Logo
image

অসম-ভূটান বাণিজ্য পথ বৃদ্ধি কৰাৰ প্ৰস্তাৱ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ ডিচেম্বৰ : ৰয়েল ভূটান চৰকাৰৰ আমন্ত্ৰণমৰ্মে চাৰিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে সম্প্ৰতি ভূটান ভ্ৰমণৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূৰ্ণ সম্পৰ্কক অধিক সুদৃঢ়কৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়৷ ভূটান আৰু ইয়াৰ নাগৰিকসকলৰ উন্নয়ন তথা আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ পৰিপ্ৰেক্ষিতত ভাৰত-ভূটানৰ সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত এই আলোচনাত বিশেষভাৱে আলোকপাত কৰা হয়৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ভূটানৰ প্ৰধানমন্ত্ৰীৰ সৈতেও দুয়োখন ভূখণ্ডৰ পাৰস্পৰিক বিষয়সমূহৰ লগতে ভূটানৰ সৈতে বাণিজ্যিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়েও সৌহাৰ্দ্যপূৰ্ণ অলোচনা কৰে৷ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে ভূটান আৰু অসমৰ মাজত পূৰ্বৰে পৰা ৭ টা বাণিজ্যিক পথেৰে দুয়োখন ভূখণ্ডৰ মাজত যাতায়াত ব্যৱস্থা অব্যাহত আছে৷ আলোচনাকালত অসম-ভূটান সীমান্তত বাণিজ্যিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে ভূটানৰ ব্যৱসায়ীসকলৰ চাহিদা অনুসৰি দুয়োখন ভূখণ্ডৰ মাজত ব্যৱসায়-বাণিজ্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত বাণিজ্য পথৰ ব্যৱস্থাৰ বাবে প্ৰস্তাৱ দিয়াৰ লগতে এইক্ষেত্ৰত অসম চৰকাৰে ভূটানক পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী শৰ্মাই আশ্বাস প্ৰদান কৰে৷


তদুপৰি, অসম মালা প্ৰকল্পৰ অধীনত কোক্‌ৰাঝাৰ আৰু গেলেফুৰ মাজত পথ সংযোগ ব্যৱস্থা অধিক শক্তিশালীকৰণৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে সদৰি কৰে৷ ভূটানৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই আলোচনাৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড॰ কে কে দ্বিবেদীৰ উপৰি ৰাজ্য চৰকাৰৰ প্ৰতিনিধিবৰ্গ উপস্থিত থাকে৷ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ আজি ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদ্‌যাপন সমাৰোহত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে অংশগ্ৰহণ কৰে৷ থিম্ফুৰ চাংলিমেথাং খেলপথাৰৰ এক বৰ্ণাঢ্য তথা প্ৰাণৱন্ত পৰিৱেশত আয়োজন কৰা এই ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এক অনন্য অনুভূতি লাভ কৰা বুলি মন্তব্য কৰে৷ ড॰ শৰ্মাই কয় যে ভূটানৰ এই ৰাষ্ট্ৰীয় দিৱসৰ সুন্দৰ আৰু মনোমুগ্ধ পৰিৱেশত উপস্থিত থাকিব পৰাটো তেওঁৰ বাবে অত্যন্ত সৌভাগ্য আৰু গৌৰৱৰ কথা৷ ৰাষ্ট্ৰীয় দিৱস উদ্‌যাপন সমাৰোহত অংশগ্ৰহণ কৰাৰ প্ৰাক্‌ মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাক ৰয়েল ভূটান চৰকাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে৷ উল্লেখ্য, ১৯০৭চনত ভূটানৰ প্ৰথম ৰজা উগ্যেন ৱাংচুকৰ ৰাজ অভিষেকৰ স্মৃতিত এই ৰাষ্ট্ৰীয় দিৱস উদ্‌যাপন কৰা হয়৷ এই ঐতিহাসিক পৰিঘটনাই ভূটানত ৱাংচুক বংশৰ আৰম্ভণি ঘটাইছিল আৰু আজিপৰ্যন্ত এই বংশটোৱে ভূটানৰ শাসনভাৰ চলাই আহিছে৷ ভূটানৰ ৰাষ্ট্ৰীয় দিৱস উদ্‌যাপনৰ জৰিয়তে দেশখনৰ চহকী ঐতিহ্য আৰু সাংস্কৃতিক পৰম্পৰা প্ৰতিফলিত হৈ আহিছে৷ ভূটানৰ পূৰ্ব পুৰুষসকলৰ মহান ত্যাগক স্মৰণ কৰাৰ লগতে দেশখনৰ শান্তি-সমৃদ্ধি, সুখ আৰু আনন্দৰ প্ৰতি দেশৰ নাগৰিকসকলৰ দায়ৱদ্ধতাক সুদৃঢ় কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে৷ ৰাষ্ট্ৰীয় দিৱস উদ্‌যাপন কাৰ্যসূচীত অংশগ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰীয়ে সহধৰ্মিণীৰ সৈতে ভূটানৰ প্ৰধানমন্ত্ৰী ছেৰিং টগবেৰ বাসভৱনত আয়োজন কৰা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীয়ে সহধৰ্মিণীৰ সৈতে  থিম্ফুৰ কুয়েনৰাই প্ৰেক্ষাগৃহত উপস্থিত হৈ ভগৱান গৌতম বুদ্ধৰ প্ৰতিমূৰ্তিৰ সন্মুখতো বন্তি প্ৰজ্বলন কৰি সশ্ৰদ্ধ প্ৰণিপাত জনায়৷