গুৱাহাটীৰ অনুষ্ঠানৰ পূৰ্বে দিলজিতৰ বিৰুদ্ধে মাদক প্ৰচাৰৰ অভিযোগ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ ডিচেম্বৰ : দিলজিত দোছাঞ্জৰ সংগীতানুষ্ঠান মানেই দৰ্শকৰ টিকটৰ বাবে হাহাকাৰ, মাৰপিট আৰু টিকটৰ এখন সমান্তৰাল ক’লাবজাৰ৷ তাৰ বাবে দিলজিতৰ দোষ নাই, দোষ তেওঁৰ অনুৰাগীৰ মাজত থকা অসামান্য জনপ্ৰিয়তা৷ কিন্তু টিকট নোপোৱা অনুৰাগীৰ বাবে সদায় বলিৰ পঠা হয় পাঞ্জাবী গায়ক দিলজিত, আন ঠাইত নহ’লেও ছ’চিয়েল মিডিয়াত৷ বাৰে বাৰে তেওঁৰ অনুৰাগীক দিলজিতে কয়, তেওঁৰ অনুষ্ঠানৰ টিকট ‘ব্লেক’ হোৱাৰ বাবে তেওঁ কোনোপধ্যে জগৰীয়া নহয়৷ প্ৰকৃততে দিনে দিনে অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা জনপ্ৰিয়তাৰ বাবেই দিলজিত দোছাঞ্জক লৈ এই দুৰন্ত আকৰ্ষণ, যাৰ অনুষ্ঠানত ‘দিল খুলি’ নৃত্য কৰে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱেও৷ এক দুৰ্দান্ত সফল ৱল্ডৰ্ ট্যুৰ কৰি দেশলৈ উভতি অহা দিলজিত এতিয়া দেশব্যপি চলি থকা আৰু চলিবলগীয়া ‘দিল লুমিনাটি’ ট্যুৰত ব্যস্ত৷ বিভিন্ন ৰাজ্যৰ চহৰে চহৰে সংগীত পৰিৱেশন কৰি থকা দিলজিত অহা ২৯ ডিচেম্বৰত আহিব গুৱাহাটীলৈ৷ পিছে তাৰ পূৰ্বেই মাদক দ্ৰব্য প্ৰচাৰ কৰাৰ অভিযোগত অভিযুক্ত হৈছে পঞ্জাৱী গায়ক৷
সেই অভিযোগতে সম্প্ৰতি নিজৰ সংগীতানুষ্ঠানত গুজৰাট আৰু তেলেংগানাত বিপদত পৰিল দিলজিত৷ পাঞ্জাবী ৰকষ্টাৰ দিলজিতৰ ‘পাঁচ তাৰা’ আৰু ‘লেমোনেড’ শীৰ্ষক গান দুটাক লৈয়েই আৰম্ভ হৈছে বিতৰ্ক আৰু বিপদত পৰিছে গায়ক৷ এই দুটা গানত সুৰা আৰু সুৰাৰ ঘাটিৰ কথা উল্লেখ আছে৷ সেয়ে সুৰা নিষিদ্ধ ৰাজ্য গুজৰাট আৰু তেলেংগানাত দিলজিতে সেই দুই গীতৰ কথাংশ সলনি কৰি গীত পৰিৱেশন কৰিবলগীয়া হৈছে৷ হায়দৰাবাদৰ সংগীতানুষ্ঠানৰ পূৰ্বে তেলেংগানা চৰকাৰে আইনী জাননী জাৰি কৰি দিলজিতক উক্ত দুয়োটা গীতৰ কথাংশ সলনি কৰিবলৈ নিৰ্দেশ দিয়ে আৰু অন্যথা অনুষ্ঠান বন্ধ কৰি দিয়াৰ ভাবুকি দিয়ে৷ তেওঁ সংগীতৰ জৰিয়তে মাদক দ্ৰব্যৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ অভিযোগ উত্থাপন কৰে চৰকাৰে৷ ফলত দিলজিতে দুয়োটা গীতৰে কথাংশ সলনি কৰি গীত দুটা পৰিৱেশন কৰে৷ অৱশ্যে পাছত তেওঁ এই কথাত ক্ষোভো প্ৰকাশ কৰে৷ দিলজিতে কয়, বিদেশী গায়কে তেনে গীত গালে সাত খুন মাফ, কিন্তু দেশৰ গায়কৰ ক্ষেত্ৰত নিষেধাজ্ঞা৷ তেওঁ নিজে সুৰাপান নকৰে বুলি জনোৱাৰ লগতে তেওঁৰ গানত সুৰাৰ প্ৰচাৰ থকাৰ কথাও অস্বীকাৰ কৰে৷