Logo
image

এগৰাকী যুৱতীক বিয়া কৰাবলৈকে সাতজন দৰা উপস্থিত

'আমাৰ অসম' ২৯ মাৰ্চঃ মধ্য প্ৰদেশৰ ৰাজধানী ভুপালত সংঘটিত হৈছে এটা আচৰিত ঘটনা৷ বিবাহৰ বাবে যুৱক-যুৱতীৰ সন্ধান দিয়া অৰ্থাৎ ঘটক হিচাপে কাম কৰা এটা সংস্থাই এজন বা দুজন নহয়, সাতজন যুৱকক বিয়াৰ বাবে যুৱতী ঠিক কৰি দিয়াৰ প্ৰলোভনেৰে বৃহৎ পৰিমাণৰ ধন লৈ প্ৰতাৰণা কৰে৷ এগৰাকী যুৱতীকে সাতজন যুৱকৰ বাবে ঠিক কৰি দিছিল এই ভুৱা সংস্থাটোৱে৷ ইয়াৰ বাবদ সংস্থাটোৱে লৈছিল বৃহৎ পৰিমাণৰ ধন৷ কিন্তু বিয়াৰ বাবে বিবাহ যাত্ৰীৰ সৈতে কইনাৰ ঘৰত একেদিনাই উপস্থিত হয়গৈ সাতজন দৰা৷ কিন্তু কইনা নিবলৈ আহি কইনাৰ ঘৰত উপস্থিত হোৱাৰ পাছতহে দৰাকেইজন মূৰ্চা যোৱাৰ দৰে হয়৷ কাৰণ কইনাৰ ঘৰৰ দুৱাৰত ওলমি আছিল তলা৷ ইজনৰ পিছত সিজনকৈ সাতজন দৰা আহি হ’বলগীয়া কইনাৰ ঘৰত উপস্থিত হোৱাত সকলো আচৰিত হয়৷ গতিকে উক্ত ভুৱা ঘটক সংস্থাটোৰ বিৰুদ্ধে দৰাকেইজনে অভিযোগ দিয়ে৷ অভিযোগৰ ভিত্তিত কোলাৰ আৰক্ষীয়ে সংস্থাটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ প্ৰতিজন দৰাৰ পৰা সংস্থাটোৱে ২০ হাজাৰকৈ টকা লৈছিল৷