Logo
image

বেংকে ফটা নোট গ্ৰহণ কৰাটো বাধ্যতামূলক

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নিৰ্দেশ

'আমাৰ অসম' ৩০ মাৰ্চঃ ফটা-ছিটা নোট বহু বেংকে গ্ৰহণ কৰিব নোখোজে৷ ফলত সাধাৰণ নাগৰিক সমস্যাত পৰে৷ পিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এই ক্ষেত্ৰত নতুনকৈ এক নিৰ্দেশনা জাৰি কৰিছে৷ এতিয়াৰে পৰা ফটা-ছিটা নোট যিকোনো বেংকতে সলাই ল’ব পাৰিব৷ আনকি লোকজন যদি সংশ্লিষ্ট বেংকটোৰ গ্ৰাহকো নহয় তথাপিও ফটা নোটৰ সলনি বেংকটোৱে সমপৰিমাণৰ ধন ওভোটাই দিব লাগিব৷ অৱশ্যে টাপলি মৰা বা পোৰা নোট সলনি কৰিব পৰা নাযাব৷ ইয়াৰ বাবে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ স্থানীয় কাৰ্যালয়লৈ যাব লাগিব৷ তাত নিৰ্দিষ্ট বিষয়াৰ অনুমোদনৰ পাছতহে এনে নোটৰ সাল-সলনি সম্ভৱ হ’ব৷