অসমত দুখন টোলগেটৰ ব্যৱধান হওক ১০০ কিঃমিঃ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ডিচেম্বৰঃ অসমত বৰ্তমান নিৰ্বাচনৰ বতৰ চলি আছে৷ সেয়ে এইবাৰ টোল গেটক লৈ সক্ৰিয় হৈ পৰিছে বিজেপি সাংসদ দিলীপ শইকীয়া৷ দেশৰ টোল গেট সমূহে ৰাইজৰ পৰা সংগ্ৰহ কৰা অধিক মাছুল হ্ৰাস কৰাৰ লগতে দুখন টোল গেটৰ মাজত অতি কমেও ১০০ কিলোমিটাৰ দূৰত্ব ৰাখিবলৈ নিজৰ দলৰে চৰকাৰক দাবী জনাইছে গেৰুৱা দলটোৰ সাংসদ দিলীপ শইকীয়াই৷ টোল গেটক কেন্দ্ৰ কৰি ৰাজ্যবাসীৰ মাজত সৃষ্টি হোৱা ক্ষোভ আৰু অসন্তুষ্টি মৰিষণ কৰাৰ লক্ষ্যৰে লোকসভাৰ মজিয়াত এই দাবী জনায় সাংসদ শইকীয়াই৷
দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ শইকীয়াই কয়–দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান ৯৮৩খন টোল গেট চলি আছে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ শীৰ্ষত আছে৷ বৰ্তমান এই টোল গোটসমূহত বাহন চালকসকলে বুজন পৰিমাণৰ টোল মাচুল আদায় দিবলগীয়া হৈ আছে৷ যাৰ ফলত দেশৰ সৰ্বসাধাৰণ নাগৰিকৰ ওপৰত আৰ্থিক বোজা বৃদ্ধি পাবলৈ ধৰিছে৷ টোল মাছুল প্ৰতিবছৰে সংশোধন হৈ আছে৷ ইয়াৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ ব্যয়ও বৃদ্ধি পাবলৈ ধৰিছে৷ ফলত সৰ্বসাধাৰণ নাগৰিকৰ ওপৰত অতিৰিক্ত বোজা পৰি আছে৷ বৰ্তমান দেশত মুঠ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য প্ৰায় ১,৪৬,০০০ কিলোমিটাৰ৷ এইটো বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ঘাইপথ নেটৱৰ্ক৷ ২০১৮-১৯ বৰ্ষত প্ৰায় ২৫ হাজাৰ কোটি টকা টোল মাছুল সংগ্ৰহ হয়৷ ২০২২-২৩ বৰ্ষত এই পৰিমাণ বৃদ্ধি হৈ ৫৪ হাজাৰ কোটি টকা হয়৷ ২০২৪-২৫ বৰ্ষত এই পৰিমাণ ৭০ হাজাৰ কোটি টকাৰ ঘৰ স্পৰ্শ কৰাৰ সম্ভাৱনা আছে৷ কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি দুইখন টোল গেটৰ মাজত অতি কমেও ৬০ কিলোমিটাৰ দূৰত্ব থাকিব লাগে৷ কিন্তু অসমত গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথত মাত্ৰ ৫০ কিলোমিটাৰৰ মাজত ২খন টোল গেট চলি আছে৷ কেন্দ্ৰীয় চৰকাৰে দেশৰ নাগৰিকৰ ওপৰত টোল মাছুলৰ হেচা হ্ৰাস কৰিব লাগে৷ ২ খন টোল গেটৰ মাজৰ দূৰত্ব অতি কমেও ১০০ কিলোমিটাৰ কৰিবলৈ শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে৷ টোল গেট বৃদ্ধিৰ পৰিমাণ হ্ৰাস কৰিব লাগে৷






