Logo
image

শীতকালত ঠাণ্ডা পানীৰে গা ধুবনে?

শীতকালত গা ধুবলৈ বহুতে গৰম পানী ব্যৱহাৰ কৰে৷ এনে লোকো আছে যি শীতকালত গা-ধোৱাৰ নামেই নলয়৷ আকৌ এনে বহু লোক আছে শীতকালেই হওক বা জহকালেই হওক গা ধুবলৈ ঠাণ্ডা পানীয়েই ব্যৱহাৰ কৰে৷ ইফালে আজিৰ প্ৰজন্মৰ মাজত বৰফযুক্ত পানীৰে মুখ ধোৱাৰো প্ৰৱণতা দেখা পোৱা যায়৷ প্ৰশ্ন হয়– আমি ঠাণ্ডা পানী নে গৰম পানীৰে গা-ধোৱা উচিত? আহকচোন এইক্ষেত্ৰত বিশেষজ্ঞসকলে কি কয় জানো–

১) চিকিৎসকে কৈছে শৰীৰ ভালে ৰাখিবলৈ নিতৌ ঠাণ্ডা পানী অৰ্থাৎ নৰ্মেল পানীৰে গাধোৱা উচিত৷ ঠাণ্ডা পানীৰে গা ধুলে বহু উপকাৰ পোৱা যায়৷

২) ‘প্লাছ ৱান’ নামৰ বিজ্ঞানভিত্তিক পত্ৰিকাৰ সমীক্ষাত প্ৰকাশ যে ঠাণ্ডা পানীৰে গা ধুলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ আনকি ঠাণ্ডা পানীৰে স্থান কৰিলে মানসিক চাপ কমে৷ অৱসাদজনিত অসুখে গা-কৰি উঠিব নোৱাৰে৷ শৰীৰৰ বিপাক প্ৰক্ৰিয়া উন্নত হয়৷ ঠাণ্ডা লগা, চৰ্দি-কাহৰ দৰে সাধাৰণ সংক্ৰামক ব্যাধিসমূহেও আসৈ নাপায়৷ 


৩) কোনো ধৰণৰ অসুখ-বিমুখ নাথাকিলে আৰু এলাৰ্জি নাথাকিলে ঠাণ্ডা পানীৰে স্নান কৰাই ভাল৷ কিন্তু ঠাণ্ডা পানী মানে একেবাৰে ঠাণ্ডা পানী নহয়, স্বাভাৱিক তাপমাত্ৰাৰ পানী ব্যৱহাৰৰ কথাহে কোৱা হৈছে৷

৪) বয়োজ্যেষ্ঠ লোকসকলে অধিক ঠাণ্ডা পানীৰে গা ধুলে হিতে বিপৰীতহে হ’ব পাৰে৷ গতিকে বয়স্কসকলক গৰম বা স্বাভাৱিক তাপমাত্ৰাৰ পানীয়ে গা ধুবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিছে৷

৫) হাৰ্টৰ ৰোগীসকলে বা স্ট্রোকত ভোগা ৰোগীয়ে শীতকালত গৰম পানীয়ে গা ধোৱাটো ভাল৷  শীতকালত ঠাণ্ডা পানীয়ে গা-ধুই হূদৰোগত আক্ৰান্ত হোৱাৰ উদাহৰণো আছে৷ বেছি ঠাণ্ডা পানী হঠাতে গাত ঢালিলে আকৌ শৰীৰৰ ৰক্ত চলাচলত বাধা হ’ব পাৰে৷

৬) হাঁপানিৰ সমস্যা থাকিলে আৰু ছালত এলাৰ্জি থাকিলে ঠাণ্ডাপানী পৰিত্যাগ কৰি গৰম পানীৰে গাধোৱাই ভাল৷ এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷