Logo
image

কিম্বদন্তী সংগীতজ্ঞ, তবলাবাদক জাকিৰ হুছেইনৰ মৃত্যু

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৬ ডিচেম্বৰ : তবলাক কঠিন কাঠৰ এবিধ বাদ্যযন্ত্ৰ বুলি ভবা সংগীতৰ সা-ৰে-গা-মা নজনা ব্যক্তিকো অসামান্য বাদনশৈলীৰে মুগ্ধ কৰা তবলাৰ ওস্তাদ জাকিৰ হুছেইন আৰু নাই৷ হাতৰ আঙুলিৰ সমানে শিৰ সঞ্চালনত অবিন্যস্ত চুলিৰ আগৰ পৰা উফৰি অহা  ধীৰ গতিৰ জলকণিকা আৰু  দ্ৰুতগতিৰ ভিডিঅ’ৰ লগতে ততোধিক দ্ৰুতলয়ৰ তবলা বাদনৰে টেলিভিশ্বনৰ এটা বিজ্ঞাপনত ‘বাঃ তাজ’ বুলি কৈ পলকতে আপোন কৰি লৈছিল দেশৰ সংগীত জনা অথবা নজনা অনুৰাগীক৷ বিগত ছটা দশক ধৰি দেশ আৰু বিদেশৰ সংগীতনুৰাগীক কেৱল তবলা বাদনেৰে মন্ত্ৰমুগ্ধ কৰি ৰখা ওস্তাদ জাকিৰ হুছেইনে দেওবাৰে আমেৰিকাৰ ছানফ্ৰান্সিকোৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৩ বছৰ৷ মাথোঁ ইয়াৰ কেইঘণ্টামান পূৰ্বে তেওঁৰ সংগীবাহীবাদক ৰাকেশ চৌৰাছিয়াই জনাইছিল ওস্তাদ জাকিৰ হুছেইনৰ অসুস্থতাৰ কথা ৷


গুৰুতৰভাৱে হূদৰোগত আক্ৰান্ত হোৱাৰ বাবে আমেৰিকাপ্ৰৱাসী বিশ্বখ্যাত তবলাবাদকজনক হাস্পতালৰ আইচিইউত ভৰ্তি কৰিবলগীয়া হৈছিল৷ তেওঁৰ এই অসুস্থতাৰ কথা প্ৰকাশ কৰিছিল পৰিয়াল আৰু মেনেজাৰ নিৰ্মলা বাচানিয়েও৷ আনকি জাকিৰ হুছেইনৰ শাৰীৰিক অৱস্থা ইমানেই গুৰুতৰ হৈ পৰিছিল যে, পৰিয়ালৰ লোকে তেওঁৰ আৰোগ্যৰ বাবে অনুৰাগীক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছিল৷ মেনেজাৰ নিৰ্মলা আৰু পৰিয়ালৰ সদস্যই জনাইছিল  যে গুৰুতৰভাৱে অসুস্থ ওস্তাদ জাকিৰ হুছেইনক আমেৰিকাৰ ছানফ্ৰান্সিছকোৰ এখন হাস্পতালত জৰুৰীভাৱে ভৰ্তি কৰিবলগীয়া হৈছে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত জনাইছিল– ‘তবলাবাদক, সংগীতজ্ঞ, প্ৰাক্তন অভিনেতা তথা ওস্তাদ আল্লা ৰাখাৰ পুত্ৰ ওস্তাদ জাকিৰ হুছেইন অসুস্থ৷ গুৰুতৰ অৱস্থাত তেওঁক ছানফ্ৰান্সিছকোৰ এখন হাস্পতালত ভৰ্তি কৰা হৈছে৷ সকলো অনুৰাগীকে তেওঁৰ এই সংকটৰ সময়ত আৰোগ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাবে আমি অনুৰোধ কৰিছো৷’ পিছে পৰিয়ালৰ এই ইচ্ছা আৰু অনুৰাগীৰ প্ৰাৰ্থনা উপেক্ষা কৰি চিৰদিনৰ বাবে অযুত সমৰ্থক আৰু অনুৰাগীক এৰি চিৰ বিদায় ল’লে জাকিৰ হুছেইনে৷ পাঁচটাকৈ সংগীতৰ গ্ৰেমী বঁটা লাভ কৰা জাকিৰ হুছেইনৰ দৰে তবলাত সংগীতৰ মূৰ্চনাৰ সৃষ্টি কৰিব পৰা সংগীতজ্ঞৰ এই চিৰ বিদায়ত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ আৰু বিশেষভাৱে বলীউড৷ মাথোঁ চলিত বছৰৰ আগভাগতে ওস্তাদ জাকিৰ হুছেইনে লাভ কৰিছিল ৬৬সংখ্যক গ্ৰেমীৰ দুটাকৈ বঁটা৷ ছটা দশক ধৰি বিস্তৃত তেওঁৰ সংগীতৰ কেৰিয়াৰত জাকিৰ হুছেইনে বহু বিশ্বখ্যাত সংগীতজ্ঞৰ সৈতে যুটি বান্ধি বিশ্বৰ অনুৰাগীক সংগীতৰ মায়াজালেৰে বান্ধি ৰাখিছিল৷ ১৯৭৩ চনতে তেওঁ যুটি বান্ধিছিল ব্ৰিটিছ গীটাৰিষ্ট জন মেকল’গিন, ভায়োলিন বাদক এল শংকৰ আৰু টি এইছ বিনয়াক্ৰমৰ সৈতে৷ ওস্তাদ জাকিৰ হুছেইনৰ তবলাৰ সৈতে ভাৰতীয় সংগীতৰ বিভিন্ন বাদ্যযন্ত্ৰ সংগত কৰিছিল দেশৰ আন আন কিম্বদন্তী পণ্ডিত ৰবিশংকৰ, ওস্তাদ আমজাদ আলী খান আৰু বিদেশৰ জৰ্জ হেৰিছনৰ দৰে সংগীতজ্ঞই৷ এই চাৰি সংগীতজ্ঞৰ সংগীতৰ ছিম্ফনীয়ে সমগ্ৰ বিশ্বৰ সংগীত অনুৰাগীক মোহাচ্ছন্ন কৰি তুলিছিল৷ দেশে-বিদেশে অসামান্য জনপ্ৰিয়তা অৰ্জন কৰা জাকিৰ হুছেইনক ভাৰত চৰকাৰে ১৯৮৮ চনত পদ্মভূষণ আৰু ২০২৩ চনত দেশৰ দ্বিতীয় সৰ্বোচ্ছ অসামৰিক সন্মান পদ্মবিভূষণৰে সন্মানিত কৰিছিল৷ জাকিৰ হুছেইনৰ জন্ম হৈছিল ১৯৫১ চনত দেশৰ সাংস্কৃতিক ৰাজধানী মুম্বাইত৷ তেওঁৰ পিতৃ আছিল প্ৰবাদপ্ৰতিম তবলাবাদক আল্লা ৰাখা৷ ওস্তাদ জাকিৰ হুছেইন আছিল আল্লা ৰাখাৰ জ্যেষ্ঠ পুত্ৰ৷ পিতৃৰ সংগীতৰ ধাৰা তেওঁ তিনি বছৰ বয়সতে আয়ত্ত কৰিছিল আৰু কৈশোৰ-যৌৱনত সেই তবলাবাদন অধিক মোহনীয় আৰু আকৰ্ষণীয় কৰি দেশ-বিদেশৰ অনুৰাগীৰ মাজলৈ আগবঢ়াই লৈ গৈছিল৷ পশ্চিমীয়া সংগীতৰ সৈতে তেওঁৰ অনন্য তবলাবাদন শৈলীৰ ‘ফিউজন’ৰ সৃষ্টি কৰি এই ভাৰতীয় সংগীত বাদ্যক বিশ্বৰ ওচৰত পৰিচিত কৰি তুলিছিল৷