়া জিকিল ১০ উইকেটত৷ দেওবাৰে কোনো উইকেট নেহেৰুৱাকৈয়ে ১৯ ৰানৰ সহজ লক্ষ্যত উপনীত হ’ল ঘৰুৱা দলটো৷ এই জয়েৰে পাঁচখনীয়া মেচৰ শৃংখলাটোত অষ্ট্ৰেলিয়াই ১-১ত সমতা স্থাপন কৰিলে৷ নীতীশ কুমাৰ ৰেড্ডীৰ প্ৰদৰ্শনৰ সহায়ত ভাৰত ইনিংছ পৰাজয়ৰ পৰা ৰক্ষা পৰিল যদিও দলটোৱে লজ্জাজনক পৰাজয় এৰাই চলিব নোৱাৰিলে৷ এডিলেইডত আঠখন দিবা-নৈশ টেষ্টত অংশ লৈ আটাইকেইখনতে অষ্ট্ৰেলিয়াই জয় অৰ্জন কৰিলে৷ দ্বিতীয় টেষ্টত সকলো মিলি এডিলেইডত খেলা হ’ল ১৭১.৫ অভাৰ৷
অভাৰৰ দিশৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ এইখন আটাইতকৈ কম সময়ৰ টেষ্ট৷ উল্লেখ্য, খেলাৰ দ্বিতীয় দিনাই ভাৰতৰ পৰাজয় এক প্ৰকাৰ নিশ্চিত হৈছিল৷ দেওবাৰে ভাৰতে ১২৮-৫১ পৰা খেল আৰম্ভ কৰে৷ ইনিংছ পৰাজয়ৰ পৰা হাত সৰাৰ বাবে দেওবাৰে দলক প্ৰয়োজন আছিল ২৯ ৰান৷ নীতীশে ৪২ ৰান কৰি সেই অৱস্থাৰ পৰা দলক উদ্ধাৰ কৰে৷ কিন্তু অষ্ট্ৰেলিয়াৰ সন্মুখত দলটোৱে প্রত্যাহ্বানজনক স্ক’ৰ থিয় কৰিব নোৱাৰিলে৷ দেওবাৰে প্ৰথমেই আউট হয় ঋষভ পণ্ট (২৮)৷ ছটা চাৰি আৰু এটা চাৰিৰে ৪২ ৰান কৰি যুঁজ দিয়াৰ প্ৰয়াস চলাইছিল নীতীশে৷ কিন্তু আনসকলৰ পৰা তেওঁ সহায় নাপালে৷ ৰবিচন্দ্ৰন অশ্বিন (৭), হৰ্ষিত ৰানা (০), মহম্মদ ছিৰাজ (৭), যশপ্ৰীত বুমৰা (অপঃ ২) এজনেও কঠিন সময়ত যোগ্য প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে৷ ১৭৫ ৰানত শেষ হৈ যায় ভাৰতৰ ইনিংছ৷ অষ্টে˜লিয়াৰ হৈ পেট কামিনছে পাঁচটা, স্কট ব’লাণ্ডে তিনিটা আৰু মিচেল ষ্টাৰ্কে দুটা উইকেট লাভ কৰে৷ ১৯ ৰানৰ লক্ষ্যৰে দ্বিতীয় ইনিংছ আৰম্ভ কৰা অষ্টে˜লিয়াই কেনো উইকেট নেহেৰুৱাকৈয়ে প্ৰয়োজনীয় ৰানখিনি সংগ্ৰহ কৰি লয়৷ উছমান খাৱাজা ৯ আৰু নাথান মেক্ছুইনী ১০ ৰানত অপৰাজিত থাকে৷