Logo
image

দবাত বিশ্বজয় ভাৰতীয়ৰ, গুকেশৰ অভিলেখ

ছিংগাপুৰ চিটী, ১৩ ডিচেম্বৰ : বিশ্ব দবাৰ নতুন সম্ৰাট হিচাপে স্বীকৃত হ’ল ভাৰতৰ ডমাৰাজু গুকেশ৷ সৰ্বকনিষ্ঠ হিচাপে বিশ্ব চেম্পিয়ন হোৱাৰ কৃতিত্ব অৰ্জন কৰিলে চেন্নাইৰ ১৮ বছৰীয়া গ্ৰেণ্ডমাষ্টাৰজনে৷ ১৪টা গেমৰ প্ৰতিদ্বন্দ্বিতাৰ চূড়ান্ত গেমটোত  বিশ্ব চেম্পিয়ন চীনৰ ডি লিৰেনক পৰাস্ত কৰি বিশ্বজয় নিশ্চিত কৰে গুকেশে৷ দবাৰ বিশ্ব চেম্পিয়ন হোৱা গুকেশ হৈছে দ্বিতীয়জন ভাৰতীয়৷ ইয়াৰ পূৰ্বে এই তালিকাত নাম আছিল কেৱল বিশ্বনাথন আনন্দৰ৷ খিতাপৰ যুঁজত ১৩টা গেম সমাপ্ত হোৱালৈকে ডি লিৰেন আৰু গুকেশৰ পইণ্ট আছিল ৬.৫৷ অৰ্থাৎ বিশ্ব চেম্পিয়ন হোৱাৰ বাবে দুয়োজন দবাৰুক প্ৰয়োজন আছিল এক পইণ্টৰ৷ নিয়ম অনুযায়ী যিজনেই প্ৰথমে পইণ্ট ৭.৫লৈ বৃদ্ধি কৰিব পাৰে, তেওঁৰেই জয় হ’ব৷ বৃহস্পতিবাৰৰ অন্তিমটো গেমত গুকেশে প্ৰয়োজনীয় এক পইণ্টটো লাভ কৰাৰ পাছত টাইব্ৰেকাৰৰ প্ৰয়োজন নহ’ল৷ ৭.৫-৬.৫ ব্যৱধানত জয়ী হয় গুকেশ৷


১১ বছৰ বয়সতে ভাৰতৰ এই দবাৰুজনে কৈছিল যে তেওঁ সৰ্বকনিষ্ঠ বিশ্ব চেম্পিয়ন হ’ব বিচাৰে৷ সেই সময়ত তেওঁ গ্ৰেণ্ডমাষ্টাৰো হোৱা নাছিল৷ যি আত্মবিশ্বাসেৰে গুকেশে সেই কথা কৈছিল, তাক তেওঁ কৰি দেখুৱালে৷ ভাৰতৰ প্ৰথমজন গ্ৰেণ্ডমাষ্টাৰ আৰু প্ৰাক্তন বিশ্ব চেম্পিয়ন বিশ্বনাথন আনন্দৰ চহৰতে (চেন্নাই) জন্ম গুকেশৰ৷ তেওঁৰ পিতৃ হৈছে এজন চিকিৎসক, আৰু মাতৃ মাইক্ৰ’বায়োল’জিষ্ট৷ সাত বছৰ বয়সৰ পৰা তেওঁ দবা খেলিবলৈ আৰম্ভ কৰিছিল৷ এবছৰ পাছতে অনূধবৰ্ ৯ বছৰৰ এছিয়ান স্কুল চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰিছিল৷ অনূধবৰ্ ১২ বছৰ পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতাত পাঁচটাকৈ স্বৰ্ণপদক জয় কৰিছিল৷ ১২ বছৰ সাত মাহ আৰু ১৭দিন বয়সত গুকেশে পাইছিল গ্ৰেণ্ডমাষ্টাৰৰ স্বীকৃতি৷ তেওঁ হৈছে ভাৰতৰ সৰ্বকনিষ্ঠ আৰু বিশ্বৰ দ্বিতীয় সৰ্বকনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰ৷ বিশ্বৰ সৰ্বকনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰৰ ৰেকৰ্ড আছে ৰাছিয়াৰ ছাৰ্গে কাৰজাকিনৰ নামত৷ তেওঁ সেই স্বীকৃতি পাইছিল ১২ বছৰ, সাত মাহত৷ বিশ্বনাথন আনন্দক আদৰ্শ হিচাপে লৈ আগবঢ়া গুকেশ আনন্দৰ একাডেমীৰে ছাত্ৰ আছিল৷ ২০২২ চনৰ অলিম্পিয়াডৰ ছিংগলছত স্বৰ্ণপদক লাভ কৰিছিল গুকেশে৷ পৰৱৰ্তী বৰ্ষত সবাতোকৈ কম বয়সত ২৭৫০ ৰেটিং পইণ্ট লাভ কৰিছিল৷ সেই বছৰৰে ছেপ্টেম্বৰত আনন্দক চেৰ পেলাই ভাৰতীয় দবাৰ ৰেংকিঙৰ শীৰ্ষস্থানত উপনীত হৈছিল৷ এইবাৰ তেওঁ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে শৈশৱৰ পৰা মনত পুহি ৰখা সপোনটো বাস্তৱত পৰিণত কৰিলে৷ এই সাফল্যৰ বাবে গুকেশক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷