Logo
image

ঠিকাদাৰ সলনি কৰি উজনিৰ বাট মোকলোৱাৰ চেষ্টা

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ ডিচেম্বৰ : চৰকাৰে ঠিকাদাৰ সলনি কৰি উজনি অসমৰ পথ আৰু দলং নিৰ্মাণ সম্পূৰ্ণ কৰাৰ আঁচনি গ্ৰহণ কৰিছে৷ উল্লেখ্য, উজনি অসমত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই৷ সেয়ে পুনৰ ঠিকাদাৰ সলনি কৰা হৈছে৷ একেদৰে যোৰহাট-মাজুলী দল নিৰ্মাণৰ ঠিকাদাৰো সলনি কৰাৰ পৰিকল্পনা কৰা হৈছে৷ উত্তৰ প্ৰদেশ ৰাজ্যিক দলং নিগমে যোৰহাট-মাজুলী সংযোগী ব্ৰহ্মপুত্ৰ দলং নিৰ্মাণৰ ঠিকা লাভ কৰিছিল যদিও শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে এই ঠিকাৰ পৰা অব্যাহতি লৈছে৷ সেয়ে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত কয় যে ২০ ডিচেম্বৰৰ ভিতৰত দলংখনৰ নিৰ্মাণৰ বাবে পুনৰ নতুন আঁচনি তৈয়াৰ কৰা হ’ব আৰু ২০২৫ চনৰ ২০ জানুৱাৰীৰ ভিতৰত নতুনকৈ নিবিদা আহ্বান কৰা হ’ব৷ মাৰ্চৰ পাছত দলং নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰা হ’ব৷ ইতিমধ্যে, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, নগাঁও, শোণিতপুৰ জিলাত চাৰিলেনযুক্ত ঠিকাদাৰী প্ৰতিষ্ঠান সলনি কৰা হৈছে৷ নতুনকৈ ঠিকা লাভ কৰা প্ৰতিষ্ঠানসমূহে নতুন কাম কৰাৰ পৰিৱৰ্তে পূৰ্বে কৰা কামৰ মেৰামতিতহে হাত দিছে৷ সেইমৰ্মে বিভিন্ন স্থানত পূৰ্বে নিৰ্মাণ কৰা পথ আৰু দলংসমূহ ভাঙি পেলোৱা হৈছে৷ বিশেষকৈ গোলাঘাট জিলাত চাৰিলেনযুক্ত পথৰ ব্লেকটপিং এৰুৱাই নতুনকৈ নিৰ্মাণ কৰা হৈছে৷


শিৱসাগৰ জিলাতো বহুকেইখন দলং ভাঙি পেলোৱা হৈছে৷ এনেদৰে চৰকাৰী পুঁজিৰে ভঙা-গঢ়াৰ খেল খেলি থকা হৈছে৷ উল্লেখ্য, উজনি অসমত ১০ বছৰ ধৰি চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰি থকাত যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে৷ আনকি এই পথটো গুগল মেপৰ পৰাই অন্তৰ্ধান হৈছিল৷ অপৰিকল্পিতভাৱে আৰু লেহেমীয়া গতিৰে নিৰ্মাণ কাৰ্য চলাই থকাৰ ফলত পথটোৰে যান-বাহন চলাচলৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হোৱাই নহয়, সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ পথ নিৰ্মাণৰ সংকেত চিহ্নৰ অভাৱকে ধৰি বিভিন্ন বিসংগতিৰ বাবে যোৱা দহ বছৰত সংঘটিত পথ দুৰ্ঘটনাৰ ফলত অৰ্ধ শতাধিক লোক নিহত হোৱাৰ উপৰিও বহুলোক আহত হৈছে৷ সেয়ে পথ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ বিভিন্ন সংগঠনৰ লগতে জন প্ৰতিনিধিয়েও দাবী জনাই আহিছে৷ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে শীঘ্ৰে পথ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ একেদৰে যোৰহাট-মাজুলী দলং নিৰ্মাণ ছেপ্টেম্বৰ মাহৰ পৰা বন্ধ হৈ থকাত সাংসদজনে উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ সেইমৰ্মে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতীন গাডকাৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ যোৰহাট জিলাত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ উপৰিও তিনিখন উৰণীয়া সেঁতু নিৰ্মাণ কৰি থকা হৈছে৷ যোৰহাটৰ জে’ল ৰোডত নিৰ্মীয়মান উৰণীয়া সেঁতুৰ কাম ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰীজনে আশা প্ৰকাশ কৰে৷ ৰে’ল বিভাগে ড্ৰয়িঙৰ অনুমোদন জনোৱাত পলম হোৱাৰ বাবেহে এই সেঁতুখনৰ নিৰ্মাণত বিলম্ব হোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে৷ নগৰখনৰ এ টি ৰোডত বৰুৱা চাৰি আলিৰ পৰা ভোগদৈ দলংলৈকে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা উৰণীয়া সেঁতুখন ২০২৫ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলিও মুখ্যমন্ত্ৰীজনে আশা প্ৰকাশ কৰে৷ অহা বছৰৰ ফেব্ৰুৱাৰীৰ ভিতৰতে এই উৰণীয়া সেঁতুখনৰ আটাইকেইটা খুটা নিৰ্মাণ সম্পূৰ্ণ হ’ব৷ অৱশ্যে, যোৰহাট নগৰৰ মাজমজিয়াত এই উৰণীয়া সেঁতুখন নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় ব্যৱসায়ীকে ধৰি সৰ্বসাধাৰণে বিৰোধিতা কৰাৰ লগতে সাংসদ গৌৰৱ গগৈয়েও বিৰোধিতা কৰে৷ তৎসত্ত্বেও উৰণীয়া সেঁতুখনৰ নিৰ্মাণ কাৰ্য তৎপৰতাৰে আৰম্ভ কৰা হৈছে৷

ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ সকলো জিলাকে সংযোগ

বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনৰ সকলো জিলাকে ব্ৰহ্মপুত্ৰৰ দলঙেৰে সংযোগ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীজনে দাবী কৰে৷ উজনি অসমত তিনিচুকীয়া জিলাত ভূপেন হাজৰিকা সেঁতু, ড়িব্ৰুগড় ধেমাজি সংযোগী বগীবিল দলং, যোৰহাট-মাজুলী সংযোগী দলং, নগাঁও-শোণিতপুৰৰ মাজত দ্বিতীয়খন দলং আদিৰ উপৰিও গোলাঘাট জিলাত সুৰংগ পথ আদিৰ আঁচনিৰে সকলো জিলাকে ব্ৰহ্মপুত্ৰৰে সংযোগ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীজনে দাবী কৰে৷ তেনেদৰে ৰাজ্যৰ সকলো জিলাতে চিকিৎসা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীজনে দাবী কৰে৷ জেএমচিএইচৰ গৰাকীবিহীন ৰোগীৰ ক্ষেত্ৰত জেএমচি-ৰ স্থিতিৰ সপক্ষে মুখ্য মন্ত্ৰী অলপতে জেএমচিঅইচত চিকিৎসাধীন দুজন ৰোগীক যোৰহাট চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষই মৰিয়নি ৰে’ল জংচনত এৰি থৈ অহা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া সন্দৰ্ভত আজি সাংবাদিকে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰাত তেওঁ প্ৰকাৰন্তৰে চিকিৎসা মহাবিদ্যালয়ৰ কতৃৰ্পক্ষৰ সপক্ষে থিয় দিয়ে৷ মুখ্যমন্ত্ৰীজনে কয় যে চিকিৎসালয়ত চিকিৎসা কৰা ৰোগী আৰোগ্য হোৱাৰ পাছত হাস্পতালত বিছনাত শুৱাই ৰাখিব নোৱাৰে৷ তেনে কৰিলে আন ৰোগীক বঞ্চিত কৰা হ’ব৷ আনহাতে যিসকল ৰোগীৰ অভিভাৱক নাই তেনে ৰোগীক চিকিৎসাৰ অন্তত আৰোগ্য হোৱাৰ পাছত চিকিৎসালয় কতৃৰ্পক্ষই কি কৰিব সেই সম্পৰ্কে কোনো এছঅ’পিও নাই৷ সেয়ে য’ৰ পৰা অভিভাৱকহীন ৰোগীজনক অনা হৈছিল, ভাল হোৱাৰ পাছত তাত থৈ অহাৰ বাদে চিকিৎসালয় কতৃৰ্পক্ষৰ উপায় নাই৷ কাৰণ চিকিৎসালয়ত এনে অভিভাৱকহীন ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ সেয়ে এনে এক সমস্যা সমাধানৰ বাবে জিলা আয়ুক্ত আৰু ৰাইজ মিলি এক আশ্ৰয় গৃহৰ কথা চিন্তা কৰিব লাগিব বুলিহে মুখ্য মন্ত্ৰীজনে মন্তব্য কৰে৷ ইফালে যোৰহাট চিকিৎসা মহাবিদ্যালয়ে অলপতে আৰম্ভ কৰা সন্ধিয়া বিশেষ অ’পিডি সেৱাৰ বাবদ ৰোগীৰ পৰা ৪০০ টকাকৈ চিকিৎসালয় কতৃৰ্পক্ষই আদায় কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়া সন্দৰ্ভত মুখ্য মন্ত্ৰীজনে চিকিৎসালয়ৰ কতৃৰ্পক্ষৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে৷ মুখ্যমন্ত্ৰীজনে কয় যে গুৱাহাটীত এনে ব্যৱস্থা চলি আছে, কিন্তু কাৰো আপত্তি নাই৷ কিন্তু যোৰহাটত আপত্তি৷ মুখ্য মন্ত্ৰীজনে কয় যে নিৰ্দিষ্ট কৰ্তব্যৰ উপৰি ওপৰঞ্চি সময়ৰ বাবে চিকিৎসকজনক কাৰ্যত জড়িত কৰা হয়৷ আনহাতে যিসকল লোকে দিনত লাইন পাতি টিকট লৈ চিকিৎসা ল’ব নোৱাৰে কিন্তু নিশাৰ ভাগত সহজে আৰু উপযুক্ত চিকিৎসকজনৰ পৰা উপযুক্ত চিকিৎসা লাভ কৰিব পাৰে তাৰ বাবে অতিৰিক্ত ধন খৰচ কৰাত আপত্তি কিহৰ বুলিহে মুখ্যমন্ত্ৰীজনে কয়৷

যোৰহাটৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ ২২০ কোটি টকাৰ পেকেজ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ : অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীৰ অংশস্বৰূপে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটত তিনিখন আঁচনি আনুষ্ঠানিকভাৱে আৰম্ভ কৰে৷ মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ উত্তৰ পশ্চিম দিশৰ পহুমৰাত যোৰহাট নগৰৰ বাবে বিশুদ্ধ খোৱাপানী আঁচনিৰ বাবে ভূমিপূজনৰ লগতে শিলান্যাস স্থাপন কৰাৰ লগতে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই আৰু বান বিধবস্তৰ সাহায্য আঁচনি উদ্বোধন কৰে৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা ৫০ কোটি আৰু অসম চৰকাৰৰ ১৭০ কোটি টকাকে ধৰি মুঠ ২২০ কোটি টকাৰে নিৰ্মাণ কৰিব লগা পানী যোগন আঁচনিখনৰ মুখ্যমন্ত্ৰীয়ে ভূমিপূজন কৰাৰ লগতে শিলান্যাস স্থাপন কৰে৷ এই পানী যোগান আঁচনিয়ে যোৰহাট নগৰৰ ১৯টা ৱাৰ্ডৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়কো সামৰি ল’ব৷ ডেৰ বছৰৰ ভিতৰত এই আঁচনি কাৰ্যক্ষম হৈ উঠিব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে এই আঁচনি সম্পূৰ্ণ অট’মেটিক হ’ব৷ পানীৰ প্ৰেছাৰ কমিলেও বা ক’ৰবাত পাইপ ফুটিলেও কণ্ট্ৰোল ৰূমত সংকেত  পোৱা যাব৷ এই আঁচনি ৰূপায়ণ হ’লে যোৰহাটৰ লোকে বিশুদ্ধ পানী লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীজনে কয় যে এই আঁচনিৰ বাবে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে দীৰ্ঘদিন ধৰি হেঁচা দি আহিছিল আৰু যোৰহাটত অনুষ্ঠিত কেবিনেট বৈঠকত এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ মুখ্যমন্ত্ৰীয়ে আজি যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত এখন সভাত জিলাখনৰ মাইক্ৰ’ ফাইনান্সৰ ঋণ লোৱা ১২,৫০০ মহিলাক ঋণ মাফ কৰে৷ যিসকল মহিলাই ২৫ হাজাৰ পৰা ৫০,০০০ টকা ঋণ লৈ পৰিশোধ কৰাত ব্যৰ্থ হৈছে তেনে ১৫,০০০ মহিলাৰ বাবে এই ঋণ মাফ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি তাৰ ভিতৰৰ যোৰহাট জিলাৰ ১২,৫০০ মহিলালৈ এই সুবিধা আগবঢ়োৱা বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ আজি ঋণ ৰেহাই দিয়া মহিলাসকলক ‘ন ডিউ’ চাৰ্টিফিকেট ৰাজ্য চৰকাৰে প্ৰদান কৰিব যাতে তেওঁলোকে পুনৰ ঋণ গ্ৰহণ কৰিব পাৰে আৰু চৰকাৰী আন সুবিধাসমূহৰ পৰা লাভান্বিত হ’ব পাৰে৷ মুখ্যমন্ত্ৰীয়ে আজি ৰূপায়ণ কৰা আন এখন আঁচনি হ’ল বিগত বানপানীত ঘৰ-দুৱাৰ হেৰুওৱা লোকসকলক সাহায্য বিতৰণ৷ মুখ্যমন্ত্ৰীমন্ত্ৰীজনে আজি জিলাখনৰ বান বিধবস্ত লোকসকলৰ বাবে এই আঁচনি মুকলি কৰে৷ উল্লেখ্য, বানত ঘৰ-দুৱাৰ হেৰুওৱা লোকৰ বাবে ৰাজ্য চৰকাৰে ৩৫০ কোটি টকা ধাৰ্য কৰে৷ অনুষ্ঠানত আদৰণী ভাষণ দিয়ে ৰাজ্যৰ বিত্ত মন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে৷ অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, ভৱেন্দ্ৰনাথ ভৰালী, ৰূপজ্যোতি কুৰ্মী, যোৰহাটৰ জিলাৰ আযুক্ত জয় শিৱানী, প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি ৰাণা গোস্বামী, জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, জিলা অগপৰ সভাপতি সৌৰভপ্ৰাণ বৰা প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকে৷

যোৰহাট নগৰ পানী যোগান প্ৰকল্পৰ শিলান্যাস

যোৰহাট মহানগৰ বিশেষ সেৱা : যোৰহাট নগৰৰ বাসিন্দাক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ ৫০ কোটি টকা আৰু ৰাজ্য চৰকাৰৰ ১৭১.৯৯ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া যোৰহাট নগৰ পানী যোগান আঁচনিৰ আজি শিলান্যাস আৰু ভূমিপূজন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ এই উদ্দেশ্যে উত্তৰ পশ্চিম যোৰহাটৰ এলেংমৰা পহুমৰা গ্ৰেজিঙৰ প্ৰকল্পৰ পৰিশোধন কেন্দ্ৰস্থলীত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিয়লি ৰাইজক সাক্ষী কৰি এই বৃহৎ প্ৰকল্পৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে৷ মুখ্যমন্ত্ৰীজনে পোনে পোনে ভূমি পূজন কৰি শিলান্যাস কৰাৰ পাছতে নাৰিকল ভাঙি ফলক উদ্বোধন কৰে৷ ইয়াৰ পাছতে উপস্থিত ৰাইজৰ কাষলৈ গৈ বিভিন্নজনৰ সৈতে মত বিনিময় কৰে৷ বিশেষকৈ একাংশ মহিলাই মুখ্যমন্ত্ৰীজনক কাষতে পাই হাতত সাবটি ধৰি ছেলফি তোলাত ব্যস্ত হৈ পৰে৷ সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে কেন্দ্ৰীয় চৰকাৰৰ ৫০ কোটি আৰু ৰাজ্য চৰকাৰৰ ১৭১.৯৪ কোটি টকাৰে বৃহৎ প্ৰকল্পৰ যোগেদি যোৰহাট পৌৰসভাৰ ১৯টা ৱাৰ্ডৰ বাসিন্দাক পানী যোগান ধৰাৰ লগতে অসম কৃষি বিশ্ববিদ্যালয় চৌহদতো বিশুদ্ধ খোৱাপানী যোগান ধৰা হ’ব৷ সম্পূৰ্ণ অত্যাধুনিক কাৰিকৰী কৌশলেৰে পৰিচালিত হ’ব লগা এই প্ৰকল্পই যোৰহাটৰ বিশুদ্ধ খোৱাপানীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব বুলি উল্লেখ কৰে৷ প্ৰায় ডেৰ বছৰৰ ভিতৰত এই প্ৰকল্পৰ জৰিয়তে পানী যোগান ধৰিব পৰা যাব বুলি তেওঁ আশা ব্যক্ত কৰে৷ বিপৰীতে ২০১২ চনৰ পৰা নিৰ্মাণ চলি থকা নীৰ নিৰ্মল পৰিযোজনা নামৰ আঁচনিত বহু বিসংগতি থকাৰ কথা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে সেই বিসংগতিসমূহ দূৰ কৰাৰ প্ৰচেষ্টা চলি থকা বুলিও অৱগত কৰে৷ জগন্নাথ অগ্নিবৰাই আঁত ধৰা অনুষ্ঠানত জনস্বাস্থ্য কৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিত্তমন্ত্ৰী অজন্তা নেওগ, বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, ভৱেন্দ্ৰনাথ ভৰালী, ৰূপজ্যোতি কুৰ্মী, মিছন সঞ্চালক কৈলাস কাৰ্তিক, বিভাগীয় সচিব নৃপেন্দ্ৰ কুমাৰ শৰ্মা, মুখ্য অভিযন্তা গায়ত্ৰী ভট্টাচাৰ্য, অধীক্ষক অভিযন্তা জ্যোতি কৃষ্ণ মহন্ত, এছডিঅ’ দীপাংকৰ বৰুৱা প্ৰমুখ্যে বিভাগীয় বিষয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে৷ উল্লেখ্য, এই প্ৰকল্পৰ যোগেদি ৮ নং শৈলবান্ধৰ সমীপত ব্ৰহ্মপুত্ৰৰ পানী উত্তোলন কৰি ৭.৬ কিলোমিটাৰ পাইপেৰে পানী বোৱাই আনি এলেংমৰা পহুমৰা গ্ৰেজিঙত নিৰ্মাণ হোৱা পৰিশোধন কেন্দ্ৰত পানী শোধন কৰি বিশেষ প্ৰক্ৰিয়াৰে বৃহৎ পাইপ যোগে নগৰলৈ লৈ যোৱা হ’ব৷ পৌৰ এলেকাত মুঠ ৮ টা আৰু অসম কৃষি বিশ্ববিদ্যালয় চৌহদত এটা অভাৰহেডত পানী জমা কৰি ২৪ ঘণ্টাই যাতে পানী উপলব্ধ হয় তাৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰে ৭ টা  জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু এটা অমৰুটৰ দ্বাৰা পৰিচালিত হ’ব৷ এই আঁচনিৰ জৰিয়তে লক্ষাধিক লোক উপকৃত হ’ব৷