![image](https://aamarasom.com/uploads/posts/fdgdfggggg.jpg1733750088.jpg)
মেথি তিয়াই ৰখা পানী খালে বহু উপকাৰ পোৱা যায়
পাকঘৰৰ এবিধ অপৰিহাৰ্য খাদ্য সামগ্ৰী হ’ল মেথি গুটি৷ মছলা জাতীয় খাদ্য যদিও মেথি ঔষধি গুণসম্পন্ন৷ পাঁচফুৰণৰ পাঁচবিধ মছলাৰ ভিতৰত অন্যতম হ’ল মেথি৷ মেথি দাইলত দি, শাক হিচাপে বা ইয়াক তিয়াই ৰাখি তাৰ পানীখিনি খাব পাৰি৷ মেথি তিয়াই ৰখা পানীয়ে স্বাস্থ্যৰ বাবে মহৌষধৰ কাম কৰে৷ আমাৰ শৰীৰত বিভিন্নধৰণৰ হৰমন সঠিক মাত্ৰা বজাই ৰখাত সহায় কৰে মেথি তিয়াই ৰখা পানীয়ে৷ অৱশ্যে এই পানী মূলতঃ খালী পেটতহে খোৱা উচিত৷
- যাৰ ব্লাড ছুগাৰ আছে তেওঁ মেথি তিয়াই ৰখা পানী খালে উপকাৰ পাব৷ নিয়ন্ত্ৰণত থাকিব ব্লাড ছুগাৰৰ মাত্ৰা৷
- মেথি তিয়াই ৰখা পানীয়ে স্বাস্থ্যৰ খেয়াল ৰাখে৷ ছালৰ পৰা ক’লা দাগ দূৰ কৰি ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত বিশেষভাৱে সহায় কৰে এই ধৰণৰ পানীয়ে৷
- চুলিৰ বাবে মেথি খুবেই উপকাৰী৷ নতুন চুলি গজাৰ ক্ষেত্ৰতো মেথিয়ে বিশেষভাৱে সহায় কৰে৷ মেথিয়ে চুলি মজবুত কৰাৰ লগতে ক’লা, ঘন আৰু মসৃণ হোৱাত সহায় কৰে৷ তদুপৰি চুলি সৰাৰ পৰা সকাহ পাবলৈ মেথি ব্যৱহাৰ কৰিব পাৰে৷
- কলেষ্টেৰ’লৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিলে হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে থাকে৷ কলেষ্টেৰ’লৰ মাত্ৰা কমোৱাত সহায় কৰে মেথি তিয়াই ৰখা পানীয়ে৷
- মেথিয়ে ওজন হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰে৷ সেয়ে নিয়মীয়াকৈ মেথি তিয়াই ৰখা পানী খাব লাগে৷
- বদহজমৰ সমস্যা, এচিডিটি, গেছ এইবিলাক সমস্যাই দেখা দিলে মেথি তিয়াই ৰখা পানী খাওঁক, উপশম পাব৷ মেথিয়ে খাদ্য হজম হোৱাত বিশেষভাৱে সহায় কৰে৷