ভাৰতত টেষ্ট ক্ৰিকেটৰ গুৰুত্ব হ্ৰাস পাইছে নেকি
অষ্ট্ৰেলিয়াত চলি থকা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ প্ৰথম টেষ্টত অষ্ট্ৰেলিয়াক ২৯৫ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰাৰ পাছত যিসকল লোক ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল, সেইসকল লোক এডিলেইডৰ দ্বিতীয় টেষ্টত টীম ইণ্ডিয়াৰ শোচনীয় পৰাজয়ৰ পাছত এতিয়া দলটোৰ সমালোচনাত সৰৱ হৈ পৰিছে৷ দিবা-নৈশ দ্বিতীয় টেষ্টখনত ৰোহিত শৰ্মা বাহিনী বেটিং-বলিং দুয়োটা দিশতে আছিল চূড়ান্ত ব্যৰ্থ৷ পাৰ্থৰ প্ৰথম টেষ্টৰ প্ৰথম ইনিংছত ভাৰতীয় বেটাৰ ব্যৰ্থ হ’লেও দ্বিতীয় ইনিংছত যশস্বী জয়ছোৱাল, লোকেশ ৰাহুল আৰু বিৰাট কোহলিৰ দৰে বেটাৰৰ শক্তিশালী প্ৰদৰ্শনৰ লগতে যশপ্ৰীত বুমৰা নেতৃত্বাধীন পেচ আক্ৰমণৰ দৃঢ়তাই আছিল ভাৰতৰ জয়ৰ কাৰণ৷ কিন্তু দ্বিতীয় টেষ্টত দেখা গ’ল তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য৷ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ মাত্ৰ ১৮০ ৰানত প্ৰথম ইনিংছ সামৰাৰ পাছত দ্বিতীয় ইনিংছত ১৭৫ ৰানতে দলটো অলআউট হৈছিল৷ কেৱল বেটাৰৰ দুৰ্বলতাই নহয়, অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেড, মাৰ্নাছ লাবুচেন আৰু নাথান মেক্ছুইনীক বশ কৰাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছিল ভাৰতীয় বলাৰ৷ এখন টেষ্টত দুৰ্দান্ত প্ৰদৰ্শনৰ পাছত পৰৱৰ্তী টেষ্টত এনেদৰে ধৰাশায়ী হোৱাটো কোনো এটা শক্তিশালী দলৰ লক্ষণ নহয়৷ এইখিনিতে প্ৰশ্ন হয়, টেষ্ট ক্ৰিকেটত ভাৰত এতিয়া শক্তিশালী দল হিচাপে বিবেচিত নহয় নেকি৷ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যোৱাৰ পূৰ্বে স্বদেশত টীম ইণ্ডিয়া নিউজীলেণ্ডৰ হাতত হোৱাইট-বাশ্বৰ সন্মুখীন হৈছিল৷ ভাৰতত সাধাৰণতে স্পিনাৰৰ সহায়ক পিটচ প্ৰস্তুত কৰা হয় আৰু স্পিনাৰৰ বিৰুদ্ধে প্ৰদৰ্শন সদায়েই ভাল বুলি ভাৰতীয় বেটাৰৰ এক সুনাম আছে৷ কিন্তু তিনিখন টেষ্টৰ শৃংখলাটোত নিউজীলেণ্ডৰ স্পিনাৰৰ সন্মুখত অসহায় হৈ পৰিছিল ভাৰতীয় বেটাৰ৷ এতিয়া অহা যাওক পুনৰ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীলৈ৷ দ্বিতীয় টেষ্টত ভাৰতীয় দলৰ পৰাজয়ৰ বাবে ক্ৰিকেট বিশেষজ্ঞসকলে বেটাৰৰ ব্যৰ্থতাকে দোষাৰোপ কৰিছে৷ ভাৰতীয় বেটাৰৰ ক্ষেত্ৰত যুঁজাৰু মানসিকতাৰ অভাৱ স্পষ্ট হৈ পৰা বুলি তেওঁলোকে মন্তব্য কৰিছে৷ গুলপীয়া ৰঙৰ বলত সাধাৰণতে ৰঙা বলৰ তুলনাত যথেষ্ট বেছি ছুইং হোৱা দেখা যায়৷ তাৰ বাবে ভাৰতীয় বেটাৰ ভালদৰে সাজু হোৱা উচিত আছিল৷ এইদৰে গুলপীয়া ৰঙৰ বলেৰে খেলা দিবা-নৈশ টেষ্টত অষ্ট্ৰেলিয়াৰ আধিপত্য আকৌ এবাৰ প্ৰমাণ হ’ল৷ প্ৰথমখন দিবা-নৈশ টেষ্ট অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল ২০১৫ চনত৷ খেলখনত অষ্ট্ৰেলিয়া জয়ী হৈছিল তিনি উইকেটত৷ অষ্ট্ৰেলিয়াই এতিয়ালৈকে মুঠতে ১৩খন দিবা-নৈশ (গুলপীয়া ৰঙৰ বলেৰে) টেষ্ট খেলিছে আৰু ১২খনতে দলটো জয়ী হৈছে৷ভাৰতীয় দলটোৰ তিনিজন অভিজ্ঞ বেটাৰ ৰোহিত শৰ্মা, বিৰাট কোহলি আৰু লোকেশ ৰাহুল একেলগে দ্বিতীয় টেষ্টত ব্যৰ্থ হোৱাটো পৰৱৰ্তী তিনিখন টেষ্টৰ পূৰ্বে টীম ইণ্ডিয়াৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷ এটা কথা স্বীকাৰ কৰিব লাগিব যে অষ্ট্ৰেলিয়াৰ দৰে পিট্চত টেষ্ট খেলিবলৈ হ’লে টেষ্ট ক্ৰিকেটৰ বিশেষজ্ঞ বেটাৰ সাজু কৰিব লাগিব৷ এইবাৰৰ অষ্ট্ৰেলিয়া ভ্ৰমণত চেটেশ্বৰ পূজাৰাৰ দৰে বেটাৰ ভাৰতীয় দলত থকাৰ প্ৰয়োজন আছিল বুলি কেইবাজনো দেশী-বিদেশী প্ৰাক্তন ক্ৰিকেটাৰে মন্তব্য কৰিছে৷ বৰ্তমানৰ ভাৰতীয় দলটোলৈ চালে এটা কথা স্পষ্ট হৈ পৰে যে বেটাৰসকলৰ অধিক সময় ক্ৰীজত থকাৰ মানসিকতা নোহোৱা হৈছে৷ এডিলেইডৰ দ্বিতীয় টেষ্টলৈ চালে দেখা যায় যে দ্বিতীয় ইনিংছত ভাৰতৰ কোনো এজন বেটাৰেই ৫০টা বলো খেলা নাছিল৷ প্ৰথম ইনিংছত অৱশ্যে লোকেশ ৰাহুলে ৬৪টা (৩৭ ৰান), শুভমন গীলে ৫১টা (৩১ ৰান) আৰু নীতীশ কুমাৰ ৰেড্ডীয়ে ৫৪টা (৪২ ৰান) বল খেলিছিল৷ তাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত দেখা গৈছিল যে মাৰ্নাছ লাবুচেনে ৬৪ ৰানৰ বাবে ১২৬টা আৰু নাথান মেক্ছুইনীয়ে ৩৯ ৰানৰ বাবে খেলিছিল ১০৯টা বল৷ দ্বিতীয় টেষ্টত ভাৰতীয় দলৰ দুৰৱস্থাৰ বিশ্লেষণ কৰিলে দেখা আন এটা দুৰ্বলতা হৈছে বলাৰৰ সঠিক পৰিকল্পনাৰ অভাৱ৷ পিট্চৰ পৰা বলাৰে যি সুবিধা পাইছিল, তাক সঠিকভাৱে কামত খটুৱাব পৰা নাছিল আৰু অষ্ট্ৰেলিয়াৰ বেটাৰে (বিশেষকৈ ট্ৰেভিছ হেডে) তাৰ পূৰ্ণ সুযোগ লৈছিল৷ ভাৰতৰ বাবে এটা দু্ৰ্ভাগ্যজনক কথা হৈছে যে স্বদেশত স্পিনাৰৰ বিৰুদ্ধে ভাৰতৰ আগশাৰীৰ বেটাৰৰ ৰানৰ গড় হ্ৰাস পোৱাটো৷ ২০১৬ৰ পৰা ২০২০লৈ ভাৰতৰ সাতজন শীৰ্ষ বেটাৰৰ ৰানৰ গড় আছিল ৬৩.৩৬৷ কিন্তু ২০২১ চনৰ পাছত এই গড় হ্ৰাস পাইছে ৩৭.৫৬লৈ৷ ভাৰতীয় ক্ৰিকেটাৰ বছৰটোৰ অধিক সময় সীমিত অভাৰৰ ক্ৰিকেটত ব্যস্ত থকাৰ বাবে টেষ্ট ক্ৰিকেটত দলটোৰ প্ৰদৰ্শনত তাৰ প্ৰভাৱ পৰা বুলিও একাংশই মন্তব্য কৰে৷ এই কথা সম্পূৰ্ণ অমূলক বুলিও ক’ব নোৱাৰি৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ লগতে টীম মেনেজমেণ্টেও এই দিশটোত বিশেষ গুৰুত্ব দিয়া উচিত৷ ১৪ ডিচেম্বৰৰ পৰা ব্ৰীছবেনত আৰম্ভ হ’ব চলিত টেষ্ট শৃংখলাৰ তৃতীয় টেষ্ট৷ এডিইলেড টেষ্টৰ ব্যৰ্থতা পাহৰাই পুনৰ জয়ৰ পথলৈ উভতি আহিব পাৰিবনে টীম ইণ্ডিয়া? সময়েহে দিব পাৰিব ইয়াৰ উত্তৰ৷






