মান্ধানাৰ শতক সত্ত্বেও ৮৩ ৰানত পৰাস্ত ভাৰত
পাৰ্থ, ১২ ডিচেম্বৰ : অ’পেনাৰ স্মৃতি মান্ধানাৰ শতকীয় ইনিংছ সত্ত্বেও অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ বিৰুদ্ধে তৃতীয় তথা অন্তিম এদিনীয়াতো ভাৰত ৮৩ ৰানত পৰাস্ত হৈছে৷ এইদৰে তিনিখন খেলৰ শৃংখলাটোত ক্লীন ছুইপৰ (৩-০) সন্মুখীন হৈছে ভাৰত৷ বুধবাৰৰ খেলখনত ভাৰতীয় মহিলা দলটোক জয়ৰ বাবে প্ৰয়োজন আছিল ২৯৯ ৰান৷ মান্ধানাই ১০৯টা বলত এটা ‘ছয়’, ১৪টা ‘চাৰি’ৰে ১০৫ ৰান সংগ্ৰহ কৰে যদিও তেওঁ আন বেটাৰৰ পৰা যোগ্য সহযোগিতা নাপালে৷ ৪৫.১ অভাৰত ভাৰতে ২১৫ ৰানত সকলো উইকেট হেৰুৱায়৷ মান্ধানাৰ উপৰি হাৰলিন দেউলে ৬৪টা বলত চাৰিটা ‘চাৰি’ৰে ৩৯ ৰান, দলনেত্ৰী হৰমনপ্ৰীত কৌৰে ১২ আৰু জেমিমা ৰড্ৰিগজে ১৬ ৰান সংগ্ৰহ কৰে৷ অষ্ট্ৰেলিয়াৰ এছলে গাৰ্ডনাৰে ৩০ ৰানত পাঁচটা উইকেট লাভ কৰাৰ বিপৰীতে মেগান স্কাটে ২৬ ৰানত দুটা, আলানা কিঙে ২৭ ৰানত দুটা আৰু আনাবেল ছাডাৰলেণ্ডে এটা উইকেট লাভ কৰে৷
প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ পোৱাৰ পাছত অষ্ট্ৰেলিয়াৰ মহিলা দলটোৱে ৫০ অভাৰত ছটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ২৯৮ ৰান৷ আনাবেল ছাডাৰলেণ্ডে ৯৫টা বলত চাৰিটা ‘ছয়’,৯ টা ‘চাৰি’ৰে ১১০, এছলে গাৰ্ডনাৰে ৬৪টা বলত পাঁচটা ‘চাৰি’ৰে ৫০ আৰু দলনেত্ৰী টালিয়া মেকগ্ৰাথে ৫০টা বলত পাঁচটা ‘চাৰি’ৰে ৫৬ ৰান সংগ্ৰহ কৰে৷ অপেনাৰ ফোব লিচফিল্ড আৰু জৰ্জিয়া ভলৰ বেটৰ পৰা আহে ক্ৰমে ২৫ আৰু ২৬ ৰান৷ ভাৰতৰ অৰুন্ধতি ৰেড্ডীয়ে ২৬ ৰানত চাৰিটা আৰু দীপ্তি শৰ্মাই এটা উইকেট লাভ কৰে৷ অষ্ট্ৰেলিয়াৰ আনাবেল ছাডাৰলেণ্ড ‘প্লেয়াৰ অৱ দ্য মেচ’ৰ লগতে ‘প্লেয়াৰ অৱ দ্য ছিৰিজ’ বিবেচিত হয়৷