উক্তি-বক্ৰোক্তি
আগতে ৰজাই ভেশ সলাই প্ৰজাৰ কথা শুনিবলৈ গৈছিল৷ আজিৰ ৰজাই ভেশ ঠিকেই সলায়, কিন্তু জনতাৰ মাজলৈ যোৱাৰ আৰু আলোচনা শুনাৰ সাহস নাই৷ এই দেশ ভয় নহয়, সাহস আৰু সংঘৰ্ষৰে নিৰ্মিত৷
– সাংসদ প্ৰিয়ংকা গান্ধী
অসম গণ পৰিষদ এতিয়া আঞ্চলিক দল নহয়৷ অগপ ইতিমধ্যে বিজেপিৰ ওচৰত বিক্ৰী গৈছে৷ অতুল বৰাই আঞ্চলিকতাবাদী দলটো বিজেপিক লীজত দিছে৷
– শিৱসাগৰৰ বিধায়ক অখিল গগৈ
মই আইন-কানুন মানি চলা নাগৰিক৷ এই গোচৰৰ সকলো ক্ষেত্ৰতে মই সহযোগিতা আগবঢ়াম৷ যিগৰাকী মহিলা পদপিষ্ট হৈ মৃত্যুমুখত পৰিল, তেওঁৰ পৰিয়াললৈ মই আৰু এবাৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷
– অভিনেতা আল্লু অৰ্জুন
ৰাহুল গান্ধীয়েই নহয়, কংগ্ৰেছৰ কোনো কেতিয়াও হিন্দুৰ ৰক্ষাকৰ্তা নাছিল৷ তেওঁলোকে হিন্দুৰ ক্ষতিহে কৰি আহিছে আৰু কৰি থাকিব৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আগৰ প্ৰতিৰক্ষামন্ত্ৰীয়ে সদম্ভে কৈছিল, তেওঁলোকে সীমান্তৰ বাট-পথ নিৰ্মাণ নকৰে৷ সীমান্তলৈকে পথ নিৰ্মাণ কৰিলে সেই পথেৰে শত্ৰু আহি আমাৰ দেশত সোমাব৷ তেওঁলোকৰ এই মানসিকতা অতি হাস্যকৰ৷
– কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু
দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৭৫ শতাংশ নম্বৰ পোৱা ছাত্ৰ, ৬০ শতাংশ নম্বৰ পোৱা ছাত্ৰীয়ে পৰৱৰ্তী পৰ্যায়ত অসমতে পঢ়া-শুনা কৰিলে একোখনকৈ স্কুটী পাব৷
– শিক্ষামন্ত্ৰী ৰণোজ পেগু
ভি ডি ছাভাৰকাৰে কৈছিল, আমাৰ দেশৰ সংবিধানখন মনুস্মৃতিৰ পৰা সংগ্ৰহ কৰা৷ এতিয়া বিজেপিয়ে যিমানেই সংবিধানখনক দুৰ্বল কৰিবলৈ চেষ্টা কৰিব, সিমানেই তেওঁলোকে ছাভাৰকাৰক অসন্মান কৰা হ’ব৷
– লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী
শীঘ্ৰে বহু প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়কে বিজেপিৰ অপশাসনৰ বিৰোধ কৰি কংগ্ৰেছত যোগদান কৰিব৷
– প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
মই নিজেও উপলব্ধি কৰিছোঁ, প্ৰতিযোগিতাৰ সকলো মেচ উচ্ছ পৰ্যায়ৰ হোৱা নাছিল৷ কিন্তু এতিয়াৰ দবা প্ৰতিযোগিতাত প্ৰতিযোগীজন কিমান বুদ্ধিদ্বীপ্ত আৰু তেওঁৰ কিমান অধিক ইচ্ছাশক্তি থাকে, তাৰ ওপৰতে জয়-পৰাজয় নিৰ্ভৰ কৰে৷
– দবাৰ নতুন বিশ্ব চেম্পিয়ন গুকেশ ডম্মাৰাজু
গান্ধী পৰিয়ালৰ প্ৰত্যেকৰে মান সমান৷ আগতে তেওঁলোকৰ মাকেও একে পৰ্যায়ৰে ভাষণ দিছিল৷ তেওঁলোকৰ ভাষণৰ মান জোখাৰ দণ্ড হৈছে– ‘মই মাতৃতকৈ ভাল ভাষণ দিছোঁ৷’ ভাষণৰ শেষত ইজনে-সিজনৰ প্ৰশংসা কৰাটো গান্ধী পৰিয়ালৰ অভ্যাস৷
– বিজেপি সাংসদ কংগনা ৰাণাৱট